নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজস্থানৰ সন্মুখত আজি দিল্লী কেপিটেলছ

নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰঃ ছানৰাইজার্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৰোমাঞ্চকৰ জয়েৰে আত্মবিশ্বাসী হৈ উঠা ৰাজস্থান ৰয়েলছ আজি শক্তিশালী দিল্লী কেপিটেলছৰ সন্মুখীন হ’ব৷ ডুবাই আন্তঃৰাষ্ট্রীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া গুৰুত্বপূর্ণ মেচখনত ষ্টিভেন স্মিথ নেতৃত্বাধীন দলটো জয়ৰ ধাৰা অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে খেলপথাৰত নামিব৷

একেদৰে শেহতীয়া মেচখনত অপ্রত্যাশিত পৰাজয়ৰ সন্মুখীন হোৱা দিল্লী কেপিটেলছে আজি জয়ৰ ধাৰালৈ উভতি অহাৰ সংকল্প লৈছে৷ চলিত আই পি এলত তিনিখন মেচত জয়ৰ মুখ দেখা ৰাজস্থান ৰয়েলছৰ সন্মুখত এই মুহূর্তত প্রধান সমস্যা হ’ল টপ অর্ডাৰৰ শোচনীয় ব্যর্থতা৷ শ্বাৰজাহত খেলা প্রথম দুখন মেচত ৰানৰ জোৱাৰ তোলা অধিনায়ক স্মিথ আৰু সঞ্জু ছেমছন শেহতীয়া চাৰিখন মেচত একেৰাহে ব্যর্থ হৈছে৷ অ’পেনাৰ জ’ছ বাটলাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৭০ ৰানৰ আকর্ষণীয় ইনিংছ খেলে যদিও ছানৰাইজার্ছৰ বিৰুদ্ধে পুনৰ ব্যর্থ হয়৷ অৱশ্যে প্রতিভাৱান মিডল অর্ডাৰ বেটছমেন ৰিয়ান পৰাগৰ সাহসী বেটিঙে দলটোৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে৷

শেহতীয়া মেচত মেচ উইনিং ইনিংছ খেলা অসম সন্তান ৰিয়ানৰ ওপৰত আজি পুনৰ ক্রিকেটপ্রেমীৰ দৃষ্টি নিবদ্ধ থাকিব৷ ইফালে, তাৰকা অলৰাউণ্ডাৰ বেন ষ্ট’কছক আজি মিডল অর্ডাৰত বেটিং কৰিবলৈ দিয়াৰ ইংগিত দিছে অধিনায়ক স্মিথে৷

উল্লেখ্য যে ছানৰাইজার্ছৰ বিৰুদ্ধে চলিত আই পি এলত প্রথমখন মেচ খেলা ষ্ট’কছে অ’পেনাৰৰ ৰূপত প্রত্যাশিত সাফল্য অর্জন কৰিব পৰা নাছিল৷

আনহাতে, শেহতীয়া মেচখনত মুম্বাই ইণ্ডিয়ানছৰ হাতত পৰাজয়ৰ সন্মুখীন হোৱা দিল্লী কেপিটেলছে মিডল অর্ডাৰৰ প্রদর্শন উন্নত কৰাৰ লক্ষ্যৰে আজি ৰাজস্থানৰ বিৰুদ্ধে অৱতীর্ণ হ’ব৷ যোৱা সপ্তাহত প্রথম লেগৰ মেচত ৰাজস্থানক ৪৬ ৰানত পৰাস্ত কৰি দলটো মানসিকভাৱে আগবাঢ়ি আছে৷ অধিনায়ক শ্রেয়াছ আয়াৰ, পৃথ্বি শ্ব, শিখৰ ধাৱন আৰু মার্কাছ ষ্টইনিছৰ প্রদর্শনৰ ওপৰত দলটোৰ সাফল্য নির্ভৰ কৰিব৷ ঋষভ পণ্টৰ অনুপস্থিতিত আজিংক্য ৰাহানেই আজি পুনৰ সুযোগ পোৱাৰ সম্ভাৱনা আছে৷
খেলৰ সময়- সন্ধিয়া ৭.৩০ বজা৷

You might also like