নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ অসম-অৰুণাচল সীমান্তবৰ্তী বান্দৰদেৱাত ভয়াৱহ ভূমিস্খলন ৷ এটা পাহাৰ খহি হোৱা ভূমিস্খলনে ৫খন ট্ৰাক দহ ফুট ঠেলি নি প্ৰায় ৫০ শতাংশ পুতি পেলায়।
বিদ্যুৎ পৰিবাহী এটা পকী খুটা ভাগি পৰাৰ লগতে এখন দোকানো মাটিত পোত যায় ৷ অসম-অৰুণাচলৰ সীমান্তৱতী বান্দৰদেৱাত সংঘটিত হোৱা ভয়াৱহ ভূমিস্খলনৰ ফলত প্ৰায় এঘণ্টাৰ বাবে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত বন্ধ হৈ পৰে ৷ আনহাতে সৌভাগ্যক্ৰমে ৰক্ষা পৰে কেইবাজনো ট্ৰাক চালক আৰু হেণ্ডিমেন।