নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰণ্যই যাৰ উপাসনাস্থলী

অসমত ২০১০ চনত বন বিষয়া আৰু বনৰক্ষী হিচাপে নিযুক্তি দিয়া হৈছিল কেইবাগৰাকীও মহিলাক আৰু পুৰুষৰ প্রাধান্য থকা ক্ষেত্রখনত মহিলাৰ সবল উপস্থিতি ঘোষণাই অসমৰ বহু যুৱতীক বন বিভাগৰ প্রতি আকর্ষিত কৰিলে৷ তেতিয়াৰে পৰা কাজিৰঙা ৰাষ্ট্রীয় উদ্যানকে ধৰি বিভিন্ন বনাঞ্চলত পূর্ণ উদ্যমেৰে প্রকৃতিৰ সুৰক্ষাত নিয়োজিত হৈ আছে মহিলা৷ এগৰাকী অসমীয়া যুৱতী হিচাপে এই কথাষাৰে মোক ব্যক্তিগতভাৱে যথেষ্ট গৌৰৱ অনুভৱ কৰায়৷ কিন্তু অসমত বন বিষয়া হিচাপে মহিলাক নিযুক্তি দিয়াৰ তিনি বছৰৰ পূর্বে অর্থাৎ ২০০৭ চনত গুজৰাটৰ গীৰ ৰাষ্ট্রীয় উদ্যানত ভাৰতৰ ভিতৰতে প্রথমবাৰৰ বাবে মহিলাক বন বিষয়া আৰু বনৰক্ষী হিচাপে নিযুক্তি দিয়া হৈছিল৷ অৱশ্যে গীৰ ৰাষ্ট্রীয় উদ্যানত বনৰক্ষী হিচাপে মহিলাক নিযুক্তি ঘটনাক্রমেহে দিয়া হৈছিল৷ বন কর্তৃপক্ষই ভাবিছিল যে মহিলাসকলে কার্যালয়ৰ ফাইলৰ মাজত বহি কৰিবলগীয়া কামহে কৰিবলৈ ইচ্ছা কৰিব৷ কিন্তু সকলোকে আচৰিত কৰি বহুকেইগৰাকী মহিলাই বন্যপ্রাণী উদ্ধাৰকর্তা হিচাপে সন্মুখৰ পৰা কাম কৰাৰ উদ্দেশ্যেৰ বনৰক্ষী পদৰ বাবেহে আবেদন কৰিলে৷ প্রতি বছৰে নতুন নতুন নাৰীয়ে অতি কঠোৰ প্রশিক্ষণ সমাপ্ত কৰি বনকর্মী হিচাপে গুজৰাটৰ বন বিভাগত যোগদান কৰে৷ সম্ভৱতঃ বিশ্বৰ আটাইতকৈ বৃহৎ মহিলা বনৰক্ষীৰ গোটটোৱেই হৈছে গীৰ ৰাষ্ট্রীয় উদ্যানৰ মহিলা বনৰক্ষী গোটটো, যিটো গোটে প্রত্যক্ষভাৱে বাঘ আৰু সিংহ উদ্ধাৰ অভিযানত অংশগ্রহণ কৰে৷ বন্যপ্রাণী উদ্ধাৰকাৰী দলটোৰ নেতৃত্ব প্রদান কৰে ৰছিলা ৱাধাৰে৷ অতি সাহসী আৰু কঠোৰ পৰিশ্রমী ৰছিলা যেন গীৰ ৰাষ্ট্রীয় উদ্যানৰ জন্তুবোৰৰ মাতৃহে৷ ৰছিলা আৰু তেওঁ সহকর্মীসকলক ‘লায়ন্ছ কুইন্ছ’ হিচাপে আখ্যা দিয়া হৈছে৷ কিন্তু কেৱল সিংহই নহয়, এই সাহসী বনৰক্ষীসকলে বোকাত বন্দী হৈ থকা ঘঁৰিয়াল, পুৰণা কুঁৱাত পৰি যোৱা ঢ়েঁকীয়াপতীয়া বাঘ আদিক উদ্ধাৰ কৰি সিহঁতৰ আঘাতৰ পৰিচর্যা কৰি সুকলমে মাতৃৰ কাষলৈ ঘূৰাই পঠিওৱাৰ দায়িত্বও নিষ্ঠাসহকাৰে