মুলুকৰ বতৰা কি মুখ্য মন্ত্রী মহোদয় আৰু অন্যান্যগণ?
মাননীয় মুখ্য মন্ত্রী তথা গৃহ মন্ত্রী মহোদয় আৰু চৰকাৰৰ অন্যান্য মাননীয় মন্ত্রীগণ, দ পানীৰ মৎস্যাৱতাৰ, বহু শক্তিমান আমোলা চাহেব–চাহেবাসকল, আৰক্ষী চাহেব–চাহেবাসকল আৰু তন্ত্রৰ ভিন্ ভিন্ অংগ–প্রত্যংগসমূহ, – আপোনাসৱ আটাইকে যথাবিহিত সম্ভাষণ–শুভেচ্ছা জনালোঁ৷ আমিসৱে বসবাস কৰা অসম নামৰ অজান্তি মুলুকখন কেনে আছে, কেনে চলিছে, তাৰে যিকণ ভু–ভা পাওঁ, সেইকণকে আপোনাসৱৰ লগতে, নদাই, ভদাই, লঠৌ, টকৌ, গেন্ধেলা, কণটিলৌ, ধেপেচী, লেৰেলী, মেচেকী, কান্দুৰী, গেদগেদীহঁতৰ লগতো ভাগ–বটোৱাৰা (‘ভাগ–বতৰা’ নহয়) কৰি, বোলোঁ– ‘কঙালী আদৰণি’ এফেৰিকে পাতোঁ বুলিহে আজিৰ এই কলম পিহা ‘ক্ষুদ্রোৎসৱ’–ৰ আয়োজন৷
মুখ্য মন্ত্রী মহোদয়, এতিয়া হস্তিনাপুৰ–ইন্দ্রপ্র আৰু প্রাগ্জ্যোতিষপুৰত একেয় চৰকাৰ,– মানে, একেটা প্রধান দলৰ চৰকাৰ৷ ৱইসাইতো পুচ্ছ্ পাকৰ্কে ঝুল্ ঝুল্কে মর্য়াদা দলম ৰক্ষা কৰনে’ৱালে’তো বহত্হী হঁ্যেয়, জেইসা কী হমাৰে অপ্নে মুল্ক্মে’ ৱ ‘আঞ্চলিষ্ট্রীয়তাৱাদী’ দল ঔৰ্ – ছত্তা যাহাঁ হামভী হমে’শা ৱহাঁ দল৷ এনেয়েও, বিগত বহু বছৰ জুৰি আমাসৱৰ অজান্তি মুলুকৰ ৰাজনৈতিক–সামাজিক পৰিস্থিতি মহা ধুঁৱলী–কুঁৱলী, বিল্কুল্ ধুঁৱা জেইসা৷ এতিয়া, বিধান সভাৰ মহামাৰীকালীন পৰৱর্তী নির্বাচন ওচৰ চাপি অহাৰ লগে লগে কথা–কাণ্ডবোৰ দিনে দিনে, তাহানি (প্রয়াত) মুনীন বৰুৱাৰ মুখত শুনা– ‘কাক ক’ত চিনো আজি/গিলাচ ভৰাই দিয়াঁ বাকি/জীৱনৰ লগৰী– ঈ–ঈ/বিয়ে(ৰ্), ব্রেণ্ডি, ৱিস্কি’ – যেন হৈ আহিছে৷ ভাং খোৱা হাতীৰ নিচিনা ৰাজনৈতিক নেতা, পালিনেতাসকলৰ কথা বাৰু বাদ৷ সাধাৰণ ভোটদাতাসকলৰো বুজন সংখ্যক একাংশই আৰু কিছুদিনৰ পাছত চকু ফুটা পঁইতাচোৰা আৰু সাঁজপানী, আপং, ফটিকা খোৱা, নিগনি, চুকভেকোলা, পাত বেং আৰু কুমাৰণীৰ দৰে আচৰণ কৰাৰ লক্ষণ দেখা গৈছে৷
