নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীক হৰুৱালে কিংছ একাদশে; অথলে গ’ল শিখৰ ধাৱনৰ বিস্ফোৰক শতক

নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ লোকেশ ৰাহুল নেতৃত্বাধীন কিংছ একাদশ পঞ্জাবে চলিত আই পি এলত ক্রমাগত দ্বিতীয় বিজয় সাব্যস্ত কৰিছে৷ শেহতীয়া মেচত ছুপাৰ অ’ভাৰত মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰা দলটোৱে কালি শক্তিশালী দিল্লী কেপিটেলছক পাঁচ উইকেটত পৰাস্ত কৰে৷ ডুবাইত অনুষ্ঠিত মেচখনত ১৬৫ ৰানৰ লক্ষ্যৰ পিছ লৈ কিংছ একাদশ পঞ্জাবে ১৯ অভাৰত পাঁচ উইকেটৰ বিনিময়ত জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়৷ বিজয়ী দলটোৰ হৈ বাঁওহতীয়া বেটছমেন নিকোলাছ পুৰানে ২৮ বলত ৫৩ ৰানৰ আকর্ষণীয় ইনিংছ খেলে৷ তেওঁ ৬টা বাউণ্ডেৰী আৰু তিনিটা অভাৰ বাউণ্ডেৰী কোবায়৷ গ্লেন মেক্সৱেলে ২৪ বলত তিনিটা বাউণ্ডেৰীৰ সহায়ত ৩২ আৰু ক্রিছ গেইলে ২৯ ৰানৰ অৰিহণা আগবঢ়ায়৷ গেইলে মাত্র ১৩টা বল খেলি তিনিটা বাউণ্ডেৰী আৰু দুটা সুবিশাল ছিক্সাৰ কোবায়৷

অধিনায়ক ৰাহুলে ১৫ আৰু মায়ংক আগৰৱালে ৫ ৰানত আউট হয়৷ ইয়াৰ পূর্বে টছত জিকি প্রথমে ইনিংছ মুকলি কৰি দিল্লী কেপিটেলছে নির্ধাৰিত ২০ অ’ভাৰত পাঁচ উইকেটৰ বিনিময়ত ১৬৪ ৰান সংগ্রহ কৰে৷ দলটোৰ হৈ বাঁওহতীয়া অ’পেনাৰ শিখৰ ধাৱনে ১০৬ ৰানৰ বিস্ফোৰক ইনিংছ খেলে৷ তেওঁ মাত্র ৬১ বলৰ সন্মুখীন হৈ ১২টা বাউণ্ডেৰী আৰু তিনিটা অ’ভাৰ বাউণ্ডেৰীৰ সহায়ত শতকীয় ইনিংছটো সজায়৷

উল্লেখ্য যে আই পি এলৰ ইতিহাসত ক্রমাগত দুটা শতক অর্জন কৰা ধাৱন হ’ল প্রথমগৰাকী বেটছমেন৷ অৱশ্যে ধাৱনৰ অ’পেনিং সহযোগী পৃথ্বি শ্ব মাত্র ৭ ৰানতে পেভিলিয়নমুখী হয়৷ অধিনায়ক শ্রেয়াছ আয়াৰে ১৪, ঋষভ পণ্টে ১৪, মার্কাছ ষ্টইনিছে ৯ আৰু ছিমৰন হেটমায়াৰে ১০ ৰানহে সংগ্রহ কৰে৷ কিংছ একাদশ পঞ্জাবৰ হৈ তাৰকা বেগী বলাৰ মহম্মদ ছামিয়ে ২৮ ৰান ব্যয় কৰি দুটা উইকেট দখল কৰিবলৈ সক্ষম হয়৷ গ্লেন মেক্সৱেল, জেমছ নিচাম আৰু মুৰুগান অশ্বিনে এটাকৈ উইকেট দখল কৰে৷ উল্লেখ্য যে কিংছ একাদশ পঞ্জাবে শেহতীয়াকৈ ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছক ছুপাৰ অ’ভাৰত পৰাস্ত কৰিছিল৷ আজিৰ জয়েৰে কিংছ একাদশ পঞ্জাবে ৮ পইণ্টেৰে পঞ্চম স্থানলৈ উন্নীত হৈছে৷

You might also like