নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ নলা–নর্দমাত প্লাষ্টিকৰ বটল–আৱর্জনাৰ দ’ম

নিয়মীয়া বাৰ্তা, ২৫  ছেপ্টেম্বৰঃ এজাক বৰষুণৰ ফলত মহানগৰীত কৃত্রিম বানৰ সৃষ্টি হোৱা কোনো নতুন কথা নহয়৷ কিন্তু কৃত্রিম বানৰ উৎস চালে চকু কপালত উঠিব আপোনাৰ৷ কাৰণ গুৱাহাটীবাসীয়ে নিজেই নিজৰ বাবে মাতিছে বিপদ৷ কৃত্রিম বানৰ বাবেই সঘনাই চৰকাৰ তথা বিভাগীয় বিষয়াক দোষাৰোপ কৰি অহা একাংশই দি আহিছে দায়িত্বজ্ঞানহীনতাৰ পৰিচয়৷ ডাষ্টবিনৰ পৰিৱর্তে মহানগৰীৰ বিভিন্ন প্রান্তত একাংশই য’তে–ত’তে পেলাই আহিছে জাবৰ আৰু প্লাষ্টিকৰ বটল৷ ফলত এজাক বৰষুণতে প্লাষ্টিকজাত সামগ্রীসমূহ উটি গৈ পৰিছে নলাত৷ ফলত বন্ধ হৈ পৰিছে বহু নলা, নর্দমা, যাৰ বাবে মহানগৰীৰ বিভিন্ন প্রান্তত সৃষ্টি হৈ আহিছে কৃত্রিম বানপানীৰ৷

ইফালে, প্লাষ্টিকৰ বটলে নলাসমূহ বন্ধ হোৱাৰ ক্ষেত্রত পানীসমূহ সময়ত ওলাই যাব নোৱাৰাৰ বাবেই কৃত্রিম বান হোৱাৰ আশংকা নুই কৰিব নোৱাৰি৷ তেনেস্থলত মহানগৰবাসী কিমান সচেতন সেয়া এক ডাঙৰ প্রশ্ণ ৰূপে চিহ্ণিত হৈছে৷ বৃহস্পতিবাৰে মহানগৰীৰ চানমাৰিৰ দুর্গা মন্দিৰৰ সমীপৰ মূল পথছোৱাৰ মাত্র ৫০ ফুট নলা পৰিষ্কাৰ কৰাৰ পিছত পোহৰলৈ আহে একাংশ লোকৰ দায়িত্বজ্ঞানহীনতাৰ পৰিচয়৷ নলাৰ পৰা দ’মে দ’মে ওলায় প্লাষ্টিকৰ বটল৷ এয়া মাত্র এটা উদাহৰণহে, এনেদৰে একাংশ লোকৰ ভুলৰ বাবে মহানগৰীৰ বিভিন্ন নলা, নর্দমাত দ’মে দ’মে ভৰি আছে প্লাষ্টিকৰ বটল৷ যাৰ বাবে এজাক বৰষুণত বুৰ যায় মহানগৰীৰ বিভিন্ন অঞ্চল৷

You might also like