ছানৰাইজার্ছৰ বিপক্ষে গুৰুত্বপূর্ণ জয় চেন্নাইৰ
নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰঃ গুৰুত্বপূর্ণ বিজয় সাব্যস্ত কৰি চলিত আই পি এলত বর্তি থকাৰ আশা সজীৱ কৰি তুলিছে মহেন্দ্র সিং ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছে৷ মঙলবাৰে ডুবাইত অনুষ্ঠিত মেচখনত চেন্নায়ে ডেভিদ ৱার্নাৰ নেতৃত্বাধীন ছানৰাইজার্ছ হায়দৰাবাদক ২০ ৰানত পৰাস্ত কৰে৷ মেচখনত চেন্নায়ে জয়ৰ বাবে বান্ধি দিয়া ১৬৮ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি কেন উইলিয়ামছনৰ অর্ধশতক সত্ত্বেও ছানৰাইজার্ছে নির্ধাৰিত ২০ অ’ভাৰত ৮টা উইকেট হেৰুৱাই ১৪৭ ৰান কৰে৷ উইলিয়ামছনে ৫৭ ৰান কৰাৰ উপৰি বেয়াৰষ্ট’ৱে ২৩ ৰান কৰে৷
উইলিয়ামছনে ৩৯টা বলত সাতটা বাউণ্ডেৰীৰে ইনিংছটো সজাইছিল৷ প্রিয়ম গার্গে ১৬, বিজয় শংকৰে ১২, ৰশ্বিদ খানে ১৪, ৱার্নাৰে ৯ আৰু মনীষ পাণ্ডেই ৪ ৰান কৰি পেভিলিয়নমুখী হয়৷ চেন্নাইৰ হৈ কর্ণ শর্মা আৰু ড’ৱেইন ব্রেভো উভয়ে দুটাকৈ উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয়ৰ সন্মুখীন হৈ চেন্নাই ছুপাৰ কিংছে নির্ধাৰিত ২০ অ’ভাৰত ৬টা উইকেট হেৰুৱাই ১৬৭ ৰান সংগ্রহ কৰে৷ ৱাটছনে দলটোৰ হৈ সর্বাধিক ৪২ ৰান কৰাৰ লগতে অম্বাটি ৰাইডুৱে ৪১ আৰু অ’পেনাৰ ছাম কৰণে ৩১ ৰানৰ অৱদান আগবঢ়ায়৷ ছাম কৰণ আৰু ডু প্লেচিছে ইনিংছ মুকলি কৰে যদিও দলীয় স্ক’ৰ ১০ ৰানত ডু প্লেচিছ কোনো ৰান নকৰাকৈ পেভিলিয়নমুখী হয়৷ দলীয় স্ক’ৰ ৩৫ ৰানত কৰণো পেভিলিয়নমুখী হোৱাত দলটো বিপর্যয়ত পৰে যদিও ৱাটছন আৰু ৰাইডুৱে তৃতীয় উইকেটৰ যুটিত ৮১ ৰান সংগ্রহ কৰি দলক কিছু সুস্থিৰ অৱস্থাত উপনীত কৰায়৷
অৱশ্যে দুয়োগৰাকী বেটছমেন চাৰি ৰানৰ ব্যৱধানত পেভিলিয়নমুখী হোৱাত চেন্নাই পুনৰ বিপর্যয়ত পৰে৷ অধিনায়ক ধোনী আৰু জাদেজাই পঞ্চম উইকেটত ৩২ ৰান সংগ্রহ কৰি দলৰ উইকেট পতন ৰোধ কৰে যদিও ধোনীয়ে ২১ ৰানত বিদায় লয়৷ অৱশ্যে জাদেজা ১০টা বলত তিনিটা চাৰি আৰু এটা ছয়েৰে ২৫ ৰানত অপৰাজিত হৈ থাকে৷ ব্রেভোৱে কোনো ৰান নকৰাকৈ বিদায় লয়৷ ছানৰাইজার্ছৰ হৈ সন্দীপ শর্মা, খলিল আহমেদ আৰু নটৰাজনে দুটাকৈ উইকেট লয়৷ উল্লেখ্য যে চেন্নাই ছুপাৰ কিংছৰ এয়া আছিল তৃতীয় জয়লাভ৷