নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছে ছাৰেণ্ডাৰ নকৰিলে বুমেৰাং হ’ব মিত্রতা, ইউডিএফৰে আসন বুজাবুজিক লৈ জটিলতা

নিয়মীয়া বাৰ্তা ১৯ অক্টোবৰঃ  আসন্ন বিধানসভা নির্বাচনত বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে কংগ্রেছে গণতান্ত্রিক, ধর্মনিৰপেক্ষ ৰাজনৈতিক দল আৰু শক্তিসমূহৰ সৈতে মহাজোঁট গঠনৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ এ আই ইউ ডি এফ, বাঁওপন্থী দল চি পি আই, চি পি আই (এম), চি পি আই (এম এল) আৰু সাংসদ অজিত কুমাৰ ভূঞা নেতৃত্বাধীন আঞ্চলিক গণ মর্চাই ইতিমধ্যে কংগ্রেছৰ সেই আহ্বানৰ প্রতি সঁহাৰি জনাই মিত্রতাপাশত আবদ্ধ হোৱাত সন্মতি প্রকাশ কৰিছে৷ আসন বুজাবুজি আৰু উমৈহতীয়া নূ্যনতম কর্মসূচী সম্পূর্ণ হৈ উঠিলেই সেই মিত্রতাই আনুষ্ঠানিক ৰূপ লাভ কৰিব৷ পিছে আসন বুজাবুজিক কেন্দ্র কৰি সাংসদ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ সৈতে যথেষ্ট জটিলতা সৃষ্টি হৈছে৷ কংগ্রেছৰ সবল স্থিতি থকা বহু সমষ্টি এ আই ইউ ডি এফে বিচৰাৰ পৰিপ্রেক্ষিততে আজমলৰ দলৰে মিত্রতাই চূড়ান্ত ৰূপ পোৱাৰ ক্ষেত্রত প্রতিবন্ধকতা আহি পৰিছে৷ পৰিস্থিতি এতিয়া এনে পর্যায় পাইছে যে আজমলৰ ওচৰত কংগ্রেছে আত্মসমর্পণ নকৰিলে তেওঁলোকৰ মিত্রতা শেষ পর্যায়ত বুমেৰাং হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্রৱা আৰু সত্রনগৰী বৰপেটা সমষ্টিও আজমলে বিচাৰিছে৷ বর্তমান দুয়োটা সমষ্টি বিজেপি আৰু অগপৰ দখলত থকাৰ দোহাই দি এ আই ইউ ডি এফে সমষ্টি দুটা বিচাৰিছে৷ কিন্তু কংগ্রেছে কোনো পৰিস্থিতিতে বটদ্রৱা আৰু বৰপেটা এ আই ইউ ডি এফক এৰি দিয়াৰ পক্ষত নাই৷ বটদ্রৱা আৰু বৰপেটা এ আই ইউ ডি এফক এৰি দিলে শাসক দল বিজেপিৰ বাবে এক পাশুপাত অস্ত্র হ’ব বুলি নিশ্চিত হৈয়ে কংগ্রেছে সমষ্টি দুটাত নিজা প্রার্থী থিয় কৰোৱাৰ পক্ষত আছে৷ সেইদৰে জনিয়া, বাঘবৰ, সৰুক্ষেত্রী, মানকাচৰ, দক্ষিণ শালমাৰা, গোৱালপাৰা পূব, গোৱালপাৰা পশ্চিম, বিলাসীপাৰা পূব, অভয়াপুৰী উত্তৰ, বকো, দলগাঁও, যমুনামুখ, লামডিং, ৰহা, লাহৰীঘাট, নাওবৈচা, ধিং, ৰূপহী, কৰিমগঞ্জ দক্ষিণ, বদৰপুৰ, আলগাপুৰ, সোণাই, বৰখলা আদি সমষ্টিক লৈও কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মাজত চলি আছে টনা–আঁজোৰা৷ সম্প্রতি এ আই ইউ ডি এফৰ ৰফিকুল ইছলামৰ দখলত থকা জনিয়া সমষ্টিত কংগ্রেছে নিজা প্রার্থী থিয় কৰোৱাৰ পক্ষত অৱস্থান লৈছে৷ ইয়াৰ বিপৰীতে কংগ্রেছৰ শ্বেৰমান আলী