পালন কৰে৷ প্রত্যাহ্বানেৰে পূর্ণ তেওঁলোকৰ জীৱনৰ অন্যতম উদ্দেশ্যই যেন হৈ পৰিছে বন্যপ্রাণী উদ্ধাৰ আৰু সংৰক্ষণ৷ গীৰ ৰাষ্ট্রীয় উদ্যানৰ কাষৰ গাঁৱত কেতিয়াবা উদ্যানৰ পৰাই ওলাই যোৱা বনৰীয়া জন্তুৱে অতপালি কৰিলে সিহঁতক কোনো হানি–বিঘিনি নোহোৱাকৈ পুনৰ উদ্যানলৈ ঘূৰাই অনাতো তেওঁলোক সিদ্ধহস্ত৷ ৰাষ্ট্রীয় উদ্যানত প্রৱেশ কৰা চোৰাং চিকাৰীৰ ওপৰতো চোকা দৃষ্টি ৰাখে এই বনৰক্ষীসকলে৷ বন্যপ্রাণী উদ্ধাৰকাৰী সাহসী মহিলাৰ এই দলটোৱে প্রতিবছৰে ৬০০তকৈও অধিক বন্যপ্রাণী উদ্ধাৰ কৰে৷ অর্থাৎ প্রতিদিনে তেওঁলোকে দুটাকৈ বন্যপ্রাণী উদ্ধাৰ কৰে৷ অৱশ্যে তেওঁলোকে আটাইতকৈ ভাল পোৱা কামটো হ’ল মাকৰ পৰা বিচ্ছিন্ন হোৱা বাঘ, সিংহ আৰু অন্যান্য জন্তুৰ পোৱালিবোৰক পৰিচর্যা কৰি সিহঁতে নিজৰ যত্ন ল’ব পৰা হোৱালৈকে সুকলমে সিহঁতক ৰখাটো৷ বন্যপ্রাণীৰ বাবে নিজৰ প্রাণ উচর্গা কৰিবলৈকো প্রতিক্ষণে সাজু থকা এই মহিলাসকল অৱশ্যে কোনো ধনীৰ দুলালী নহয়৷ জীৱনৰ অজস্র ঘাত–প্রতিঘাত অতিক্রম কৰি কঠোৰ হৈ পৰা এই মহিলাসকলৰ বাবে অৰণ্যৰ প্রতিটো গছ–পাতো যেন অমূল্য সম্পদ৷ কিন্তু অৰণ্যৰ হৈ কাম কৰিবলৈ আহোঁতে বহুকেইগৰাকী নাৰীয়ে আপোনজনৰ প্রবল বিৰোধৰ সন্মুখীন হ’ব লগা হৈছে৷ কেৱল সেয়াই নহয়, প্রতিদিনে প্রতি খোজতে বনৰীয়া প্রাণীৰ আক্রমণৰ ভয়ো বুকুত কঢ়িয়াই ফুৰে তেওঁলোকে৷ বহুতো নাৰীয়ে প্রথম অৱস্থাত ঘৰৰ দুর্বল আর্থিক অৱস্থাৰ বাবেও বনৰক্ষীৰ চাকৰি কৰিবলৈ আগবাঢ়ি আহে যদিও পৰৱর্তী সময়ত চাকৰিৰ পৰিৱর্তে তেওঁলোকৰ বাবে অৰণ্যখন হৈ পৰে উপাসনাৰ স্থলী স্বৰূপ৷ জনপ্রিয় ইংৰাজী আলোচনী ‘ইণ্ডিয়া টুডে’’ত গুজৰাটৰ গীৰ ৰাষ্ট্রীয় উদ্যানৰ এই সাহসী বনৰক্ষীসকলৰ বিষয়ে পঢ়িবলৈ পোৱাৰ পিছতে মই ইণ্টাৰনেট খুঁচৰিছিলোঁ তেওঁলোকৰ বিষয়ে অধিক তথ্য পোৱাৰ আশাত৷ ইউটিউবত মই দ্য লায়নছ কুইন্ছ অৱ ইণ্ডিয়া নামৰ এখন তথ্যচিত্র উপভোগৰ সুযোগ পালোঁ৷ এই তথ্যচিত্রখনত অতি সুন্দৰকৈ সাহসী মহিলা বনৰক্ষীসকলৰ কার্যাৱলী দাঙি ধৰা হৈছে৷ তেওঁলোকে সিংহ সংৰক্ষণৰ বাবে কেনেদৰে সকলো প্রত্যাহ্বান