এফালে এচাম লোকে হিন্দুত্বৰ উন্মাদনাত শিৱসাগৰ, দেৰগাঁও, উমানন্দ, শুক্লেশ্বৰ, ছত্রকাৰ, উগ্রতাৰাৰ দৌল–দেৱালয়ৰ বৰঠাকুৰ, বৰপূজাৰী, শর্মা, ভট্টাচার্য, দলৈগণক নেওচা দি হৰিদ্বাৰ, ঋষিকেশ, ৱাৰানসীৰপৰা ‘পণ্ডিত’, পূজাৰী আমদানি কৰি আনি ৰাইজক নাভূত–নাশ্রুত পূজা–পাতল দেখুৱাই–শুনাই চেষ্টা চলাইছে, ধর্মোন্মাদনাত বিভংগ নৃত্য কৰি নিজৰ জাতীয় ভাষা–সাহিত্য–সংস্কৃত্ বিসর্জন দিয়াবলৈ, আৰু আনফালে আন এচামে চেষ্টা চলাইছে উপ–মহাদেশীয় পৰিমণ্ডলৰ বহিঃজগতৰ ভাষাত লিখিত শিৰোনাম বস্ত্র আঁৰি জনসমাৱেশত বটালীৰে মূৰ খুলি লাওখোলাত এই বাণী সুমাই দিবলৈ যে– ‘তোমালোক যতেই থাকাঁ আৰু যি ভাষাকে কোৱাঁ লাগে, চকু, মুখ, কাণ কিন্তু পোনাই ৰাখিবাঁ সৌ মক্কাৰ ফাললৈ’৷ মূলতে এই পশ্চাদপটতে হ’ব আগন্তুক (‘আগন্তক’ নহয়) নির্বাচন৷ বাকীবোৰ চূণ–চুৰুকি, জাল তর্ক, মুখ চুপতি৷
কিন্তু বাস্তৱ ক্ষেত্রত হৈছে কি? মানুহবোৰে খাইছে–বৈছে কেনেকৈ মানুহবোৰ চলিছে কেনেকৈ, আছে কেনেকৈ? মই নিজে হাতত জোলোঙা (মানে,– বেগ্) লৈ দোকান–বজাৰ ঘূৰি ঘৰ চলোৱা মানুহ দোকান–বজাৰ, দোকানী–বেপাৰীৰ আওভাও বেছ কিছু, ‘থোৰা বহত’ বুজোঁ৷ সময় যিযেয় নহওক, ক্রেতাক মাধমাৰ মাৰি ঠগাটো, সৰু–ডাঙৰ, খুচুৰা–পাইকাৰী, সকলো বণিয়াৰে ধর্ম৷ এতিয়া ক’ভিড্ কালত সিসৱক পায় কোনে? তাতে, ভা (–ৰতীয়) জ(–নতা) পা(–র্টী) বণিয়াৰ পার্টী৷ টাটা, বিৰলা, ডালমিয়া, জৈন, কির্লোস্কাৰ, মিট্টাল, ৱাডিয়া, আম্বানী, গড্ৰে’জ্ আদিগণৰ লগত কংগ্রে’ছ্ দলৰো দহৰম–মহৰম প্রাচীন৷ তাৰ মাজতে, ৰাজহুৱা হজমৰ বাবে ঘোষিত কিছু কথাৰ বাবে হ’লেও, অন্ততঃ বাহিৰত দেখুওৱাকৈ, কংগ্রে’ছৰ এটা মুখলজ্জা আছিল৷ কিন্তু ভাজপাৰ সেইফেৰাও নাই৷ ভাজপা, দেখাদেখিকৈয়ে এটা বৃহৎ পুঁজিপতি বণিয়াৰ পোষ্য দল৷ এই দলৰ কথা হ’ল,– পুঁজিপতিক ৰক্ষণাবেক্ষণ দিয়াটোৱেয় ৰাষ্ট্র যন্ত্রৰ অন্যতম প্রধান কর্তব্য এতেকে, তুমি যদি শোষিত, তেন্তে, যাক যেনেকৈ পাৰাঁ, তুমিও কৰাঁ শোষণ তাত আমি কৰিবলগীয়া একো নাই৷
