নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুৱ খেলুৱৈক সমালোচনা কৰা ধোনীক উভতি ধৰিলে প্রাক্তন ক্রিকেটাৰে

নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ আই পি এলত শোচনীয় প্রদর্শনেৰে সপ্তমটো পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত চেন্নাই ছুপাৰ কিংছৰ যুৱ ক্রিকেটাৰসকলক লৈ অসন্তুষ্টি প্রকাশ কৰিছে অধিনায়ক মহেন্দ্র সিং ধোনীয়ে৷ দুর্বল ফর্ম সত্ত্বেও কেদাৰ যাদৱ আৰু পীযূষ চাওলাৰ দৰে খেলুৱৈক মূল একাদশত স্থান দিয়া সন্দর্ভত সাংবাদিকে সোধা এক প্রশ্ণৰ উত্তৰত তেওঁ কয় যে চি এছ কেৰ যুৱ খেলুৱৈসকলৰ মাজত প্রতিভাৰ চমক দেখিবলৈ পোৱা নাই৷ সেয়ে তেওঁ চলিত আই পি এলৰ প্রথম ১০খন মেচত যুৱ খেলুৱৈসকলক সুযোগ দিব পৰা নাই৷ অৱশ্যে পৰৱর্তী মেচকেইখনত উদীয়মান ক্রিকেটাৰসকলক সুযোগ দিয়া হ’ব বুলি ধোনীয়ে উল্লেখ কৰে৷

ইফালে, ধোনীৰ এই মন্তব্যক উভতি ধৰিছে প্রাক্তন ক্রিকেটাৰ কৃষ্ণমাছাৰি শ্রীকান্ত আৰু প্রজ্ঞান ওজাই৷ চেন্নাইৰ অধিনায়কগৰাকীৰ এই মন্তব্য কোনোপধ্যে গ্রহণযোগ্য নহয় বুলি উল্লেখ কৰি শ্রীকান্ত আৰু ওজাই কৈছে যে ধোনীয়ে যুৱচামৰ মাজত প্রতিভাৰ চমক দেখিবলৈ পোৱা নাই বুলি কৈ প্রকৃতার্থত ৰিতুৰাজ গাইকোৱাড আৰু নাৰায়ণ জগদীশনক কটাক্ষ কৰিছে৷ কিন্তু তেওঁ কেদাৰ যাদৱ আৰু পীযূষ চাওলাৰ মাজত কি চমক দেখিবলৈ পাইছে সেয়া এক নুবুজা সাঁথৰ৷

You might also like