অতিক্রম কৰে সেয়া চালে গাৰ নোম থিয় হৈ যায়৷ বহু সময়ত বন্যপ্রাণী উদ্ধাৰৰ বাবে যাওঁতে বনৰক্ষীসকলৰ নিজৰ জীৱনলৈকে ভাবুকি নামি আহে৷ তথ্যচিত্রখনত ৰছিলা ৱাধাৰে নিজৰ অভিজ্ঞতা বর্ণনা কৰিছে৷ তেওঁ এবাৰ আঘাতপ্রাপ্ত সিংহ এটাক উদ্ধাৰ কৰিবলৈ সহকর্মীসকলৰ সৈতে যাওঁতে কেনেদৰে সিংহৰ আক্রমণৰ সন্মুখীন হ’ব লগা হৈছিল তাৰ শিহৰণকাৰী বর্ণনা দিছে৷ ট্রেংকুইলাইজাৰৰ সহায়ত সিংহটো নিয়ন্ত্রণ কৰিবলৈ চেষ্টা কৰোঁতে সি ওলোটাই তেওঁলোকক খেদি আহিছিল৷ কিন্তু মহিলা বনৰক্ষীসকলে শান্তভাৱে নিজৰ গাড়ীলৈ লাহে লাহে খোজকাঢ়ি আহিছিল আৰু আঘাতপ্রাপ্ত সিংহটো পুনৰ অৰণ্যৰ মাজত প্রৱেশ কৰিছিল৷ ৰছিলা অৰণ্য আৰু বন্যপ্রাণীৰ প্রেমত ইমানেই গভীৰলৈকে ডুবি আছে যে তেওঁৰ স্বামীয়ে অৰণ্যৰ মাজত নিশালৈকে কাম কৰাৰ অনুমতি নিদিলে বিবাহ বিচ্ছেদ কৰিব বুলি বিয়াৰ পূর্বেই স্বামীক জনায় থয়৷ সিংহৰ ব্যৱহাৰৰ পৰিৱর্তন আৰু গতিবিধি ৰেকর্ড কৰাৰ দায়িত্বত আছে কিৰণ চিঠিয়া নামৰ ২৭ বছৰীয়া যুৱতীগৰাকী৷ বিভিন্ন উদ্ধাৰ অভিযানত অংশগ্রহণ কৰা কিৰণে ১৯টা বাঘ উদ্ধাৰ কৰিছে৷ আনকি তেওঁ গর্ভৱতী অৱস্থাতো অৰণ্যৰ ভিতৰত নিজৰ কর্তব্য পালন কৰিছিল আৰু তেওঁৰ বাহন আছিল বাইক৷ ইণ্ডিয়া টুডে’ৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত কিৰণ চিঠিয়াই কৈছিল যে এবাৰ এজনী সিংহিনীয়ে পোৱালি জন্ম দিয়াৰ পিছত পোৱালিটো আৰু মাকৰ গতিবিধি নিৰীক্ষণত তেওঁ ব্যস্ত আছিল৷ এদিন সন্ধিয়া পৰলৈকে তেওঁ সেই কামত ব্যস্ত হৈ আছিল৷ আন্ধাৰ যে নামি আহিছে সেই কথা তেওঁৰ ধ্যানেই নাছিল৷ কর্তব্য সমাপন কৰি অকলশৰে বাইকত তেওঁ অৰণ্যৰ পৰা ওলাবলৈ সাজু হোৱাৰ সময়তে সদ্যমাতৃ সিংহিনীজনীয়ে তেওঁক খেদি আহিল৷ তেওঁ বিপদৰ সংকেত পায়েই সিংহিনীজনীক সংকেত দিলে যে তেওঁ এগৰাকী বনকর্মী৷ বাইকখন ষ্টার্ট কৰিয়ে তেওঁ মুখেৰে হুৰ হুৰ শব্দ কৰিবলৈ ধৰিলে৷ সিংহিনীয়েও তেওঁক চিনি পাই লাহে লাহে পোৱালিটোৰ ওচৰলৈ উভতি গ’ল৷ আচলতে কোনো শত্রুৱে পোৱালিটোক আক্রমণ কৰিবলৈ আহিছে বুলিয়েই সিংহিনীজনী সতর্ক হৈছিল৷ কিন্তু সেই সময়ত খৰ গতিৰে বাইক চলাই পলাবলৈ চেষ্টা কৰা হ’লে হয়তো কিৰণক সিংহিনীজনীয়ে হত্যাই কৰিলেহেঁতেন৷ মহিলা বনৰক্ষীক নিযুক্তি দি গুজৰাটৰ বন বিভাগে কেৱল গ্রাম্য মহিলাৰ সবলীকৰণৰ বাবেই চেষ্টা কৰা নাই৷ বৰঞ্চ জন্তুবোৰকো সুৰক্ষিত পৰিৱেশ দিবলৈ সক্ষম হৈছে৷