বান, খহনীয়া আৰু মহামাৰীৰ মাজতো বজাৰত কৃষিজাত খাদ্য সামগ্রীৰ অভাৱ হোৱা নাই৷ বানে মৰাৰ পাছতো খেতিয়কে খেতি কৰিয়েই আছে বজাৰত বস্তু ওলায়েই আছে৷ কিন্তু দলীয় দালাল, আৰক্ষী আৰু ‘বৃত্তিধাৰী’ পৰজীৱী দালাল–গুণ্ডাৰ গুণ্ডাৰাজৰ চেপাত মানুহে ত্রাহিমধুসূদন সুঁৱৰিছে৷ কিন্তু আপোনাসৱৰ চৰকাৰে একো নকৰে, কৰিব নোৱাৰে৷ কিয় নোৱাৰে, কিয় নকৰে ক’ৰ পইচা কেনেকৈ ক’লৈ যায়, সেই কথা আটায়ে জানে৷ নাজানে মাথোন আপোনাসৱেহে৷ মজলীয়া বিধৰ এটা পৰিয়ালে এসাঁজত খাব পৰা এটা বন্ধা কবিৰ দাম ৫০–৭০ টকা৷ ফুল কবিৰ দাম মই নোসোধোঁ৷ পোকে খোৱা বেঙেনাৰ দাম, এক কে’ জীত ৬০–৭০ টকা৷ বহুবিধ বস্তুৰ দাম বেপাৰীয়ে কিলোগ্রেমৰ হিচাপত নকয়, ক্রেতাক নিচুকাবলৈ ‘পোৱা’ (আঢ়ৈশ গ্রেম)ৰ দাম কয়৷ যোৱা বছৰলৈকে যিখিনি সময়ত খুতুৰা আৰু মৰিচা শাক,– দৰ দাম কৰি দহ টকাত সাত/আঠ মুঠি পোৱা গৈছিল, এই বছৰ সেইখিনি সময়তে, তেনে সাত/আঠ মুঠি শাকৰ বাবে ভৰিব লাগে ৩৫/৪০ টকা৷ ভেণ্ডিৰ দামনো কে’ জীত ৬০/৭০ টকা হ’ব লাগেনে বাৰু? জলকীয়াৰ কে’ জীত দুশ টকা মানুহে জলকীয়া সুকীয়াকৈ কিনাতকৈ, ইবিধ–সিবিধ বস্তু দুশ–আঢ়ৈশ গ্রেম বা আধা কে’ জী কিনাৰ পাছত, বেপাৰীক জলকীয়া কেইটামান ‘লগাই দিবলৈ’ কৈ জোলোঙাটো আগুৱাই দিয়ে৷ চাহ–মিঠাইৰ দোকানত সজাই থোৱা মিঠাইবোৰলৈ কৰুণভাবে চাই বাহিৰত থিয় হৈ থকা আমন–জিমন ল’ৰা–ছোৱালীবোৰলৈ কেতিয়াবা মন কৰিছেনে? পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সমিতি(WAMPCU)ৰ দ্বাৰা উৎপাদিত দুগ্ধ সামগ্রী প্রস্তুতকৰণৰ পাঞ্জাবাৰীস্থ কাৰখানা তথা মুখ্য কার্য্যালয়ত গুজৰাত (টx)ৰপৰা চালানকৃত ৭/৮ জন দুগ্ধ বিশেষজ্ঞ বহাৰেপৰা, পূৰৱী গাখীৰৰ আধা লিটাৰৰ একোটা থোঙা (পেকিট্)ৰ দাম দুই–তিনিমাহৰ মূৰে মূৰে দুটকাকৈ বঢ়া হ’ল৷ পূৰৱী ক্রীম নোহোৱা হ’ল৷ মহামাৰীৰ আলমত, দুশ গ্রেম পূৰৱী পনীৰৰ দাম ৭৮ টকাৰপৰা ৮৫ টকা কৰা হ’ল৷ এতিয়া ‘পূৰৱী’ৰ ঠাইত গুজৰাতৰ ‘আমূল’–ৰ জয়জয় ময়ময়৷ কিন্তু কোনেও একো নামাতে মাতিব নোৱাৰে৷ চৌদিশে এক অঘোষিত জৰুৰী অৱস্থা৷ তাৰ মাজতে নির্বাচনী যোগ–বিয়োগ–পূৰণ–হ্ অংক আৰু জনগোষ্ঠীভিত্তিক নির্বাচনী আস্ফালন, হুংকাৰ৷ অতি ‘সুযোগ্য’, ‘সুদক্ষ’ বুলি তথা নির্বাচনী ৰণত জয়লাভত সিদ্ধহস্ত ৰূপে খ্যাত, ফণীভূষণ চৌধুৰীদেৱ এনে হেন সময়ত খাদ্য আৰু (ও?) অসামৰিক যোগান মন্ত্রী হৈ থকাটো কিন্তু আমাৰ বাবে কম ভাগ্যৰ কথা নহয়
সদৌ অসম ছাত্র সন্থা (সংস্থা)ৰ অন্যান্য প্রায় আটাই অ–ছাত্র সভাপতি আৰু অ–ছাত্র সাধাৰণ সম্পাদক তথা অন্যান্য অ–ছাত্র বিষয়ববীয়াৰ দৰেই অন্যতম অ–ছাত্র সভাপতি পদৰপৰা গৈ, ১৯৮৫ চনৰ ২৪ অক্টোবৰত সেইটো ‘সন্থা’ৰ দ্বাৰাই গোলাঘাটত প্রতিষ্ঠিত আৰু উন্মোচিত ৰাজনৈতিক দোকান অ (–সম) গ(–ণ) প(–ৰিষদ)ৰ হর্তা–কর্তা সভাপতি হোৱা (কনিষ্ঠ) অতুল বৰাই অগপৰপৰাই এবাৰ বিধায়ক হোৱা সেইজনা অতুল বৰাই এতিয়াও ‘সন্থা’–প্রতিষ্ঠিত সেই অগপৰে সভাপতি হৈ থকা অতুল বৰাই তথা মহা ভাতৃ ভাজপাৰ ক্ষুদ্র ভাতৃ ৰূপে, ভাজপা নেতৃত্বাধীন মন্ত্রীসভাৰ ভিতৰতে ‘বিৰোধী সদস্য’ হৈ থকা, ‘কেব্’ বিৰোধী, ‘কা’–বিৰোধী, ভ্রাতা বিভীষণ, পশু পালন আৰু পশু চিকিৎসা অমাত্য অতুল বৰাই বাৰু জানেনে যে অসমৰ অতি সোৱাদ থলুৱা কুকুৰা (‘লোকেল মুর্গী’)বোৰ অসমৰ বজাৰৰপৰা প্রায় সম্পূর্ণৰূপে অন্তর্ধান হ’ল? ক’ৰবাত কেতিয়াবা গোটাদিয়েক ওলালেও, কক্–কক্হঁতৰ দাম, প্রতি কে’ জীত, কেইমাহমানৰ আগৰ ২৮০ টকাৰপৰা উন্নতি কৰি ৪৫০ টকা হ’লহি৷ এতিয়া ‘ছাত্র’ সন্থাই