নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইলাচিৰ ঔষধি গুণ

মৃদুপৱন বৰগোহাঁই 

 

আমাৰ সকলোৰে ৰান্ধনি ঘৰত ইলাচি এক অত্যাৱশ্যকীয় খাদ্য সামগ্রী৷ ঘৰত যিকোনো ধৰণৰ আঞ্জাত বিশেষকৈ মাছ আৰু মাংসৰ ব্যঞ্জনত ইলাচি এক অপৰিহার্য উপাদান৷ ইয়াৰ ব্যৱহাৰ পোনপ্রথমে ভাৰতবর্ষতে হৈছিল৷ ই সাধাৰণতে দুই ৰঙৰ– ক’লা আৰু সেউজীয়া৷ ইলাচিক সাধাৰণতে এক সুস্বাদু মছলাৰ শাৰীত ৰখা হয়, যাক সাধাৰণতে সোৱাদ আৰু গোন্ধ আনিবৰ বাবে ব্যৱহাৰ কৰা হয়৷ মাংসৰ ব্যঞ্জনত ইলাচি দিবলৈ নাপালে যেন ৰান্ধনীয়ে পাকঘৰলৈকে নাযাব৷ বহুতে চাহৰ লগতো ইলাচি ব্যৱহাৰ কৰে আৰু বহুতে মাউথ ফ্রেছনাৰ হিচাপেও ব্যৱহাৰ কৰে৷ পাণ মচলা, গুট্খা আদিতো ইলাচি ব্যৱহাৰ কৰা দেখা যায়৷ অতীজৰে পৰা মানুহে ইলাচি খাদ্য সামগ্রী হিচাপে ব্যৱহাৰ কৰি আহিছে৷ ইলাচিয়ে আমি খোৱা খাদ্য কেৱল সুস্বাদুয়েই নকৰে, আমাৰ শৰীৰৰ যিকোনো ধৰণৰ ৰোগৰ বাবে মহৌষধ৷ ইলাচিক মছলাৰ ৰাণী বুলিও জনা যায়৷ ইয়াত যথেষ্ট পৰিমাণে ভিটামিন, মিনাৰেল আৰু ইলেক্টলাইট আদি পোৱা যায়৷ বিশেষকৈ ৰাতি ইলাচি খালে আমাৰ শৰীৰত যথেষ্টখিনি উপকাৰ সাধন হয়৷ যিটো শুনি আপুনিও হয়তো আচম্বিত হৈ পৰিব৷ ইলাচি এনেকুৱা এবিধ মছলা, যাক ভাৰতৰ সকলো প্রান্ততে ব্যৱহাৰ কৰা হয় আৰু প্রায় সকলো প্রান্ততে ই উপলব্ধ৷
যদি আপুনি নিতৌ শুৱাৰ আগত দুটা ইলাচি গৰম পানীৰ লগত সেৱন কৰে, ই আপোনাৰ ছালখনৰ যিকোনো ৰোগ নিৰাময় কৰাত যথেষ্টখিনি সহায় কৰে৷ বিশেষকৈ যাৰ শালমইনা আৰু মুখৰ দাগ আছে তেওঁলোকৰ বাবে ই অতি উত্তম৷ তদুপৰি ইয়াৰ দৈনিক সেৱনে ছালখন মিহি, সতেজ আৰু সজীৱ কৰি তোলে৷ কাৰণ ইলাচি হৈছে এক এণ্টিবেক্টেৰিয়েল উপাদান৷ আপুনি যদি আপোনাৰ পেটৰ অতিৰিক্ত চর্বিক লৈ খুব সমস্যাত ভুগিছে, নানান ধৰণৰ উপায় অৱলম্বন কৰিও সফল হ’ব পৰা নাই, তেন্তে আপুনিও ৰাতি দুটাকৈ গৰম পানীৰ লগত ইলাচি খাবলৈ আৰম্ভ কৰক৷ দেখিব কিছুদিনৰ ভিতৰতে