নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুশান্তৰ মৃত্যুক লৈ ভুৱা তথ্য প্ৰচাৰৰ অপৰাধত এজনক আটক

নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যু সংক্ৰান্তত মিছা প্ৰচাৰ চলোৱা এগৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। দিল্লী নিবাসী উক্ত লোকজনক দিল্লীতে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নিজকে অধিবক্তা বুলি পৰিচয় দিয়া লোকজনক ইতিমধ্যে মুম্বাইলৈ অনা হৈছে।

বিভোৰ আনন্দ নামৰ এই ব্যক্তিজনৰ টুইটাৰ একাউণ্টটোও ছোচিয়েল মিডিয়া প্লেটফৰ্মৰ নিৰ্দেশনা উলংঘা কৰাৰ বাবে নিলম্বন কৰা হৈছে। মুম্বাই আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অভিযুক্ত বিভোৰ আনন্দই সামাজিক মাধ্যমত কেইবাটাও চাঞ্চল্যকৰ আৰু অপমানজনক পোষ্ট শ্বেয়াৰ কৰিছিল।

অভিনেতা সুশান্ত সিং ৰাজপুত আৰু তেওঁৰ মেনেজাৰ দিশা চালিয়ানৰ মৃত্যুক লৈ ষড়যন্ত্ৰ ৰচি উৰাবাতৰি প্ৰচাৰ কৰিছিল তেওঁ, যিয়ে বহু সংখ্যক লোকক প্ৰভাৱিত কৰিছিল। আৰক্ষীয়ে লোকজনৰ বিৰুদ্ধে তথ্য-প্ৰযুক্তি আইনৰ অধীনত গোচৰ ৰুজু কৰিছে।

You might also like