আজি ‘BOY FRIEND’ দিৱস
নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ আপুনি হয়তু বহু দিৱসৰ নাম শুনিছে। ভেলেণ্টাইন দে, বন্ধুত্ব দিৱস, মাতৃ দিৱস আজি উদাহৰণহে মাত্ৰ। কিন্তু কেতিয়াবা বয়ফ্ৰেণ্ড দে’ৰ নাম শুনিছেনে!হয়টো শুনা নাই হয় আজি বয়ফ্ৰেণ্ড দে’।
অক্টোবৰৰ ৩ তাৰিখে পালন কৰা হয় বয়ফ্ৰেণ্ড দিৱস। প্ৰতিগৰাকী প্ৰেমিকযুগলে আজি পালন কৰিব এই দিৱস। যিগৰাকীৰ হাতত হাত ধৰি যুগযুগান্তৰলৈ আপুনি কটাব খোজে সময় সেইজন বিশেষ ব্যক্তিক অন্তৰৰ নিভৃত কোণৰ পৰা আপুনি দিয়ক দুবাহু ভৰাই মৰম, ভালপোৱা আৰু প্ৰতিশ্ৰুতিৰ এখন নিৰবধি নৈ।
ব্যস্ততাপূৰ্ণ জীৱনত সকলোবাৰ একো একোটা যন্ত্ৰ। কোনো কাৰো বাবে ৰৈ থাকিবলৈ সময় নাই। সেয়ে হয়তু সকলোৰে মাজত বাঢ়ি গৈছে দূৰত্ব
সেয়ে নিজৰ প্ৰিয়জনৰ বাবে অলপ সময় উলিয়াওক আৰু উপভোগ কৰক মধুময় সময়ৰ এটা দিন।
প্ৰতিগৰাকী প্ৰেমিকচৰাইলৈ থাকিল শুভেচ্ছে। মনৰ জোখাৰে সুখী হোৱাৰ লগতে সপোনবোৰে পূৰ্ণতা পাওক।