নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰোধী দলৰ তীব্র প্রতিবাদৰ মাজতেই ৰাজ্যসভাত গৃহীত দুখন কৃষি বিধেয়ক

দেশৰ কৃষি ইতিহাসত সন্ধিক্ষণৰ মুহূর্ত আখ্যা প্রধানমন্ত্রী মোদীৰ

নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ  বিৰোধীৰ তীব্র প্রতিবাদ সত্ত্বেও দেওবাৰে ৰাজ্যসভাত দুখনকৈ কৃষি বিধেয়ক গৃহীত হৈছে সাংসদসকলৰ ধ্বনি ভোটত৷ এই বিধেয়ক দুখন হৈছে ফার্মার্ছ প্রডিউচ ট্রেড এণ্ড কমার্চ (প্রমোচন এণ্ড ফেচিলিয়েচন বিল, ২০২০ আৰু ফার্মার্ছ (এম্পাৱাৰমেণ্ট এণ্ড প্রটেকচন) এগ্রিমেণ্ট অন প্রাইচ এছিউৰেন্স এণ্ড ফার্ম ছার্ভিচেছ বিল, ২০২০৷ ইফালে এই দুয়োখন বিধেয়ক ধ্বনি ভোটত গৃহীত হোৱাৰ পাছতে দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভাৰতীয় কৃষি ইতিহাসত এক সন্ধিক্ষণৰ মুহূর্ত সৃষ্টি হোৱা বুলি মন্তব্য কৰিছে৷ লক্ষণীয়ভাৱে দেশৰ কৃষিত বৃহৎ সংস্কাৰৰ লক্ষ্যত অনা তিনিখনকৈ বিধেয়কৰ এই দুখন দেওবাৰে ৰাজ্যসভাত গৃহীত হৈছে৷ কিন্তু বিধেয়ক দুখন গৃহীত কৰা কার্যক দেশৰ সংসদীয় ৰাজনীতিত এক নজিৰবিহীন ঘটনা হিচাপে চিহ্ণিত হৈছে বুলি বিৰোধীসকলে তীব্র আপত্তি দর্শাইছে৷ বিৰোধীৰ অভিযোগ অনুসৰি ৰাজ্যসভাৰ ছীল–মোহৰ পোৱাৰ প্রয়োজনতেই সাংসদৰ সংখ্যা হাতত নথকা সত্ত্বেও তাক গোপনে যাৱতীয় নিয়ম–কানুন ভংগ কৰি চৰকাৰে গৃহীত কৰিছে বুলি অভিযোগ আনিছে বিৰোধী দলসমূহে৷ এই বিধেয়ক দুখন ৰাজ্যসভাত গৃহীত কৰাৰ সময়ত বিৰোধীৰ শ্লোগান, বিক্ষোভত উত্তাল পৰিস্থিতিৰ সৃষ্টি হোৱাৰ উপৰি বিধেয়কৰ প্রতিলিপি ফালি পেলোৱা ঘটনাও সংঘটিত হয়৷ আনকি উপাধ্যক্ষৰ মাইক্র’ফোন পর্যন্ত কাঢ়ি নিয়াৰ চেষ্টা চলায় বিৰোধী সাংসদে৷ অকল সংসদত বিৰোধী দলবোৰেই নহয়, উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যত কৃষক সংগঠনসমূহে এই কার্যৰ তীব্র বিৰোধ কৰিছে৷ এই বিধেয়ক গৃহীত হোৱাৰ ফলত চৰকাৰে কৃষকসকল উপকৃত হোৱাৰ উপৰি কৃষকে বৃহৎ ক্রেতাসকলৰ ওচৰত তেওঁলোকৰ উৎপাদিত কৃষি পণ্য প্রত্যক্ষভাৱে সহজতে বিক্রী কৰিব পাৰিব বুলি দাবী কৰিছে যদিও কৃষকৰ উপার্জনত লালবাতি জ্বলিব বুলি বিৰোধী সাংসদসকলে অভিযোগ কৰিছে৷ উৎপাদিত ফচলৰ বিনিময়ত উপার্জনৰ যি নিশ্চয়তা থাকিব লাগে, সেয়া কর্প’ৰেটৰ হাতত নিলাম হ’ব বুলিও কেইবাগৰাকীও বিৰোধী সাংসদে ক্ষোভ উজাৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দুয়োখন বিধেয়ক গৃহীত হোৱা কার্যৰ বাবে দেশৰ পৰিশ্রমী কৃষকসকলক অভিনন্দন জনাই টুইটাৰযোগে কৈছে যে ইয়াৰ জৰিয়তে কৃষিক্ষেত্রৰ আমূল পৰিৱর্তন তথা কোটি কোটি কৃষকক ভৱিষ্যৎ সুনিশ্চিত কৰিব৷ লক্ষণীয়ভাৱে নতুন এই বিধেয়কে প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে দেশৰ খাদ্য নিৰাপত্তা নিশ্চিত কৰিব বুলি ঘোষণা কৰিছে৷ প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে কৃষকসকলৰ উপার্জন দুগুণলৈ বৃদ্ধি পাব বুলিও ঘোষণা কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নির্দেশত কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰে আত্মনির্ভৰ কৃষিৰ পথ মুকলি কৰিলে বুলিও ঘোষণা কৰিছে৷ ইফালে কংগ্রেছ, আৰ জে ডি, টি এম চি, চি পি আই (এম), সমাজবাদী পার্টী আদিকে ধৰি কেইবাটাও ৰাজনৈতিক দলৰ ৪৭গৰাকী সাংসদে আজি এই বিধেয়ক গৃহীত হোৱাৰ পাছতে ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশ সিঙৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ আনিছে৷ দুয়োখন বিতর্কিত বিধেয়ক অনৈতিকভাৱে ৰাজ্যসভাত গৃহীত কৰাৰ ক্ষেত্রত উপাধ্যক্ষগৰাকীয়ে ব্যৱস্থা গ্রহণ কৰিব বুলি অভিযোগ কৰিছে বিৰোধী সাংসদসকলে৷ ইফালে আকালি দলৰ মুৰব্বী সুখবীৰ সিং বাদলে এই বিধেয়ক দুখনত স্বাক্ষৰ নকৰিবলৈ ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দক আহ্বান জনাই কৈছে যে ইয়াত অনুমোদন জনালে দেশৰ কৃষকসকলে কাকো ক্ষমা নকৰিব৷ কংগ্রেছৰ প্রাক্তন সভাপতি তথা জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কৃষকসকলক মোদী চৰকাৰে তেজৰ চকুলোৰ বন্যাত উটিবলৈ বাধ্য কৰাইছে বুলি অভিযোগ কৰে বিধেয়ক দুখন গৃহীত হোৱাৰ পাছতে৷ এই বিধেয়ক দুখন ৰাজ্যসভাত গৃহীত হোৱা কার্য সমগ্র দেশৰ কৃষকসকলৰ বাবে মৃত্যু পৰোৱানা বুলিও অভিযোগ কৰিছে ৰাহুল গান্ধীয়ে৷ লক্ষণীয়ভাৱে কংগ্রেছে আজিৰ দিনটো কৃষকবিৰোধী দিৱস বুলিও আখ্যা দিছে৷ অৱশ্যে প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে কংগ্রেছৰ এনে কার্যক দুঃখদায়ক, দুর্ভাগ্যজনক আৰু লজ্জাজনক বুলি অভিহিত কৰিছে৷

You might also like