ৰাজনৈতিক দল খোলাত আগভাগ লোৱাত ‘তীব্র প্রতিক্রিয়া’ প্রকাশ কৰা, ছাত্র সন্থাৰ প্রাক্তন সভাপতি, অগপৰ বর্তমান সভাপতি, মন্ত্রীসভাৰ ‘বিৰোধী সদস্য’ পশুধন অমাত্য অতুল বৰাই জানেনে যে অসমীয়া কক্–কক্হঁত ‘মিস্তা(ৰ্) আছাম’ হৈ পৰাৰ প্রধান কাৰণ হ’ল, দালালৰ ৰম্যভূমি অসমৰপৰা এটা দালাল চক্রৰ দ্বাৰা, সিহঁতক বহিঃৰাজ্যলৈ চালানকৰণ? এতিয়া অসমৰ ‘লোকেল মুর্গী’ৰ বজাৰ দখল কৰিছে পশ্চিম বংগ আৰু বিহাৰৰপৰা অহা, ‘শিলিগুৰি’ নামে খ্যাত, ‘ক্রইলা(ৰ্) মুর্গী’য়ে৷ অনেক দগাবাজ বেপাৰীয়ে সিবোৰকে ‘লোকেল’ বুলি বেচি মুলুকৰ বেছিভাগ গ্রাহকক টাঙোনৰ আৰু একোটাকৈ কোব শোধাইছে বাপ্পেকে৷ পিচে, সি যি কি নহওক, ১৯৮৫ চনত অগপ খুলি তাৰ সভাপতি, সম্পাদক আদি ইত্যাদি হওঁতে প্রফুল্ল মহন্ত, ভৃগু ফুকন, ললিত ৰাজখোৱা আদি কণমানি ছাতৰহঁতে ‘পিছভাগ’ লৈছিলনেকি? তাৰ দাই তাকে কাটে, তাৰ হিলৈ তাকে মাৰে পিচে, কাৰ পেটৰ কথা বা কাৰ মুখে ওলাইছে
ব্যৱসায়ী মহলৰ বৃহৎ একাংশৰ বাবে কৰ’না ভাইৰাছে সৃষ্টি কৰা মহামাৰী ক’ভিড্–১৯–ও হ’ল এক আশীর্বাদ৷ লক্ডাউনৰ ফল স্বৰূপে যাতায়াত আৰু যোগাযোগ ব্যৱস্থাত ঘটা বিঘিনিৰ সুবিধা লৈ, জীৱন ৰক্ষাকাৰী ঔষধ আৰু বিভিন্ন প্রস্তুতকৃত সামগ্রীৰ প্রস্তুতকর্তা, মজুতদাৰ, সৰবৰাহকাৰী আৰু পাইকাৰী ব্যৱসায়ীয়ে নানানটা কায়দা–কিটিপেৰে সেই সামগ্রীসমূহ বজাৰৰপৰা হৰণলুকী কৰি নাটনিৰ সৃষ্টি কৰি মাহদিয়েক পাছত একেবোৰ সামগ্রীকে নতুন আর্হি আৰু নতুন ৰঙৰ ঠোঙা, বটল, টেমা আদিত ভৰাই অভাৱনীয় নিৰিখত দাম বৃদ্ধি কৰি ধাৰকৰ ওপৰত নতুন দামৰ ছাপ মাৰি বজাৰত উলিয়াই দি গ্রাহকক নির্মমভাবে লুণ্ঠন কৰি ধনৰ নতুন নতুন পাহাৰ গঢ়িলে৷ তেনে লুণ্ঠন প্রতিৰোধ আৰু বন্ধ কৰিবলৈ কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে নিজ নিজ পর্য্যায়ত কিবা ব্যৱস্থা গ্রহণ কৰিলেনে?
