নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ গড়চুকৰ পামহি পাচলি বজাৰক কেন্দ্র কৰি গঢ়ি উঠিছে ছিণ্ডিকেট চক্র৷ ৰাজনৈতিক আশিসপুষ্ট এই ছিণ্ডিকেট চক্রটোৰ দৌৰাত্ম্যৰ বাবেই প্রাপ্যৰ পৰা বঞ্চিত হৈছে থলুৱা কৃষকসকল৷ পামহিৰ শাক–পাচলিৰ বজাৰত ছিণ্ডিকেট চক্রই চলোৱা দালালৰাজৰ পৰিণতিতেই গ্রাহকে তিনি–চাৰিগুণ বেছি দামত শাক–পাচলি ক্রয় কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কিন্তু এই ছিণ্ডিকেট চক্রটোক উৎখাত কৰিবলৈ ৰাজ্যিক কৃষি বিপণন পৰিষদ আৰু জিলা প্রশাসনে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ গড়চুকৰ পামহিৰ শাক–পাচলিৰ বজাৰক লৈ গঢ়ি উঠা ছিণ্ডিকেট চক্রটোৱে প্রতিখন গাড়ীৰ পৰা ১০০০ টকাকৈ সংগ্রহ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে৷ ব্যৱসায়ীসকলৰ পৰা ডাবি–ধমকিৰে ছিণ্ডিকেট চক্রটোৱে গুণ্ডাকৰ সংগ্রহ কৰি অহাৰ লগতে ক্ষুদ্র ব্যৱসায়ীসকলে শাক–পাচলিৰ উচিত মূল্য পোৱাৰ পৰাও বঞ্চিত হৈ আহিছে৷ পামহিৰ শাক–পাচলি বজাৰত গুণ্ডাকৰ সংগ্রহ কৰি অহাৰ প্রতিবাদত দৰঙৰ বালুগাঁও, বেছিমাৰীৰ শাক–পাচলিৰ পাইকাৰী বজাৰত প্রতিবাদ সাব্যস্ত কৰিছিল কৃষক আৰু ব্যৱসায়ীসকলে৷ কেৱল প্রতিবাদেই নহয় কৃষক–ব্যৱসায়ীসক পামহিৰ বজাৰলৈ যোৱা ১১ ছেপ্ঢেম্বৰৰ পৰা ধৰি শাক–পাচলিৰ যোগান বন্ধ ৰাখিছে৷ পামহি বজাৰলৈ শাক–পাচলি যোগান ধৰা সন্দর্ভত কৃষক অধিকাৰ সুৰক্ষা সমিতিয়ে কাইলৈ সিদ্ধান্ত গ্রহণ কৰাৰ সম্ভাৱনা আছে৷ পাচলি যোগান বন্ধ ৰখাৰ সুযোগ লৈ একাংশ ব্যৱসায়ীয়ে গুৱাহাটীৰ বজাৰত শাক–পাচলিৰ মূল্য ৩–৪ গুণ বৃদ্ধি কৰি বিক্রী কৰি আহিছে৷ কৃষকক প্রাপ্য মূল্যৰ পৰা বঞ্চিত কৰি মধ্যভোগী আৰু ছিণ্ডিকেট চক্রই গুণ্ডাকৰ সংগ্রহ কৰাৰ ফলতেই মহানগৰবাসীয়ে প্রতিকিঃগ্রাঃ শাক–পাচলি ৬০ৰ পৰা ৮০ টকা মূল্যত ক্রয় কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এই ছিণ্ডিকেট চক্রটোৰে ৰাজ্যিক কৃষি বিপণন পৰিষদৰ বিষয়া–কর্মচাৰীয়ো জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে৷ কৃষি বিপণন পৰিষদৰ অসাধু বিষয়া–কর্মচাৰীৰ ছত্রছায়াত চলি থকা ছিণ্ডিকেট চক্রটোক উৎখাত কৰিবলৈ চৰকাৰ প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