আহমেদৰ দখলত থকা বাঘবৰ আৰু জাকিৰ হুছেইন শিকদাৰৰ দখলত থকা সৰুক্ষেত্রী সমষ্টি দুটাৰ ক্ষেত্রত এ আই ইউ ডি এফ সবল দাবীদাৰ৷ আনকি যোৱা বৃহস্পতিবাৰে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে সৰুক্ষেত্রী সমষ্টিত তেওঁলোকৰ সম্ভাব্য দলীয় প্রার্থী মীনাক্ষি ৰহমানৰ হৈ সমষ্টিটোৰ কয়াকুছিত এখন নির্বাচনী সভা অনুষ্ঠিত কৰে৷ সেইদৰে বঙাইগাঁও জিলাৰ কংগ্রেছৰ দখলত থকা অভয়াপুৰী উত্তৰ সমষ্টিটো এ আই ইউ ডি এফে এইবাৰ বিচাৰিছে৷ ইয়াৰ বিনিময়ত তেওঁলোকৰ হাতত থকা অভয়াপুৰী দক্ষিণ সমষ্টিটো কংগ্রেছক এৰি দিয়াৰ প্রস্তাৱ দিছে৷

আনহাতে, ধুবুৰী সংসদীয় সমষ্টিৰ অধীনস্থ কংগ্রেছৰ দখলত থকা মানকাচৰ, দক্ষিণ শালমাৰা, গোৱালপাৰা পূব, গোৱালপাৰা পশ্চিম সমষ্টিও এ আই ইউ ডি এফে বিচাৰিছে৷ কিন্তু সমষ্টিকেইটা এৰি দিবলৈ সন্মত হোৱা নাই কংগ্রেছ৷ বিলাসীপাৰা পূব সমষ্টিক লৈও দুয়োটা দলৰ মাজত টনা–আঁজোৰা অব্যাহত আছে৷ গুৱাহাটী লোকসভাৰ বকো সমষ্টি আৰু মঙলদৈ লোকসভাৰ দলগাঁও সমষ্টি এ আই ইউ ডি এফে বিচাৰিছে৷ অথচ এই দুয়োটা সমষ্টি বর্তমান কংগ্রেছৰ নন্দিতা দাস আৰু ইলিয়াছ আলীৰ দখলত আছে৷ নগাঁও সংসদীয় সমষ্টিৰ অধীনস্থ যমুনামুখ, লামডিং, ৰহা আৰু লাহৰীঘাট সমষ্টিক লৈ দুয়ো দলৰ মাজত টনা–আঁজোৰা চলি আছে৷ আজমলৰ পুত্রৰ দখলত থকা যমুনামুখ সমষ্টিটো কংগ্রেছে বিচাৰিছে৷ কিন্তু কোনো পৰিস্থিতিতে এ আই ইউ ডি এফে সমষ্টিটো এৰি নিদিয়ে৷ সেইদৰে কংগ্রেছৰ নজৰুল ইছলামৰ দখলত থকা লাহৰীঘাট সমষ্টি এ আই ইউ ডি এফে বিচাৰিছে যদিও কংগ্রেছৰ অক্ষত দুর্গ লাহৰীঘাট এৰিবলৈ সন্মত নহয়৷ একেই অৱস্থা হৈছে লখিমপুৰ লোকসভাৰ অন্তর্গত নাওবৈচা সমষ্টিক লৈও৷ সম্প্রতি এ আই ইউ ডি এফৰ দখলত থকা নাওবৈচা সমষ্টি এইবাৰ কংগ্রেছে বিচাৰিছে৷ কিন্তু এ আই ইউ ডি এফে তেওঁলোকৰ হাতত থকা উত্তৰ অসমৰ একমাত্র সমষ্টিটো এৰাৰ পক্ষত নাই৷ কলিয়াবৰ সংসদীয় সমষ্টিৰ অন্তর্গত বটদ্রৱা, ধিং, ৰূপহী সমষ্টিক লৈ দুয়ো দলৰ মাজত নিমিলা অংকৰ সৃষ্টি হৈছে৷ এ আই ইউ ডি এফৰ আমিনুল ইছলামৰ দখলত থকা ধিং সমষ্টিত এইবাৰ কংগ্রেছৰ চকু পৰিছে৷ কিন্তু এ আই ইউ ডি এফে জন্মলগ্ণৰে পৰা নিজৰ দখলত থকা ধিং এৰি দিয়াৰ পক্ষপাতী নহয়৷ সেইদৰে কংগ্রেছৰ নুৰুল হুদাৰ দখলত থকা ৰূপহী সমষ্টি এইবাৰ এ আই ইউ ডি এফে বিচাৰিছে৷ কৰিমগঞ্জ লোকসভাৰ অন্তর্গত কৰিমগঞ্জ দক্ষিণ, বদৰপুৰ, আলগাপুৰ সমষ্টিক লৈও দুয়ো দলৰ মাজত টনা–আঁজোৰা চলিছে৷ এ আই ইউ ডি এফৰ দখলত থকা কৰিমগঞ্জ দক্ষিণ সমষ্টিটো