নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ পলাশবাৰীত আগন্তুক বিধানসভা নির্বাচনত কংগ্রেছ দলৰ প্রার্থিত্বৰ দৌৰত থকা যতীন মালীৰ গুৱাহাটীত থকা বাসগৃহ বাজেয়াপ্ত কৰা হৈছে৷ ৰাষ্ট্রীয়কৃত বেংক ‘বেংক অৱ বৰোদা’ৰ পৰা ঋণ লৈ গুৱাহাটীৰ ৰুক্মিণীগাঁৱত মাটি–ঘৰ ক্রয় কৰিছিল৷ এসময়ৰ অগপ চৰকাৰৰ শিক্ষামন্ত্রী তথা বর্তমানৰ কংগ্রেছী নেতা যতীন মালীয়ে নিজৰ লগতে পত্নীৰ নামত বেলেগে বেলেগে ঋণ লৈ দীর্ঘদিন ধৰি বেংকটোৰ ঋণ পৰিশোধ কৰাৰ পৰা বিৰত হৈ আছিল৷ বেংক কর্তৃপক্ষই জনোৱা মতে, কংগ্রেছী নেতা মালীৰ পত্নী কল্যাণী কলিতা মালীৰ পৰা সোতৰ লাখ এঘাৰ হাজাৰ এশ বাৰ টকা আৰু মালীৰ পৰা পাবলগীয়া আছে ঊনৈশ লাখ নব্বৈ হাজাৰ তিনিশ আঠাশী টকা৷ উল্লেখ্য যে বেলতলা মৌজাৰ ৰুক্মিণীগাঁৱৰ ১২২২নং দাগৰ ২০১নং পট্টাৰ ২ কঠা মাটি আৰু ঘৰৰ বাবদ বেংকক দিবলগীয়া প্রাপ্যখিনি আদায় দিব নোৱাৰা বাবে আজি বেংক কর্তৃপক্ষই ঘৰ–মাটি ছীল কৰা বুলি বাতৰিকাকতযোগে বিজ্ঞাপন দিয়া ঘটনাত চৰম অস্বস্তিত পৰিছে নেতাগৰাকী৷ বেংকৰ ঋণ লৈ পৰিশোধ নকৰা কংগ্রেছ নেতা যতীন মালীৰ এনে কার্যকলাপক শীর্ষ নেতৃত্বই কিদৰে বিচাৰ কৰে, সেয়া লক্ষণীয় হ’ব৷
Prev Post
You might also like