নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অলৌকিক! মৰিবলৈ জাঁপ দিছিল সাগৰত, নমৰি ৮ ঘণ্টা ওপঙি থাকিল পানীত…

নিয়মীয়া বাৰ্তা, ১ অক্টোবৰঃ দুবছৰ ধৰি পৰিয়ালৰে বিচ্ছিন্ন হৈ থকা এগৰাকী কলম্বিয়াক মহিলাক অলপতে উদ্ধাৰ কৰা হ’ল সাগৰত। ৰবিনচন ক্ৰুছোৰ দৰে সাগৰৰ কোনো দ্বীপত নহয়, ভাহি থকা অৱস্থাত মাছমৰীয়াই জীৱন্তে উদ্ধাৰ কৰে মহিলাগৰাকীক।

মহিলাগৰাকীৰ নাম এঞ্জেলিকা গৈটান। বয়স ৪৬ বছৰ। দুবছৰ পূৰ্বে স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি ২০ বছৰীয়া সংসাৰৰ মায়াজাল ভাঙি ঘৰৰ পৰা ওলাই গৈছিল তেওঁ। কোনো সন্ধান নোপোৱাত ঘৰৰ মানুহে তেওঁ আত্মহত্যা কৰা বুলি ভাবিছিল। এই দুটা বছৰে এঞ্জেলিকায়ো পৰিয়ালৰ সৈতে কোনো যোগাযোগ কৰা নাছিল।

ছমাহমান ৰাস্তাৰ আলহী হোৱাৰ পিছত এটা মহিলা আশ্ৰয়গৃহত থিতাপি লয়। স্বামীয়ে বিচাৰি আহিব বুলি আশা কৰিছিল যদিও সেয়াও মিছা আশা হৈ ৰয়। আৰু অৱশেষত দুবছৰৰ অন্তত যোৱা ২৬ ছেপ্টেম্বৰৰ পুৱা তেওঁ সাগৰত জাঁপ দিয়ে।

কিন্তু আশ্চৰ্যজনকভাৱে জাঁপ দিয়াৰ ৮ ঘণ্টালৈ তেওঁ সাগৰৰ পানীত ওপঙি থাকে। তেনে অৱস্থাত দেখা পাই মাছমৰীয়াই উদ্ধাৰ কৰে তেওঁক। উদ্ধাৰ কাৰ্যক লৈ বনোৱা ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

মহিলাগৰাকীয়ে নতুন জীৱন লাভক অলৌকিক আখ্যা দিছে। কিয়নো সাগৰত ৮ ঘণ্টা ওপঙি থকাটো অলৌকিকতাৰ বাহিৰে আন কিবা হ’ব পাৰে বুলি তেওঁৰ বিশ্বাস নহয়।

You might also like