নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰত এলজেপিৰ সন্মুখত তীব্র প্রত্যাহ্বান

নিজৰ শক্তিৰে যুঁজিব লাগিব চিৰাগ পাছোৱানে

নিয়মীয়া বাৰ্তা ১৫ অক্টোবৰঃ  আগন্তুক ২৮ অক্টোবৰৰ পৰা তিনিটা পর্যায়ত অনুষ্ঠিত হ’বলগীয়া বিহাৰ বিধানসভা নির্বাচন এইবাৰ লোক জনশক্তি পার্টী (এলজেপি)ৰ বাবে এক অগ্ণিপৰীক্ষা সদৃশ হ’ব৷ নীতিশ কুমাৰৰ সৈতে মতানৈক্য বৃদ্ধি পোৱাৰ পিছত বিহাৰত অকলে নির্বাচনত প্রতিদ্বন্দ্বিতাৰ সিদ্ধান্ত লৈছে দলটোৱে৷ লক্ষণীয়ভাৱে বিজেপি তথা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রতি আস্থা আছে যদিও এল জে পিয়ে নীতিশ কুমাৰৰ নেতৃত্বত বিহাৰত প্রতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈছে৷ ইতিমধ্যে বিজেপি আৰু নীতিশৰ জে ডি(ইউ)এ আসন ভাগ–বাটোৱাৰা কৰিছে৷ ফলত সংকট বৃদ্ধি পাইছে এল জে পিৰ৷ ইফালে, বিজেপিয়ে জে ডি(ইউ)ৰ সৈতে মিত্রতা ৰক্ষা কৰি নির্বাচনত ঐক্যবদ্ধভাৱে প্রচাৰ চলোৱাৰ সিদ্ধান্ত লোৱাৰ লগে লগে এন ডি এ শিবিৰত এল জে পিৰ গুৰুত্ব হ্রাস পাইছে৷ গতিকে এল জে পিৰ নেতা চিৰাগ পাছোৱানৰ বাবে এইবাৰ নির্বাচন হৈ পৰিছে এক প্রত্যাহ্বান৷ নিজৰ শক্তিৰ ওপৰত নির্ভৰ কৰিয়েই নির্বাচনত দলটোৱে দেখুৱাব লাগিব চমৎকাৰ৷ এনে পৰিস্থিতিত বিহাৰৰ নির্বাচনী যুঁজ হৈ পৰিছে আকর্ষণীয়৷

You might also like