নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত খালী পদৰ সংখ্যা ৩৬ হাজাৰ

সংস্থাপনত ব্যর্থ বুলি নিবনুৱা সংস্থাৰ চৰকাৰক সমালোচনা

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ নির্বাচনী প্রতিশ্রুতি অনুসৰি ৰাজ্যৰ নিবনুৱাক কর্মসংস্থাপন প্রদানত চৰকাৰৰ ব্যর্থতাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম নিবনুৱা সন্থাই ৷ কেন্দ্রীয় সমিতিৰ ভাৰপ্রাপ্ত সভাপতি ধর্মেন্দ্র দেউৰী আৰু সাধাৰণ সম্পাদক জীৱন ৰাজখোৱাই মঙলবাৰে দিছপুৰ প্রেছ ক্লাবত এখন সংবাদ মেলত কয় যে বিজেপিয়ে নির্বাচনৰ সময়ত নির্বাচনী সভা–সমিতিকে আদি কৰি ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যে ক্ষমতালৈ আহিলে প্রতি বছৰে ২ লাখ নিবনুৱাক কর্মসংস্থাপন দিব ৷ বিজেপি দলৰ এনে ৰাজহুৱা ঘোষণাৰ প্রতি অসমবাসী ৰাইজ আশ্বস্ত হৈ নিবনুৱাক কর্মসংস্থাপনৰ বিষয়টি গুৰুত্ব সহকাৰে গ্রহণ কৰি বিজেপি দলক ক্ষমতাত অধিষ্ঠিত কৰালে ৷ কিন্তু ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছত নিবনুৱাক কর্মসংস্থাপন দিয়াৰ ক্ষেত্রত চৰকাৰখন সম্পূর্ণৰূপে বিফল হৈছে ৷ আনহাতে, নিবনুৱা সন্থাৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক জীৱন ৰাজখোৱাই তথ্য জনাৰ অধিকাৰ আইনৰ ভিত্তিত আবেদনৰ জৰিয়তে ৰাজ্য চৰকাৰৰ অধীনৰ বিভিন্ন বিভাগত কিমান পদ খালী আছে আৰু কিমান পদত স্থায়ী আৰু অস্থায়ী নিযুক্তি দিলে তাৰ তথ্য বিচৰা হৈছিল ৷ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগে যোগান ধৰা তথ্য অনুসৰি খালী পদৰ মুঠ সংখ্যা ৩৬,৯৬৮টা, নিযুক্তি সংখ্যা ১৫,০৭৬টা আৰু অস্থায়ী নিযুক্তি ২৬৯টা ৷ আনহাতে, অসম আৰক্ষী, শিক্ষা আৰু স্বাস্থ্য বিভাগকে আদি কৰি বিভিন্ন বিভাগৰ সম্পূর্ণৰূপে নিযুক্তি আৰু খালী পদৰ সংখ্যা সন্থাই লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ এনে বৃহৎ সংখ্যাৰ খালী পদ থকাৰ পিছতো চৰকাৰখনে নিযুক্তি দিব নোৱাৰাটো তাৎপর্যপূর্ণ বিষয় হৈ পৰাৰ লগতে নিবনুৱাৰ জীৱনক লৈ ৰাজনৈতিকভাৱে হেতালি খেলাহে দৃষ্টিগোচৰ হৈছে বুলি তেওঁ উল্লেখ কৰে ৷ ইয়াৰ বিৰুদ্ধে জনমত গঠন কৰাৰ উদ্দেশ্যে ডিচেম্বৰৰ শেষ সপ্তাহত গুৱাহাটী মহানগৰত এখনি নাগৰিক সভা অনুষ্ঠিত কৰাৰ সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্রীয় সমিতিয়ে সিদ্ধান্ত গ্রহণ কৰিছে ৷

You might also like