একেবাৰে ওলোটা স্বভাৱৰ ব্যক্তিৰ প্ৰেমত পৰিছে নেকি… সম্পৰ্ক চম্ভালিব কিদৰে?
নিয়মীয়া বাৰ্তা ১৫ অক্টোবৰঃ প্ৰেম হৈছে এক স্বৰ্গীয় অনুভূতি। লগতে এই আৱেগে বহু ক্ষেত্ৰত ঢুকি নাপায় বাস্তৱতাক। মতৰ অমিল হলেও মনে বিচাৰে মিল। নিজতকৈ ওলোটা স্বভাৱৰ ব্যক্তিত্বৰ লগতো হৈ যায় প্ৰেম। দুয়ো যেন বিপৰীত মেৰুত অৱস্থান কৰা প্ৰেমিক-প্ৰেমিকা। অথচ এৰিও চলিব পৰা নাযায় ইজনে সিজনক। এনে অৱস্থাত আপুনিও যদি বিপৰীত মেৰুৰ কাৰোবাৰ লগত প্ৰেমত পৰিছে, তেন্তে জানক কিদৰে সম্পৰ্কটো সমৃদ্ধ কৰিব পাৰি –
1.বিশ্বাস ৰাখকঃ এই কথাত বিশ্বাস কৰক যে সম্পৰ্কটো নিৰপেক্ষ, তৰ্কৰ পৰা বহু দূৰত ৰাখক নিজকে। যিকোনো সম্পৰ্কৰ বাবে ই আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। আৰু ই বিপৰীত মেৰুৰ দুজন লোকৰ বাবে অধিক প্ৰযোজ্য। আপোনাৰ সংগীক অলপ বিশ্বাস কৰক! আপোনাৰ ভৱিষ্যতে লাভ হব।
2. নিজৰ মতে থাকিবলৈ দিয়ক – “মোক অলপ স্পেচ দিয়া” – বলীউডৰ চিনেমাত প্ৰায়েই শুনা যায়। সঁচাকৈয়ে অলপ দূৰত্বৰ প্ৰয়োজন। যদি বেছি ঘনিষ্ঠ হ’ব তেতিয়াই সম্পৰ্কটো তিতা হ’বলৈ আৰম্ভ কৰে। বিপৰীত ফালে থকা মানুহজন নিজৰ মতত থাকিবলৈ দিয়ক । ই এক পাৰস্পৰিক সন্মান।
3) আৱেগৰ সময় – খং হৈছে সম্পৰ্কৰ আটাইতকৈ ডাঙৰ শত্ৰু। যদি আপুনি আপোনাৰ সঙ্গীৰ কামৰ বিষয়ে খং কৰে বা উদ্ধত হয়, তেনেহ’লে লগে লগে প্ৰতিক্ৰিয়া নকৰিব। আন এটা স্থানলৈ যাওক। আপোনাৰ আৱেগ বোৰ মসৃণ হ’ব দিয়ক। তাৰ পিছত নিজৰ যুক্তিৰে নিজৰ মনৰ কথা প্ৰকাশ কৰক।
4) কাষত থাকিব – হয়তো আপুনি যি কৰিব নিবিচাৰে সেয়াই হৈছে আপোনাৰ সঙ্গীৰ পছন্দ। উদাহৰণ স্বৰূপে, আপুনি আই পি এল চাবলৈ ভাল নাপায়। কিন্তু মনটো বান্ধি তেওঁৰ সৈতে আই পি এল চাওক। তেওঁক সান্নিধ্য দিয়াৰ বাবে একে লগে আই পি এল চাওক।
5) নতুনৰ প্ৰতি ভয় নকৰিব – জীৱন সলনি হৈ আছে। যদি পৰিৱৰ্তন ভালৰ বাবে, আৰু ভালপোৱা ইয়াৰ বাবে, ইয়াক গ্ৰহণ কৰাটো সমস্যা নহয়। নতুনৰ প্ৰতি ভয় নকৰিব। তাৰ সলনি, তাক মুক্ত ভাৱে গ্ৰহণ কৰক।
সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হল আমাৰ মতৰ অমিল হ’ব পাৰে কিন্তু তাৰ বাবে মনৰ দূৰত্বক আকোৱালি লব নালাগে। ইয়াকে কয় মতান্তৰ থাকিলেও মনান্তৰ নাই। হয়তো প্ৰেমৰ স্বৰূপ এনেকুৱাই।