নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষি আইনক লৈ অসন্তুষ্ট কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰত কৌৰ বাদলৰ পদত্যাগ

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ কৃষিক লৈ কেন্দ্ৰীয় চৰকাৰৰ নতুন আইনৰ প্ৰতিবাদত কেন্দ্ৰীয় মন্ত্ৰিত্বৰ পদ ত্যাগ কৰিলে পঞ্জাবৰ আকালি দলৰ নেত্ৰী হৰচিমৰত বাদলে।

টুইটযোগে পদত্যাগৰ কথা ঘোষণা কৰি নেত্ৰীগৰাকীয়ে কয়- কৃষকবিৰোধী অৰ্ডিনেন্স তথা আইনৰ প্ৰতিবাদত কেন্দ্ৰীয় মন্ত্ৰিত্বৰ পৰা পদত্যাগ কৰিলো। কৃষকসকলৰ ভগ্নী আৰু ছোৱালী হিচাপে গৌৰৱবোধ কৰিছো।

উল্লেখ্য বিজেপিৰ সহযোগী দল হিচাপে আকালি দলৰ পৰা একমাত্ৰ হৰচিমৰত বাদলে কেন্দ্ৰীয় মন্ত্ৰিত্বৰ পদ লাভ কৰিছিল। নেত্ৰীগৰাকীৰ স্বামী তথা শিৰোমণি আকালি দলৰ মুৰব্বী নেতা সুখবীৰ সিং বাদলে কয় যে পত্নীয়ে মন্ত্ৰিত্বৰ পদ ত্যাগ কৰিলেও আকালি দলে বিজেপিৰ প্ৰতি থকা সমৰ্থন প্ৰত্যাহাৰ নকৰে।

তেওঁ লগতে কয় যে বিগত ৫০ বছৰ ধৰি পঞ্জাব প্ৰদেশে কৃষিৰ উন্নয়নৰ প্ৰসংগত যিখিনি কৰি আহিছে নতুন আইনে এই প্ৰয়াসক ধ্বংস কৰি দিব, গতিকে হৰচিমৰত বাদলৰ পদত্যাগৰ যুক্তি আছে।

ইতিমধ্যে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে মন্ত্ৰীগৰাকীৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে।

You might also like