নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাথৰাছৰ ধর্ষণৰ তদন্ত কৰিব চিবিআয়ে

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ উত্তৰ প্রদেশৰ হাথৰাছৰ শিহৰণকাৰী গণধর্ষণ তথা হত্যাৰ গোচৰৰ তদন্ত চি বি আইৰ জৰিয়তে কৰোৱাৰ চিন্তা–চর্চা চলাইছে ৰাজ্য চৰকাৰে৷ দেশজুৰি সৃষ্টি হোৱা প্রবল গণবিক্ষোভৰ পিছত  ৰাজ্যখনৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে এই চাঞ্চল্যকৰ ধর্ষণকাণ্ডৰ তদন্ত উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত চি বি আইৰ জৰিয়তে কৰা হ’ব বুলি ঘোষণা কৰিছে৷

উল্লেখনীয় যে ১৯ বছৰীয়া দলিত সম্প্রদায়ৰ যুৱতী এগৰাকীক পথাৰত ঘাঁহ কাটিবলৈ যোৱা অৱস্থাত উচ্চবর্ণৰ চাৰি দুর্বৃত্তই ধর্ষণ কৰাৰ উপৰি যুৱতীগৰাকীৰ জিভা কাটি পেলোৱাৰ লগতে ৰাজহাড় ভাঙি দিছিল৷ প্রায় দুসপ্তাহ মুমূর্ষু অৱস্থাত চিকিৎসাধীন হৈ থকাৰ পিছত দিল্লীৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল যুৱতীগৰাকীয়ে৷ স্মর্তব্য যে উত্তৰ প্রদেশ চৰকাৰে বিৰোধীৰ তীব্র প্রতিবাদৰ পিছত উচ্চতম ন্যায়ালয়ত এক শপতনামা দাখিল কৰি হাথৰাছৰ ধর্ষণকাণ্ডৰ তদন্ত চি বি আইৰ দ্বাৰা হোৱা উচিত বুলি ঘোষণা কৰিছে৷ উচ্চতম ন্যায়ালয়ে এই বিষয়টো সন্দর্ভত বাতৰি যুগুতোৱাৰ পৰলৈ শুনানি গ্রহণ কৰা নাই৷ কিন্তু চৰকাৰৰ হৈ শীর্ষ আদালতখনত উপস্থিত হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক ধর্ষণকাণ্ডৰ সাক্ষীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে কি ব্যৱস্থা গ্রহণ কৰা হৈছে তাক জনাবলৈ আহ্বান জনাইছে৷

ইফালে, এই ধর্ষণৰ ঘটনাক লৈ ৰাষ্ট্রসংঘৰ সমন্বয়ৰক্ষী বিষয়াই প্রকাশ কৰা প্রতিক্রিয়াত ক্ষোভ উজাৰিছে ভাৰতে৷ ৰাষ্ট্রসংঘৰ তৰফৰ পৰা হাথৰাছ বলৰামপুৰত সংঘটিত ধর্ষণ আৰু হত্যাৰ লগতে ভাৰতত সামাজিকভাৱে পিছপৰা শ্রেণীৰ যুৱতী–মহিলাসকল লিংগ বৈষম্য তথা সংঘর্ষৰ বলি হোৱা বুলি উদ্বেগ প্রকাশ কৰা হৈছে৷ ইয়াৰ প্রত্যুত্তৰত বিদেশ মন্ত্রালয়ৰ এগৰাকী মুখপাত্রই উল্লেখ কৰিছে যে ভাৰতৰ সকলো নাগৰিকৰ সমতাৰ ক্ষেত্রত নিশ্চয়তা প্রদান কৰিছে সংবিধানে৷ বিভিন্ন সময়ত ভাৰতে সকলো শ্রেণীৰ লোকক নির্দিষ্ট সময়ৰ ভিতৰত ন্যায় প্রদানৰ নজিৰ সৃষ্টি কৰি অহা বুলি মুখপাত্রগৰাকীয়ে উল্লেখ কৰে৷

You might also like