নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঋণাত্মক বিকাশ আৰু জনগণ

ক’ৰোনা ভাইৰাছৰ সংক্রমণে সমগ্র বিশ্বৰ লগতে ভাৰতীয় অর্থনীতিতো প্রত্যক্ষ প্রভাৱ পেলোৱাৰ সময়ত কৃষি খণ্ডত এই সংকটৰ সময়ত আশাৰ সঞ্চাৰ কৰিছে৷ নির্মাণ, পর্যটন, পৰিবহণ আদি সকলো খণ্ডতে অর্থনীতি স্থবিৰ হৈ পৰাৰ বিপৰীতে কৃষিখণ্ডৰ পৰা আহিছে ইতিবাচক বতৰা৷ ৰিজার্ভ বেংকৰ গৱর্নৰ শক্তিকান্ত দাসে প্রকাশ কৰা মতে কৃষিখণ্ডৰ আশাব্যঞ্জক প্রদর্শনৰ বাবেই গ্রামীণ অর্থনীতি ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ মাজতো শক্তিশালী হৈ আছে৷ বিশ্বজোৰা এই দুর্যোগৰ সন্মুখত ভাৰতৰ গ্রামীণ অর্থনীতিয়ে আশাপ্রদ ফলাফল প্রদর্শন কৰিছে৷ ইতিমধ্যে খাৰিফ শস্যৰ উৎপাদন বৃদ্ধিয়ে অভিলেখ সৃষ্টি কৰাৰ আশা দেখা পোৱা গৈছে৷ অনুৰূপ ধৰণে খাদ্য–সামগ্রীৰ উৎপাদন পূর্বৰ বছৰসমূহতকৈ এইবাৰ বৃদ্ধি পোৱাটো কার্যতঃ নিশ্চিত৷ ইয়াৰ পৰা এটা কথাই স্পষ্টভাৱে ক’ব পাৰি যে মহামাৰীৰ তাণ্ডৱৰ সময়তো শ্রম কৰা মানুহৰ শ্রেণীটোৱে জীৱিকাৰ স্বার্থতেই হওক বা দেশৰ উৎপাদন বৃদ্ধিৰ লক্ষ্য, দেহৰ ঘাম মাটিত পেলাই পৰিশ্রম কৰিছে৷ তেওঁলোকৰ পৰিশ্রমে সংকটকালত দেশলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ তেওঁলোকে ইয়াৰ প্রতিদান কিদৰে পায় সেয়া অন্য এক প্রসংগ৷ কিন্তু এটা কথা ঠিক যে সকলোবোৰ গুৰুত্বপূর্ণ খণ্ড ক’ৰোনাৰ সংক্রমণৰ ফলত ব্যাপকভাৱে ক্ষতিগ্রস্ত হোৱাৰ বিপৰীতে এই মহামাৰীৰ পৰা কৃষিখণ্ড প্রায় সুৰক্ষিত হৈ ৰ’ল৷ কৃষক সমাজৰ প্রতি সমগ্র দেশবাসীয়ে ইয়াৰ বাবে কৃতজ্ঞতা জনাবই লাগিব৷ কৃষিখণ্ডই এনে আশাৰ বতৰা কঢ়িয়াই অনাৰ পিছতো দেশৰ সামগ্রিক অর্থনৈতিক বিকাশ চলিত বিত্তীয় বর্ষত ঋণাত্মক হোৱাটো নিশ্চিত হৈ পৰিছে৷ অৱশ্যেই এয়া আছিল অৱধাৰিত৷ কিয়নো ক’ৰোনাৰ সংক্রমণৰ পূর্বেই দেশৰ অর্থনীতি সমস্যা জর্জৰিত অৱস্থাত আছিল৷ ক’ৰোনাৰ সংক্রমণে এই চিন্তাজনক পৰিস্থিতিক আৰু গম্ভীৰ কৰি তুলিলে৷ বিত্তীয় নিটি কমিটীৰ বৈঠকৰ পিছত শক্তিকান্ত দাসে জনোৱা মতে চলিত বিত্তীয় বর্ষত ভাৰতীয় অর্থনৈতিক বিকাশ ৯.