ডিছক’ভাৰী চেনেলে তেওঁলোকক দিয়া লায়ন্স কুইন উপাধিটোক লৈ গৌৰৱ অনুভৱ কৰে গীৰ ৰাষ্ট্রীয় উদ্যানৰ মহিলা বনৰক্ষীসকলে৷ বনৰক্ষীৰ চাকৰি সহজ নহয়৷ দৰিদ্রতা আৰু শিক্ষাৰ অভাৱে কেইবাগৰাকীও বনৰক্ষীক এই বৃত্তিত জড়িত হ’বলৈ বাধ্য কৰাইছে৷ কোনো কোনো মহিলাই প্রকৃতিৰ প্রতি অনুভৱ কৰা গভীৰ প্রেমৰ বাবে বন বিভাগত যোগদান কৰিছে যদিও আন কেইবাগৰাকীও মহিলাই আর্থিক দুৰৱস্থাৰ বাবেহে গীৰ ৰাষ্ট্রীয় উদ্যানৰ বনৰক্ষীৰ পদৰ বাবে পৰীক্ষাত অৱতীর্ণ হৈছিল বুলি কয় অতি সাহসী বনৰক্ষী ৰ’জিনাই৷ তেওঁ কয় যে মহিলা বন বিষয়াসকল প্রায়েই গীৰ ৰাষ্ট্রীয় উদ্যানৰ ওচৰৰ গাঁওবোৰলৈ আহে৷ এবাৰ এগৰাকী বিষয়াই ৰ’জিনাক বনৰক্ষীৰ চাকৰিৰ বাবে যত্ন কৰিবলৈ ক’লে৷ ৰ’জিনাই তেওঁৰ কথা মতেই সাক্ষাৎকাৰত অৱতীর্ণ হ’ল আৰু চাকৰি পালে৷ দুবেলা দুসাঁজ ভাতৰ বাবে এসময়ত চিন্তা কৰিবলগীয়া হোৱা ৰ’জিনাৰ পৰিয়ালত এতিয়া একোৰে অভাৱ নাই৷ ছিদ্দি জনগোষ্ঠীৰ যুৱতী ৰ’জিনাই আন যুৱতীসকলকো এই বৃত্তিত নিয়োজিত হ’বলৈ অহৰহ উৎসাহ যোগায়৷ ৰ’জিনাৰ মতে অৰণ্যখন তেওঁৰ বাবে এতিয়া পৃথিৱী স্বৰূপ হৈ উঠিছে৷ তথ্যচিত্রখনত আন এগৰাকী বনৰক্ষীয়ে কয় যে কেতিয়াবা অৰণ্যৰ মাজত অকলশৰেই কেৱল চৰাইৰ মাত আৰু ৱাকিটকীৰ শব্দ শুনিয়েই তেওঁলোকে নিশা কটাব লগা হয়৷ আঘাতপ্রাপ্ত সিংহৰ পৰা মাত্র কেইমিটাৰমান আঁতৰত মাটিতেই শুই শুই চিকিৎসা কর্মীৰ দল আহি পোৱালৈকে অপেক্ষা কৰিব লগা হয়৷ জুৰিৰ পানীৰে তৃষ্ণা আৰু অৰণ্যৰ ফলেৰে ক্ষুধা পূৰণ কৰিব লগা হয়৷ আনকি কোনো বন্যপ্রাণী কুঁৱা বা কাষৰ গাঁৱৰ ফেন্সিং আদিত লাগি ধৰিলেই মাজনিশাও তেওঁলোক উদ্ধাৰ কার্যত যাব লগা হয়৷ আন কর্মৰত মহিলাসকলৰ দৰেই তেওঁলোকে ঘৰ আৰু কর্মৰ মাজত সমতা ৰাখিবলগীয়া হয়৷ কেৱল নিজৰ সন্তানকে নহয়, তেওঁলোকে