নিয়মীয়া বাৰ্তা ১৭ ছেপ্টেম্বৰঃ অযোধ্যাৰ বাবৰি মছজিদ ধ্বংসৰ ২৮ বছৰ পুৰণি গোচৰৰ ৩০ ছেপ্ঢেম্বৰত ৰায়দান কৰিব দিল্লীৰ এখন বিশেষ আদালতে৷ ১৯৯২ চনৰ ৬ ডিচেম্বৰত কেইবাগৰাকীও বিজেপি নেতাৰ নেতৃত্বত কৰসেৱকসকলে ধ্বংস কৰিছিল ১৫ শতিকাৰ বাবৰি মছজিদটোৰ গুৰুত্বপূর্ণ অংশ৷ এই ঘটনাই দেশৰ ৰাজনৈতিক পৰিস্থিতি অস্থিৰ কৰাৰ উপৰি সামাজিক সংহতিলৈ কঢ়িয়াই আনিছিল ভাবুকি৷ এই গোচৰটোত অভিযুক্ত হোৱা ৩২গৰাকী লোকৰ ভিতৰত আছে বিজেপিৰ প্রতিষ্ঠাকালৰ নেতা এল কে আদৱানি আৰু মুৰলী মনোহৰ যোশীও৷
জ্যেষ্ঠ নেত্রী উমা ভাৰতী তথা ৰাজস্থানৰ প্রাক্তন গৱর্নৰ কল্যাণ সিঙৰ নামো অভিযোগৰ সন্মুখীন হোৱা লোকসকলৰ তালিকাত আছে৷ লক্ষণীয়ভাৱে যোৱা বছৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে ঐতিহাসিক ৰায়দানেৰে অযোধ্যাৰ বিবদমান স্থানত ৰাম মন্দিৰ নির্মাণৰ নির্দেশ দিছিল৷ ১৫ শতিকাত এই মছজিদটো নির্মাণৰ পূর্বে ইয়াৰ তলত এটা মন্দিৰ থকা বুলি দাবী কৰিছিল জ্যেষ্ঠ বিজেপি নেতাসকলে৷ অকল সেয়াই নহয়, এই মন্দিৰটোৱেই ৰামৰ জন্মস্থান বুলিও হিন্দুত্ববাদীসকলে দাবী কৰিছিল৷
স্মর্তব্য যে ৯২ বছৰীয়া আদৱানি আৰু ৮৬ বছৰীয়া যোশীয়ে যোৱা জুলাই মাহত ভিডি’ কনফাৰেঞ্চৰ জৰিয়তে নিজৰ বক্তব্য প্রদান কৰিছিল গোচৰটোত৷