৫ শতাংশ হ্রাস পাব৷ এই সংকোচন অত্যন্ত উদ্বেগজনক৷ কিয়নো ইয়াৰ ফলত বিকাশৰ হাৰ শূন্যৰ বহু তললৈ নামি যাব৷ এনে ঋণাত্মক বিকাশৰ হাৰে সাধাৰণ মানুহৰ ওপৰত বিৰূপ প্রভাৱ পেলোৱাটো নিশ্চিত৷ ৰিজার্ভ বেংকৰ মতে, চলিত বছৰৰ শেষৰফালে আৰু অহা বছৰৰ আৰম্ভণিতে পর্যায়ক্রমে দেশৰ অর্থনীতি সুস্থিৰ হোৱাৰ সম্ভাৱনা আছে৷ এইক্ষেত্রত কৃষিখণ্ডৰ অৱদান অত্যন্ত গুৰুত্বপূর্ণ হ’ব৷ ইয়াৰ লগতে দুচকীয়া আৰু চাৰিচকীয়া বাহন, বহুল ব্যৱহূত পণ্য সামগ্রীৰ বিক্রী বৃদ্ধি, ঔষধ প্রস্তুতকাৰকৰ পৰা অহা ইতিবাচক বার্তা, শক্তিখণ্ডৰ বর্ধিত উৎপাদন আৰু শ্রমিকসকল পুনৰ নির্মাণ খণ্ডৰ কামলৈ ঘূৰি অহা ধাৰাই দেশৰ অর্থনীতিক পুনৰ প্রত্যাৱর্তনৰ পথলৈ ঘূৰাই অনাৰ ক্ষেত্রত অৰিহণা যোগাব৷
ৰিজার্ভ বেংকৰ গৱর্নৰৰ ভাষ্যই আশাৰ ছবি প্রদর্শন কৰিলেও বাস্তৱ ক্ষেত্রত অর্থনীতিৰ প্রত্যাৱর্তন কিমান খৰতকীয়া আৰু সাধাৰণ জনতাক সকাহ দিব পৰাকৈ ব্যৱহাৰিক হয় সেয়া হ’ব গুৰুত্বপূর্ণ৷ সর্বসাধাৰণ মানুহে বিকাশৰ হাৰক লৈ চৰকাৰসমূহে ব্যাপক প্রচাৰ চলোৱা ঊর্ধ্বমুখী বিকাশৰ সাৰর্মম কোনোদিনেই বুজি উঠা নাই৷ কাৰণ ভাৰতৰ সর্বসাধাৰণ জনতাৰ জীৱন যাত্রাত বিকাশৰ হাৰে প্রত্যক্ষ বা নির্ণায়ক প্রভাৱ কাচিৎহে পেলোৱা পৰিলক্ষিত হয়৷ কিন্তু বিকাশৰ হাৰ যেতিয়া ৯.৫ শতাংশ সংকুচিত হৈ ঋণাত্মক হ’ব, তেতিয়া সর্বসাধাৰণ জনতাৰ দৈনন্দিন জীৱনৰ ওপৰত কেনেধৰণৰ বিৰূপ প্রভাৱ পৰিব? এয়া অত্যন্ত গুৰুত্বপূর্ণ কথা যদিও কোনেও ইয়াৰ এখন স্পষ্ট ছবি দাঙি ধৰিব পৰা নাই৷ ভাৰতৰ অর্থনৈতিক বিকাশৰ হাৰে ঊর্ধ্বমুখী হৈ থকাৰ সময়তো সর্বসাধাৰণ ৰাইজৰ দৈনন্দিন জীৱনৰ ছবিখনক প্রতিবিম্বিত কৰা নাছিল৷ কিন্তু ঋণাত্মক বিকাশৰ প্রভাৱ সেই একেখিনি মানুহৰ ওপৰত পৰাটো একপ্রকাৰ নিশ্চিত৷ ঊর্ধ্বমুখী বিকাশৰ সমান ভাগ সাধাৰণ জনতাৰ মাজত বিতৰণ কৰাত ব্যর্থ হোৱা চৰকাৰে আগন্তুক বিপদৰ পৰা দেশবাসীক কিদৰে ৰক্ষণাবেক্ষণ দিয়াৰ ব্যৱস্থা কৰে সেয়া হ’ব মন কৰিবলগীয়া৷

You might also like