নিয়মীয়া বাৰ্তা ২৫ ছেপ্টেম্বৰঃ আৰক্ষীৰ এছ আই পৰীক্ষাৰ কেলেংকাৰিয়ে সমগ্র ৰাজ্য জোকাৰি যোৱাৰ সময়তে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে সমগ্র বিষয়টোক লৈ গ্রহণ কৰিছে কঠোৰ স্থিতি৷ ইতিমধ্যে এই কেলেংকাৰিৰ তদন্তৰ দায়িত্ব আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাক দিয়াৰ পাছত আজি পুনৰ সমগ্র বিষয়টোক লৈ স্থিতি স্পষ্ট কৰিলে মুখ্যমন্ত্রীয়ে৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত এক অনুষ্ঠানত অংশগ্রহণৰ পাছতে সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রীৰ স্পষ্ট মন্তব্য– পৰীক্ষাত আউল লগোৱা ষড়যন্ত্রকাৰীক বিচাৰি দিয়া হ’ব দৃষ্টান্তমূলক শাস্তি৷ মুখ্যমন্ত্রী সোণোৱালে এই সন্দর্ভত কয়– হাজাৰ হাজাৰ অসমীয়া যুৱক–যুৱতীয়ে কষ্ট কৰি অধ্যয়ন কৰিছে৷ সকলোৱে যোগ্যতাৰ ভিত্তিত পৰীক্ষাত উত্তীর্ণ হৈ সন্মান সহকাৰে নিযুক্তি লাভ কৰিব বিচাৰিছে৷ সেইসকলৰ আশাত চেঁচাপানী ঢ়ালিব বিচৰা ষড়যন্ত্রকাৰীসকল কঠোৰ শাস্তি দিবলৈ নির্দেশ দিয়া হৈছে৷ যিয়ে এই ষড়যন্ত্রত জড়িত হৈ আছে, সকলোকে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি দিয়া হ’ব আৰু সময়মতে তথা স্বচ্ছভাৱে পৰীক্ষা অনুষ্ঠিত কৰা হ’ব৷ মুখ্যমন্ত্রীয়ে ইয়াকো কয়– তদন্ত চলি আছে৷ মোৰ স্পষ্ট নির্দেশনা– যিয়ে এই পৰীক্ষাত আউল লগোৱাৰ ষড়যন্ত্রত লিপ্ত হৈছে, সেইসকলক বিচাৰি উলিওৱা হ’ব৷ তাৰ লগে লগে যুৱক–যুৱতীসকলে যাতে স্বচ্ছভাৱে পৰীক্ষাত বহিব পাৰে, তেওঁলোকে যাতে যোগ্যতাৰ ভিত্তিত উত্তীর্ণ হ’ব পাৰে, তাৰ বাবেও ব্যৱস্থা গ্রহণৰ নির্দেশ দিয়া হৈছে৷