দীপৰ বিলক পর্যটন ক্ষেত্রলৈ উন্নীতকৰণত বাধা বন বিভাগৰ
আজাৰা–পাটগাঁও পথৰ আধাৰশিলা স্থাপন কৰি ৰমেন্দ্র নাৰায়ণ কলিতাৰ আক্ষেপ
নিয়মীয়া বাৰ্তা ১০ অক্টোবৰঃ আন্তর্জাতিক পক্ষী অভয়াৰণ্যৰ মানচিত্রত স্থান লাভ কৰা দীপৰ বিলৰ সৌন্দর্যবর্ধন কৰি বিলখনক পর্যটনৰ আকর্ষণৰ কেন্দ্রবিন্দুলৈ উন্নীত কৰাৰ বাবে বহুতো আঁচনি গ্রহণ কৰা হৈছিল৷ আনকি ২০১৯ চনত অসম চৰকাৰৰ ছিগনেচাৰ আঁচনিৰ জৰিয়তে ইয়াৰ বাবে অসম পর্যটন উন্নয়ন নিগমলৈ ১০ কোটি টকাৰ অনুদান আগবঢ়োৱা হৈছিল৷ কিন্তু বন বিভাগৰ বিধি–পথালিৰ বাবে অদ্যাপি আঁচনিখন অনুমোদন হৈ যোৱাৰ পিছতো ৰূপায়ণ কৰিব পৰা হোৱা নাই৷’ –এইদৰে মন্তব্য কৰি বন বিভাগৰ বিৰুদ্ধে আক্ষেপ প্রকাশ কৰিছে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই৷ আজি বিয়লি গডচুক চাৰিআলিত গড়চুক–আজাৰা–পাটগাঁও পথৰ নলাসহ পুনৰ নির্মাণৰ আধাৰশিলা স্থাপন কৰি এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ভাগ লৈ এইদৰে বন বিভাগৰ বিৰুদ্ধে আক্ষেপ প্রকাশ কৰে বিধায়ক কলিতাই৷
আনহাতে, গড়চুক মিলন সংঘৰ সভাপতি মহেন্দ্র বডোৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসম চৰকাৰৰ লোক নির্মাণ বিভাগৰ পশ্চিম গুৱাহাটী ক্ষেত্রীয় পথ সংমণ্ডলৰ কার্যবাহী অভিযন্তা প্রহ্লাদ কাকতিয়ে পথছোৱাৰ কাৰিকৰী দিশ আৰু এইক্ষেত্রত ৰাইজৰ কৰণীয় আৰু সহযোগিতাৰ ওপৰত আলোকপাত কৰে৷ দীপক ৰাজবংশীৰ উদ্দেশ্য ব্যাখ্যাৰে শুভাৰম্ভ হোৱা সভাত অভিযন্তা বুলুৰঞ্জন ডেকা, নেকিবুৰ ৰহমান, গংগাৰাম সাপকোটা আৰু সুকলেশ্বৰ বডো, গডচুক উন্নয়ন সমিতিৰ সভাপতি সুভাস বডো, প্রাক্তন পাৰিষদদ্বয় ব্রজেন দাস আৰু ভূপেন ঠাকুৰীয়া, অগপৰ জ্যেষ্ঠ নেতা ৰাজেন মেধি, সমাজকর্মী উৎপল কুমাৰ দাসকে ধৰি কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে৷