নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাস্ক নিপিন্ধা লোকক আজব শাস্তি ইণ্ডোনেছিয়াৰ, কবৰস্থানত দিয়ে এই শাস্তি

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ ক’ৰোনা সংক্ৰমণ ৰোধৰ একমাত্ৰ সাধাৰণ কৱচ হ’ল মাস্ক। মাস্ক নিপিন্ধা মানে ক’ৰোনাত আক্ৰান্ত হোৱাৰ আশংকা। কিন্তু বহুতকে দেখা যায় মাস্ক নিপিন্ধাকৈ ঘূৰি ফুৰা। গাঁৱৰ কথা বেলেগ গুৱাহাটীৰ দৰে চহৰতে মাস্ক নিপিন্ধাকৈ বহু লোকে ৰাস্তাই-ঘাটে পিয়াপি দি থকা দেখা যায়। অসমৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ে এনে লোকৰ ক্ষেত্ৰত ৫০০ টকাৰ জৰিমনা বিহাৰ ব্যৱস্থা কৰিছে।

দেশভেদে শাস্তি বেলেগ। এখন দেশত মাস্ক নিপিন্ধা লোকৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছে এক অদ্ভুত শাস্তি। দেশখন ইণ্ডোনেছিয়া। ইয়াত কোনো লোকে মাস্ক পৰিধান নকৰিলে শাস্তি হিচাপে পঠিয়াই দিয়া হৈছে কবৰস্থানলৈ। কবৰস্থানত লোকজনক কবৰ খান্দিবলৈ লগাই দিয়া হয়। প্ৰতিদিনে কবৰস্থানলৈ অহা মৃতদেহৰ জানাজাৰ বাবে লোকজনে খান্দিব লগা হয় কবৰ।

দেশখনৰ জনপ্ৰিয় বাতৰি কাকত দ্য জাকাৰ্টা পোষ্টৰ প্ৰতিবেদন মতে, ক’ৰোনাৰ আতংকৰ বাবে দেশখনত কবৰ খন্দা লোকৰ অভাৱ ঘটিছে, গতিকে মাস্ক নিপিন্ধা লোকক এই স্থানত কবৰ খান্দবলৈ শাস্তি ৰূপে পঠিয়াই দিয়া হৈছে। এনে শাস্তি ইতিমধ্যে বহু লোকে ভোগ কৰিছে আৰু ক’ৰোনাৰ কাৰণে মাস্ক নিপিন্ধিলেও শাস্তিৰ ভয়ত মাস্ক পিন্ধিবলৈ লৈছে।

ইণ্ডোনেছিয়াৰ এই শাস্তি ইতিমধ্যে বিশ্বজুৰি চৰ্চিত হৈছে। বহুতে এনে শাস্তিৰ বাবে ক’ৰোনাক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰো শংকা কৰিছে যদিও চৰকাৰে কঠোৰ শাস্তিয়েহে জনতাক শিকাব বুলি স্থিতি প্ৰকাশ কৰিছে।

You might also like