ড্রেছিং ৰূমত ধূম্রপান ফিনছৰ
নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ অষ্ট্রেলিয়ান অ’পেনাৰ আৰন ফিনছৰ এক বিশেষ ভিডি’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ ডুবাই আন্তঃৰাষ্ট্রীয় ক্রিকেট ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনৰ সময়ত ফিনছে ই–চিগাৰেট সেৱন কৰি থকাৰ ভিডি’ই অনুৰাগীৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰা দেখা গৈছে৷ ১৭৮ ৰানৰ লক্ষ্যৰ পিছ লৈ খেলা আৰ চি বিক অন্তিম অ’ভাৰত জয়ৰ বাবে ১০ ৰানৰ প্রয়োজন থকাৰ সময়ত টিভি কেমেৰাই ড্রেছিং ৰুমৰ পৰিৱেশ দেখুওৱাৰ সময়তে এই অস্বাভাৱিক দৃশ্য পোহৰলৈ আহে৷ ভিডি’টোত দেখিবলৈ পোৱা অনুসৰি আৰ চি বিৰ অ’পেনাৰ আৰন ফিনছে ই–চিগাৰেট হুপি এবি ডি ভিলিয়ার্ছৰ বেটিং উপভোগ কৰি আছিল৷
সেই সময়ত অষ্ট্রেলিয়ান তাৰকাগৰাকীৰ ঠিক সন্মুখতে আছিল অধিনায়ক বিৰাট কোহলি৷ এই দৃশ্য ৰাজহুৱা হোৱাৰ পিছতে আই পি এলৰ ড্রেছিং ৰুমৰ নীতি–নিয়মক লৈ একাংশ অনুৰাগীয়ে প্রশ্ণ উত্থাপন কৰা দেখা গৈছে৷ উল্লেখ্য যে মেচখনত এবি ডি ভিলিয়ার্ছে ৫৫ ৰানৰ বিস্ফোৰক ইনিংছেৰে ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুলৈ স্মৰণীয় জয় কঢ়িয়াই আনে৷