নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ আগন্তুক ২৮ অক্টোবৰৰ পৰা তিনিটা পর্যায়ত অনুষ্ঠিত হ’বলগীয়া বিহাৰ বিধানসভা নির্বাচনৰ পূর্বে এন ডি এৰ অভ্যন্তৰত চলিছে তীব্র মতানৈক্য৷ এন ডি এৰ অন্যতম অংশীদাৰ লোক জনশক্তি পার্টী (এলজেপি)য়ে মুখ্যমন্ত্রী নীতিশ কুমাৰৰ নেতৃত্বত ৰাজ্যখনত নির্বাচনত প্রতিদ্বন্দ্বিতা নকৰে বুলি ঘোষণা কৰাৰ পিছতেই বিজেপি আৰু জেডি(ইউ)ৰ নির্বাচনী ৰণকৌশললৈ আহি পৰিছে প্রত্যাহ্বান৷
শেহতীয়াকৈ বিজেপি আৰু জেডি(ইউ)এ ১২১ আৰু ১২২খন আসনত প্রতিদ্বন্দ্বিতা কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে৷ জেডি(ইউ)এ জিতান ৰাম মাঝিৰ হিন্দুস্তান আৱাম মর্চাক সাতখন আসন এৰি দিব৷ এল জে পিৰ মুৰব্বী চিৰাগ পাছোৱানে অকলেই দলটোৱে প্রতিদ্বন্দ্বিতা আগবঢ়াব বুলি ঘোষণা কৰিছে৷ এল জে পিৰ এই সিদ্ধান্তৰ পিছতে বিজেপিৰ শীর্ষ নেতৃত্বই কেইবাগৰাকীও বিধায়কক এইবাৰ প্রার্থিত্ব প্রদান নকৰাৰ সিদ্ধান্ত লৈছে৷ ইয়াৰ বিপৰীতে নতুন প্রার্থী নির্বাচনত থিয় কৰোৱাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰিছে শীর্ষ নেতৃত্বই৷
ইতিমধ্যে দলটোৰ নির্বাচনী কমিটীৰ বৈঠকত প্রধানমন্ত্রী মোদীয়েও একেটা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ ইফালে, বিজেপিৰ প্রতি এল জে পিয়ে সমর্থন থকা বুলি উল্লেখ কৰিছে যদিও দলটোৱে এল জে পিক এই নির্বাচনৰ প্রচাৰত প্রধানমন্ত্রীৰ প্রতিকৃতি ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে৷ লক্ষণীয়ভাৱে এল জে পিৰ নেতা চিৰাগ পাছোৱানে নির্বাচনত নীতিশ কুমাৰৰ জেডি(ইউ)ক পৰাভূত কৰাটো দলৰ প্রধান লক্ষ্য হ’ব বুলি ঘোষণা কৰিছে৷