খোৱা পানীটোপাৰ ব্যৱস্থা কি? খোদ ৰাজধানী চহৰ গুৱাহাটীতে ‘জল বৌর্ড’ৰ পানী বোকা মিহলি আৰু যোগান অনিয়মীয়া৷ ৰান্ধনী শালৰ বাচন–বর্তন, গা ধোৱা ঘৰৰ বাল্টি, পিন্ধা কাপোৰৰ ৰং মদৰুৱা৷ আন ঠাইৰ পানীৰ কথা কোৱাৰ কি প্রয়োজন? কার্বি আংলং, নগাঁও, গোলাঘাট, মৰিগাঁও আদি অনেক জিলাৰ বিস্তৃত অঞ্চলত, আর্ছেনিক আদি বিভিন্ন বিষাক্ত পদার্থ মিহলি পানী খাই ফ্লু’ৰ’ছিছ ৰোগত ভূগি হাজাৰ হাজাৰ ল’ৰা–ছোৱালী ৮/৯/১০ বছৰ বয়সতে (হাত–ভৰি ধেনুভিৰিয়া হোৱা, দাঁত সৰা আৰু চুলি সৰি তপা হোৱাৰ ফলত) বুঢ়া–বুঢ়ী হৈছে, তাৰ বাবে, জন স্বাস্থ্য কাৰিকৰী মন্ত্রী গৌতম ৰয়, ৰিহণ দৈমাৰী আদিয়ে কাহানিবা কিবা উত্তৰ দিবলগীয়া হ’লনে?
মুখ্য মন্ত্রী মহোদয়, বিদ্যুৎ যোগানৰ কথানো কি ক’ম ইজনৰ পাছত সিজনকৈ শক্তি মন্ত্রী হৈও ৰাজ্যত এক একক (য়ূনিট্) বিদ্যুৎ শক্তিও উৎপাদন কৰিব নোৱৰা, প্রাক্তন অতিৰিক্ত মুখ্য সচিব ভানুক ‘বুঢ়া গৰু’ আখ্যা দিয়া নিষ্কর্মা ডেকা পল্লৱলোচন দাস, আৰু ছাত্র সন্থাৰ ভিতৰ মহলৰপৰাই গোপনে যোগাযোগ চলাই ভাজপাত যোগ দি মন্ত্রী হোৱা তপন গগৈ এতিয়া সংসদৰ ঠাণ্ডা ঠাণ্ডা কূল কূল ছাঁত নিদ্রা দেৱীৰ কোলাত৷
মহামাৰীৰ শাসন চলি আছে৷ অনেক লোকে, বিশেষকৈ অনেক বাকচ সাংবাদিকে, ‘মাক্স্–মাক্স্’ MAAX/MAAKS?) বুলি আটাহ পাৰি থকা ‘মাস্ক’ MASK) নিপিন্ধাকৈ বহুতো লোকে, বিশেষকৈ মিস্ত্রি, যোগালি আদিয়ে মুক্তভাবে বিচৰণ কৰিয়েই আছে৷ মাস্ক্ জেপৰ ভিতৰত বা ‘বাসা’ত৷ সেইসকল লোক কোন, আটায়ে জানে৷ মাস্ক্ নিপিন্ধাকৈ ৰাজহুৱা ঠাইত ঘূৰি ফুৰা মানুহৰ শাস্তি ঘোষণা কৰি এদিনীয়া ভেঁকো ভাওনা এখন পাতি, সমস্ত দায়িত্ব ৰাইজলৈ ঠেলি চৰকাৰ শেতেলিত পৰিল৷ মই দোকান–বজাৰকে ধৰি বহু ঠাইত, মাস্ক নিপিন্ধা মানুহ দেখিলেই বহু কথা কৈছোঁ৷ এতিয়া কিছুমান ঠাইত মোক দেখিলেই একাংশ লোকে জেপৰপৰা মাস্ক্ উলিয়াই মুখত পিন্ধি লয় আৰু, চন্দ্রমোহন পাটোৱাৰী আৰু ৰঞ্জিত দাসৰ দৰে ডিঙিত মাস্ক্ পিন্ধি থকা আন একাংশই মাস্ক্বোৰ ডিঙিৰপৰা নাক–মুখলৈ উজাই লয়৷ কিন্তু, কিমান দিন? আৰু, মই সদায় এইবোৰ কিয় কৰি থাকিম? যদি কাহানিবা ক’ৰবাত কোনোবাই মোক মাৰ–ধৰ কৰে, তেতিয়া চৰকাৰ বাহাদুৰে কি কৰিব?
