ভাৰত–চীনে হেৰুৱাইছে বাণিজ্যৰ সুযোগ
নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ ক’ভিড–১৯ মহামাৰী আৰু সীমান্তত চীন–ভাৰতীয় সেনাৰ মাজত চলি থকা উত্তেজনাৰ বাবেই ছিকিমৰ নাথুলা গিৰিপথ (পাছ)ৰে উভয় দেশৰ বাণিজ্য ভয়াৱহভাৱে ক্ষতিৰ সন্মুখীন হৈছে৷ ছিকিমত থকা আন্তর্জাতিক ব্যৱসায়ীসকলে দুয়োখন দেশৰ মাজৰ উত্তেজনাক লৈ আশংকা প্রকাশ কৰিছে৷
উল্লেখনীয় যে আন্তর্জাতিক সীমান্তৰ কেইবাটাও স্থানত ভাৰত আৰু চীনৰ সেনাৰ মাজত সৃষ্টি হৈছে উত্তেজনা৷ ইয়াৰ ভিতৰত উত্তৰ ছিকিমৰ নাথুলাও আছে৷ যদি চলিত বর্ষত আন্তর্জাতিক বিমান সেৱা আৰম্ভ হোৱাৰ লগতে দুয়োখন দেশৰ মাজত নাথুলা গিৰিপথেৰে জনসাধাৰণৰ চলা–ফুৰাৰ অনুমতি প্রদান কৰাও হয়, তথাপি বাণিজ্যিক ক্ষেত্রত এক অনিশ্চয়তা অব্যাহত থাকিব৷ ভাৰত–চীনৰ মাজত নাথুলা গিৰিপথেৰে দীর্ঘদিন ধৰি সুচল বাণিজ্যিক ব্যৱস্থা সম্ভৱ হৈ নুঠিব বুলি বহু প্রতিষ্ঠানেও আশংকা কৰিছে৷
স্মর্তব্য যে সুদীর্ঘ ৪৬ বছৰ বন্ধ হৈ থকাৰ পিছত ২০০৬ চনত ছিকিমৰ নাথুলা গিৰিপথ পুনৰ মুকলি কৰা হৈছে যদিও এতিয়াও আশাব্যঞ্জকভাৱে বাণিজ্যিক সম্পর্ক সম্ভৱ হৈ উঠা নাই৷ আন্তর্জাতিক ব্যৱসায়ী তথা ছিকিমৰ এগৰাকী মন্ত্রীয়েও এইক্ষেত্রত আশংকা প্রকাশ কৰি কৈছে যে দুয়োখন দেশৰ মাজত নাথুলা গিৰিপথেৰে বাণিজ্যিক সম্পর্ক সুদৃঢ় কৰাৰ সম্ভাৱনা আছে যদিও সেয়া আজিলৈকে হৈ উঠা নাই৷ বাৰে বাৰে দেশ দুখনৰ মাজত সীমান্তক লৈ সৃষ্টি হৈছে উত্তেজনা৷ এই উত্তেজনাৰ বাবেই বাণিজ্যৰ বৃহৎ সুযোগ হেৰুৱাইছে দুয়োখন দেশে৷