নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’–‘ইআইএ’ বাতিলৰ দাবীত গুৱাহাটীত আছুৰ মানৱ–শৃংখল

নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ  নাগৰিকত্ব সংশোধনী আইন আৰু পাৰিৱেশিক প্রভাৱ নিৰূপণ অধিসূচনা (ই আই এ) বাতিলৰ দাবীত সোমবাৰে পুনৰ উত্তাল হ’ল গুৱাহাটী মহানগৰীৰ ৰাজপথ৷ সদৌ অসম ছাত্র সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানমর্মে সোমবাৰৰ মহানগৰীৰ গুৱাহাটী ক্লাবত মানৱ–শৃংখল কার্যসূচী ৰূপায়ণ কৰে কামৰূপ (ম) জিলা ছাত্র সন্থাই৷ সংগঠনটোৰ শ শ সদস্যই ‘কা’ আৰু ই আই এ বাতিলৰ লগতে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ দাবীত এই কার্যসূচী গ্রহণ কৰে৷ মানৱ–শৃংখল কার্যসূচীত সদৌ অসম ছাত্র সন্থাৰ লগতে সদৌ অসম ট্রাইবেল সংঘ, সদৌ অসম গোর্খা ছাত্র সন্থা, হাজং ছাত্র সন্থা, গৰিয়া–মৰিয়া–দেশী জাতীয় পৰিষদৰ লগতে বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ প্রতিনিধিয়ে অংশগ্রহণ কৰে৷ সোমবাৰৰ প্রতিবাদী কার্যসূচী সন্দর্ভত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে অসমৰ জনসাধাৰণে ‘কা’ কেতিয়াও মনা নাছিল আৰু ভৱিষ্যতেও মানি নলয়৷ একেদৰে অসমৰ পৰিৱেশ, প্রকৃতি ধ্বংস কৰিবলৈ জাপি দিয়া ই আই এও মানি লোৱা নহ’ব৷ আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ আৰু বাঘজান তৈলখাদৰ ক্ষতিগ্রস্ত লোকসকলক ক্ষতিপূৰণ প্রদানৰো দাবী জনায়৷ ইফালে, ৰাজ্যৰ নতুন আঞ্চলিক দলৰ ৰাজনীতি সন্দর্ভত মন্তব্য কৰি তেওঁ কয় যে ৰাজনৈতিক বিষয়বোৰৰ সিদ্ধান্ত ৰাজনৈতিক দলসমূহে ল’ব৷ কিন্তু জাতীয়তাবাদী ভোটসমূহৰ বিভাজন হ’ব নালাগে৷ জাতীয়তাবাদী ৰাজনৈতিক শক্তি ঐক্যবদ্ধ হ’ব লাগে৷ তদুপৰি অহা নির্বাচন বিদেশীৰ পৃষ্ঠপোষকতা কৰা এটা শক্তি আৰু যিকোনো ধর্মৰ বিদেশীক বহিষ্কাৰ কৰিব বিচৰা শক্তিৰ মাজত অনুষ্ঠিত হ’ব বুলিও তেওঁ মন্তব্য কৰে৷ প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰি আছু নেতৃত্বই জাতিক বিশ্বাসঘাতকতা কৰা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক প্রয়োজনত ৰাজসিংহাসনৰ পৰা ৰাজপথলৈ নমাই অনাৰ হুংকাৰ দিয়ে৷ আজিৰ কার্যসূচীত আছুৰ উপ–সভাপতি বিপুল ৰাভা, কার্যনির্বাহক সদস্য টুটুমণি কলিতা, সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি মেধি, সদৌ গুৱাহাটী ছাত্র সন্থাৰ আহ্বায়ক ৰজমিল আলী, ৰাইফুদ্দিন আহমেদ, আনোৱাৰ হুছেইন, টুটুমণি চৌধুৰী উপস্থিত থাকে৷

You might also like