প্রফুল্ল মহন্ত মন্ত্রীসভাত আলু বীজ কেলেংকাৰী আৰু অগভীৰ নলী নাদ কেলেংকাৰী খ্যাত তথা সোণোৱাল মন্ত্রীসভাত বাছ ভাৰা বৃদ্ধিত উদ্যোগ লোৱাৰ বাবে খ্যাত, উদ্যোগ আৰু পৰিবহন মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ ভাগ্য ভাল যে চলিত বছৰটোত মহামাৰীৰ ৰাজত্বৰ পৰিপ্রেক্ষিতত ম’টৰ যান–বাহনৰ চলাচল বহু সীমিত হোৱাৰ সুবাদতে মন্ত্রীপ্রৱৰে এই বছৰ যান–বাহন দুর্ঘটনা ‘বহু হ্রাস পোৱা’ বুলি বুকুত হাত থৈ ‘বয়ান’ দিব পাৰিব তথাপি, ভোকাতুৰ, তৃষ্ণাতুৰ, উদণ্ড ডাম্পা(ৰ্) বীৰসকলে সুবিধা পালেই নৰমাংস আৰু নৰৰক্তৰ সোৱাদ ল’বলৈ এৰা নাই৷ কিন্তু, তথাপি, ডাম্পাৰৰ প্রতি চৰকাৰ বাহাদুৰৰ মনোভাৱ যেন কৱি মেথিউ আ(ৰ্)নল্ড্–এ শেইক্স্পীয়েৰক সম্বোধি লিখাৰ দৰে– ‘আদার্য্ এবাইড্ আৱা(ৰ্) কুৱেসট্শ্ন্, দাউ আর্ট্ ফ্রী’ বিগত কেইবাটাও দশকৰ মন্ত্রীসভাবোৰত এনে একাধিক সদস্য আছিল/আছে যিসকলে, তেখেতসকল বিভিন্ন ‘ছাত্র সংগঠন’ আৰু ‘যুৱ সংগঠন’ৰ অ–ছাত্র প্রৌঢ় নেতা হৈ থাকোঁতে পে’ট্রল (–পেট্র’ল–নহয়) আৰু ডীয্ল্ ডে’পৌত গাড়ী সুমুৱাই টেংকিত ৩০/৩৫ লিটাৰ তেল ভৰাই, বিনিময়ত,– ‘দাদা আহিলোঁ দেই’ বুলি, হাঁহি ‘টা–টা, বাঈ–বাঈ’ দি ৰাজপথৰ বিভাজক (ডিভাইডা(ৰ্))ৰ সোঁ ফালেদি ফোঁ–ফোঁৱাই গাড়ী চলাই প্রস্থান কৰিছিল৷ তাহানিতে দলবিশেষৰ জিলা শাখাৰ নেতৃস্থানীয় বিষয়ববীয়া হৈ থাকোঁতে, ‘ভাৰা গাড়ী’ ৰূপে পঞ্জীয়ন নকৰা, নিজৰ ব্যক্তিগত গাড়ী ১৮/২০ কিলোমিটাৰৰপৰা ৬০/৭০ কিঃ মিঃ দূৰত্বলৈকে ভাৰা গাড়ী ৰূপে চলোৱা ব্যক্তিও সময়ত ৰাজ্যৰ মুখ্য মন্ত্রী ৰূপে অধিষ্ঠিত হৈছিলগৈ৷ কত আমোলা–বিষয়া আৰু আৰক্ষী বিষয়াৰো নিজৰ ‘প্রাইভেইট্ টেক্সি’ আছে তেনে স্থলত, চৰকাৰৰ দ্বাৰা ৰাজপথত যান–বাহন আইন বলৱৎকৰণ? তাকে জানিবা মই ‘মাই ফূট্’ নুবুলি,– বোলোঁ– ‘গছত গৰু উঠা, হোলোঙাৰে কাণ বিন্ধোৱা কথা’