আপোনাৰ পেটৰ অলাগতিয়াল চর্বিসমূহ গলিবলৈ আৰম্ভ কৰিছে৷ কাৰণ ই আমাৰ শৰীৰত মেটাবলিজিম বৃদ্ধি কৰে৷ তদুপৰি ইলাচিত এণ্টিক্সিডেণ্টৰ পৰিমাণ যথেষ্ট বেছি, লগতে ই এণ্টিবায়’টিক হিচাপেও কাম কৰে, যি আমাৰ পাচন প্রণালী আৰু অধিক শক্তিশালী কৰি তোলে৷ অধ্যয়নত গম পোৱা গৈছে যিসকল লোকে উচ্চ ৰক্তচাপত ভুগিছে তেওঁলোকৰ বাবে ইলাচি অতিকৈ উত্তম৷ ইয়াৰ কাৰণ হ’ল ইয়াত থকা এণ্টিক্সিডেণ্ট৷ অধ্যয়নত এইটোও গম পোৱা গৈছে যে ইলাচিত পোৱা কিছু উপাদানে কর্কট ৰোগ প্রতিৰোধ কৰাতো যথেষ্ট অৰিহণা যোগায়৷ তদুপৰি আমাৰ হার্টৰ বাবেও ই এক মহৌষধ৷ যিসকল লোকে ডিপ্রেছনত ভুগি আছে তেওঁলোকে ইলাচি সেৱন কৰিলে যথেষ্ট সুফল পায়৷ এটা সুস্থ শৰীৰৰ বাবে আমাৰ ৰক্ত সঞ্চালন ঠিক মতে হোৱাটো খুবেই প্রয়োজনীয়, কাৰণ আমি খোৱা সকলো পোষক তত্ত্ব তেজৰ দ্বাৰাই শৰীৰৰ বিভিন্ন অংগলৈ যায়৷ যদি আপোনাৰ শৰীৰত ৰক্ত সঞ্চালন সঠিক নহয়, তেন্তে শৰীৰত পোষক তত্ত্বৰ অভাৱ পৰিলক্ষিত হয়৷ কিন্তু আপুনি যদি নিতৌ দুফুটাকৈ ইলাচি গৰম পানীৰ লগত খায়, ই কেৱল আপোনাৰ শৰীৰত ৰক্ত সঞ্চালনে সঠিক নকৰে, তেজ পৰিষ্কাৰো কৰি তোলে৷ যিটো আপোনাৰ মুখমণ্ডলত প্রতিফলিত হয়৷ আজিকালি অনিদ্রা ৰোগ সকলোৰে ক্ষেত্রত কম–বেছি পৰিমাণে দেখা যায়, কাৰণ অত্যধিক পৰিশ্রম, ভাগৰ, মানসিক সমস্যা, ডিপ্রেছন, এনক্সাইটি আদিয়ে এই ৰোগ আৰম্ভ হোৱাত অৰিহণা যোগায়৷ কিন্তু ইলাচি সেৱন কৰিলে অনিদ্রা ৰোগৰ পৰা পৰিত্রাণ পাব পাৰি৷ ইলাচিত প্রচুৰ পৰিমাণে মেংগানিজ পোৱা যায়, যি বহুমূত্র ৰোগ হোৱাত বাধা প্রদান কৰে৷ অৱশ্যে ইয়াৰ বাবে অধ্যয়ন এতিয়াও অব্যাহত আছে৷ শৰীৰৰ অলাগতিয়াল টক্সিনখিনি বাহিৰ কৰাতো ই সহায় কৰে৷ যিসকল লোকৰ মুখৰ গোন্ধই আমনি দি থাকে, তেওঁলোকে নিতৌ ইলাচি চোবাব পাৰে, ই আপোনাৰ মুখৰ গোন্ধ নিমিষতে নোহোৱা কৰে৷ পুৰুষসকলৰ পুৰুষত্বহীনতা ৰোগতো ইয়াৰ ব্যৱহাৰ বহুলভাৱে কৰা হয়৷

You might also like