শ শ বন্যপ্রাণীৰ পোৱালিৰো যত্ন ল’ব লগা হয়৷ অর্থাৎ তেওঁলোকে দুটা পৰিয়ালৰ দায়িত্ব একে সময়তে ল’ব লগা হয়৷ জয়শ্রী নামৰ এগৰাকী বনৰক্ষীয়ে তথ্যচিত্রখনত উল্লেখ কৰে যে যিহেতু বন্যপ্রাণীবোৰো তেওঁলোকৰ পৰিয়ালৰ দৰে, গতিকে দুয়োটা পৰিয়ালৰ মাজত সমতা ৰাখিবলৈ যাওঁতে শাৰীৰিক আৰু মানসিকভাৱে তেওঁলোকে যথেষ্ট কষ্ট স্বীকাৰ কৰিবলগীয়া হয়৷ কিন্তু এবাৰ অৰণ্যত প্রৱেশ কৰাৰ পিছতেই তেওঁলোকৰ সকলো দুশ্চিন্তা পলকতে নোহোৱা হয়৷
বন্যপ্রাণীৰ আক্রমণৰ ভয়তকৈও মহিলাসকলে ভয় কৰিব লগা হয় সমাজৰ হেঁচালৈহে৷ ঘৰৰ পৰা দূৰৈত পুৰুষ সহকর্মীৰ লগত দিনে–ৰাতিয়ে কাম কৰা কথাটোক লৈ আনকি বহুকেইগৰাকী বনৰক্ষীৰ স্বামীগৃহৰ লোকে তেওঁলোকৰ ওপৰত মানসিক নির্যাতনো চলাইছে৷ এই সকলোবোৰ বাধা অতিক্রমি বন্যপ্রাণী উদ্ধাৰ আৰু সংৰক্ষণত ব্রতী হৈ থকা প্রত্যেকগৰাকী নাৰীয়ে আধুনিক সমাজৰ বাবে প্রেৰণাৰ উৎস৷ বনৰক্ষী হিচাপে মহিলাক নিযুক্তিয়ে বন্যপ্রাণী আৰু মানুহৰ সংঘাতৰ ব্যৱস্থাপনাৰ এক নতুন দিশ উন্মোচন কৰিছে বুলি ক’ব পাৰি৷ মহিলা বনৰক্ষীসকলে মানুহতকৈও বন্যপ্রাণীকহে অতি বিশ্বাসযোগ্য বুলি গণ্য কৰে৷ কাৰণ বন্যপ্রাণী উদ্ধাৰৰ বাবে যাওঁতে কেতিয়াবা মানুহৰ আক্রমণৰো সন্মুখীন হয় এই সাহসী নাৰীসকল৷ গীৰ ৰাষ্ট্রীয় উদ্যানৰ মহিলা বনৰক্ষীসকল বন বিভাগৰো গৌৰৱৰ প্রতীক হৈ পৰিছে৷ আনকি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও এবাৰ কৈছিল যে গীৰত কেৱল সিংহ চাবলৈকে মানুহ নাহে৷ তেওঁলোকে সাহসী মহিলা বনৰক্ষীসকলকো চাবলৈ আহে৷ পূর্বতে জুনাগড়ৰ নবাবসকলৰ চিকাৰৰ বাবে সংৰক্ষিত গীৰ হাবিত দ্রুতগতিৰে সিংহৰ সংখ্যা কমি গৈছিল৷ ১৯০০ চনত সংৰক্ষিত অঞ্চল হিচাপে চৰকাৰীভাৱে ঘোষণা কৰাৰ পূর্বলৈকে এই অঞ্চলত মাত্র ১২টা সিংহ আছিল৷ কিন্তু চৰকাৰৰ অশেষ চেষ্টা আৰু গীৰ ৰাষ্ট্রীয় উদ্যানৰ মহিলা বনকর্মীসকলৰ নিঃস্বার্থ সেৱাৰ বাবে এতিয়া ৰাষ্ট্রীয় উদ্যানখনত প্রায় ৬০০ সিংহ আছে৷ গীৰ ৰাষ্ট্রীয় উদ্যানৰ এই সাহসী মহিলা বনৰক্ষীসকল যথার্থতেই সিংহৰ ৰাণী৷

You might also like