এইবাৰ কংগ্রেছে ছিদ্দিক আহমেদৰ বাবে বিচাৰিছে৷ যদিহে কৰিমগঞ্জ দক্ষিণ সমষ্টি এ আই ইউ ডি এফে এৰিব লাগে, তেতিয়াহ’লে কংগ্রেছৰ জামালুদ্দিন আহমেদৰ দখলত থকা বদৰপুৰ সমষ্টিটো এ আই ইউ ডি এফক এৰি দিয়াৰ চর্ত আৰোপ কৰিছে৷ অনুৰূপ ধৰণে বর্তমান এ আই ইউ ডি এফৰ দখলত থকা আলগাপুৰ সমষ্টি কংগ্রেছে যুৱ কংগ্রেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীৰ বাবে বিচাৰিছে৷ কিন্তু এ আই ইউ ডি এফে কোনো পৰিস্থিতিতে আলগাপুৰ এৰাৰ পক্ষপাতী নহয়৷ প্রয়োজনত তেওঁলোকে কাটলিচেৰাহে এৰিব, কিন্তু কোনো পৰিস্থিতিতে আলগাপুৰ এৰি নিদিয়ে৷ শিলচৰ লোকসভা সমষ্টিৰ সোণাই আৰু বৰখলা সমষ্টিক লৈও দুই দলৰ মাজত টনা–আঁজোৰা অব্যাহত আছে৷ জিলাই জিলাই সমষ্টি বুজাবুজিক কেন্দ্র কৰি দুই দলৰ মাজত অব্যাহত থকা টনা–আঁজোৰাৰ বাবেই আসন বুজাবুজিৰ বিষয়টোৱে এতিয়ালৈ অগ্রগতি লাভ কৰা নাই বুলি সূত্রটোৱে জানিবলৈ দিয়ে৷ পৰিস্থিতি এতিয়া এনে পর্যায়ত উপনীত হৈছে যে বিগ ব্রাদাৰ কংগ্রেছে আজমলৰ ওচৰত আত্মসমর্পণ নকৰিলে শেষমুহূর্তত কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতা বুমেৰাং হোৱাৰ সম্ভাৱনাও অগ্রাহ্য কৰিব নোৱাৰি৷ ইপিনে বাঁওপন্থী দল চি পি আই, চি পি আই (এম), চি পি আই (এম এল) দলৰ লগত আসন বুজাবুজিৰ বিষয়টো যথেষ্ট ইতিবাচক দিশত অগ্রসৰ হৈ আছে৷

সূত্রটোৱে জানিবলৈ দিয়া মতে, চি পি আইক মৰিগাঁও, ৰাতাবাৰী, শিৱসাগৰ, চি পি আই (এম)ক সৰভোগ, বিজনী, ৰঙিয়া, ৰঙাপৰা, চি পি আই (এম এল)ক বিহালী আৰু ডিফু সমষ্টি এৰি দিয়াৰ সম্ভাৱনা আছে৷ শিৱসাগৰৰ আসনখনৰ বাহিৰে বাকী আসনকেইখনক লৈ ইতিমধ্যে তেওঁলোক একপ্রকাৰ চূড়ান্ত সিদ্ধান্তত উপনীত হৈছে৷ আনহাতে, সাংসদ অজিত কুমাৰ ভূঞা নেতৃত্বাধীন আঞ্চলিক গণ মর্চা বটদ্রৱা, গুৱাহাটী পূব, গুৱাহাটী পশ্চিম, নলবাৰী, লখিমপুৰকে ধৰি বহু সমষ্টিৰ সবল দাবীদাৰ হৈ আছে৷ এইচ এছ ডি চি দলৰ সৈতেও কংগ্রেছৰ বুজাবুজিৰ প্রক্রিয়া অব্যাহত আছে৷ ইফালে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফৰ ক্ষেত্রত অহা জানুৱাৰী মাহতহে মিত্রতা সম্পর্কত চূড়ান্ত সিদ্ধান্ত হ’ব বুলি জানিবলৈ দি সূত্রটোৱে কয় যে অহা ডিচেম্বৰ মাহত বিটিচি নির্বাচন অনুষ্ঠিত হ’ব৷ বিটিচি নির্বাচনৰ ফলাফলৰ পাছতহে বি পি এফে আসন্ন বিধানসভা নির্বাচনত মিত্রতাৰ দিশত আগবাঢ়িব বুলি প্রাৰম্ভিক যোগাযোগত বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে স্পষ্ট কৰি দিছে৷

You might also like