নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্বি আংলঙত নিশা আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত গুলীয়াগুলী; সংঘৰ্ষত উগ্ৰপন্থী সংগঠনৰ অধ্যক্ষ মাৰ্টিন গুইটেৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰ: কাৰ্বি আংলঙৰ আৰক্ষীৰ এক সফল অভিযানত আজি পুৱতি নিশা সশস্ত্ৰ কুকি উগ্ৰপন্থী সংগঠন ইউ.পি.আৰ.এফ.ৰ সেনাধ্যক্ষ মাৰ্টিন গুইটে নিহত হয় ৷ উল্লেখ্য যে যোৱা আগষ্ট মাহত মাৰ্টিন গুইটেৰ নেতৃত্বত কাৰ্বি আংলংৰ পৰ্যটনস্থলী টকলাংছ’ জলপ্ৰপাতত উগ্ৰপন্থী সংগঠনটোৰ এটা গোটে অত্যাধুনিক মৰণাস্ত্ৰ সহ মুক্ত বিচৰণ কৰি সক্ৰিয়তা জাহিৰ কৰিছিল ৷ ইয়াৰ পাছৰ পৰাই কাৰ্বি আংলং আৰক্ষীৰ অনুসন্ধান অব্যাহত আছিল এই উগ্ৰপন্থী গোটটোৰ বিৰুদ্ধে।

ঘটনাৰ বিৱৰণী মতে, কাৰ্বি আংলং জিলাৰ দূৰ্গম সিংহাসন পাহাৰৰ অন্তৰ্গত জলেন নামৰ অঞ্চলত সেনাধ্যক্ষ গৰাকীয়ে আন কেইবাজনো সদস্যৰ সৈতে আশ্ৰয় লৈ থকাৰ গোপন খবৰ লাভ কৰিয়েই কাৰ্বি আংলং আৰক্ষীৰ মাঞ্জা থানাৰ এটা দলে পুৱতি নিশা অতৰ্কিতে অঞ্চলটোত অভিযান চলাওতে আত্মগোপন কৰি থকা গুইটেইৰ দলটোৱেও আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷ প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীওৱাত সেনাধ্যক্ষ গৰাকী ঘটনাস্থলীতে নিহত হয় যদিও আন সহযোগী সকল আন্ধাৰ আৰু ঘন জংঘলৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা পিষ্টল,চাৰিজাই সক্ৰিয় আৰু দুটা নিষ্ক্ৰিয় গুলী উদ্ধাৰ কৰে ৷

You might also like