নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বতৰ বিজ্ঞান বিভাগৰ ইয়েল’ এলার্ট: অসমত প্রবল বৰষুণ

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰঃ অহা ৩ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ অসম–মেঘালয়কে ধৰি উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যকেইখনত প্রবল বৰষুণ হ’ব৷ বতৰ বিজ্ঞান বিভাগে এই আগজাননী প্রকাশ কৰি ৰাজ্যকেইখনত ইয়েল’ এলার্ট জাৰি কৰিছে৷

প্রবল বৰষুণ আৰু বিজুলী–ঢ়েৰেকনিৰে ধুমুহা বলিব এই সময়ছোৱাত৷ নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ বান পৰিস্থিতি অৱনতি ঘটিব পাৰে বুলিও বতৰ বিজ্ঞান বিভাগৰ আগজাননীত প্রকাশ পাইছে৷

বিভাগে প্রকাশ কৰা মতে, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্রিপুৰাৰ বিভিন্ন অঞ্চলত প্রবল বৰষুণ হ’ব৷ সম্প্রতি অসমৰ ৮খন জিলা বিশ্বনাথ, গোৱালপাৰা, মৰিগাঁও, হোজাই, নগাঁও, গোলাঘাট, ডিব্রুগড় আৰু পশ্চিম কার্বি আংলং জিলা বানত ক্ষতিগ্রস্ত হৈ আছে৷

You might also like