সামৰণিত, আৰক্ষীৰ উপ–পৰিদর্শক বাছনি কেলেংকাৰীৰ ‘মূল নায়ক’ ৰূপে প্রচাৰিত, প্রশান্ত দত্তৰ কথা মানে, অধিকাংশ সংবাদ মাধ্যমত ‘পি কে’ ৰূপে অভিহিত, পী কে’ দত্তৰ কথা৷ দত্তই আৰক্ষী বাহিনীত নিশ্চয় ৩৫/৩৬/৩৭ বছৰ কাল চাকৰি কৰিছিল৷ সেইছোৱা কালত ৰাজ্যৰ মুখ্য মন্ত্রীয়ে, গৃহ মন্ত্রীয়ে, চৰকাৰৰ মুখ্য সচিবসকলে, আৰক্ষী সঞ্চালক প্রধানসকলে, গৃহ বিভাগৰ দায়িত্বপ্রাপ্ত অতিৰিক্ত মুখ্য সচিবসকলে, বিভাগৰ প্রধান সচিব, আয়ুক্ত সচিব আৰু সচিবসকলে, আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা (ছী আই ডী)ই, মুখ্য মন্ত্রীৰ দুর্নীতি বিৰোধী তদাৰকী শাখাই আৰু অর্থনৈতিক অপৰাধ অনুসন্ধান শাখা (বী আই ঈ অউ)ই দত্তৰ পর্বতপ্রমাণ সা–সম্পত্তি আৰু সিবোৰৰ উৎসৰ একো নাম–গোন্ধ পোৱা নাছিলনে? নে, কথাটো বাৰু এনেকুৱা নেকি? মানে, যদি মোৰ স্মৃতিশক্তিয়ে মোক প্রতাৰণা কৰা নাই, তেন্তে, এসময়ত শোণিতপুৰ জিলাৰ,– এনে নামৰ এজন আৰক্ষী বিষয়াই উল্ফাৰ নে আন কোনো উগ্রপন্থী সংগঠনৰ এজন পলাতক ‘সৈনিক’ক নিজে গবা মাৰি ধৰি কৰায়ত্ত কৰিছিল৷ যদি এইজনেয় সেইজন, তেন্তে, সেইটোও নেকি, প্রতিখন চৰকাৰ তেওঁৰ প্রতি ‘সহনশীল’ হোৱাৰ কাৰণ? হয়তো দত্ত ‘পুঠি–খলিহনা’ নহয়, ‘ৰৌ’ বা ‘বৰালি’হে কিন্তু কেলেংকাৰীটোত তেওঁৰো ওপৰত তিমি (হোৱেইল্) আৰু শার্ক্ Shark) মাছো আছে৷ উলিয়াওক৷ কেঁচু খন্দাতে থমকি নৰ’ব সাপো খান্দক৷
শুনক, শুনক, শুনক,– এই যে কেলেংকাৰীটোৰ পম খেদি থাকোঁতে এতিয়ালৈকে পাঁচ কোটিতকৈও অধিক অবৈধ লেন–দেনৰ টকা ওলাইছে (আৰু ওলাব), তাৰ সাৰাংশ হ’ল, দুটকীয়া, এটকীয়া আৰু বিনামূলীয়া চাউল পাই লাচিত, জয়মতীৰ উত্তৰসুৰীসৱে যে পৈতৃক মাটি–ভেটি আৰু খেতি–বাতিলৈ পিঠি দি চৰকাৰী চাকৰিৰ তপস্যাত ধৰিলে, তাৰ ফলত সোণৰ অসমৰ আৰু কেইশমান বিঘাৰ সোণ অনা–সমীয়া বণিয়াৰ হস্তগত হ’ল৷