এছ আই কাণ্ড : নিযুক্তি ব’ৰ্ডৰ প্রাক্তন অধ্যক্ষ প্রদীপ কুমাৰক জেৰা
নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছআই) পদৰ পৰীক্ষাৰ চাঞ্চল্যকৰ নিযুক্তি কেলেংকাৰিৰ ঘটনাই ৰাজ্যত জোকাৰণিৰ সৃষ্টি কৰি থকাৰ মাজতে উক্ত কেলেংকাৰি সংক্রান্তত ৰাজ্যিক পর্যায়ৰ নিযুক্তি ব’ডৰ প্রাক্তন অধ্যক্ষ প্রদীপ কুমাৰক তদন্তকাৰী বিষয়াই জেৰা কৰে৷ অতি গোপনে আৰক্ষী নিযুক্তি ব’ডৰ প্রাক্তন অধ্যক্ষ কুমাৰক জেৰা কৰে তদন্তকাৰী বিষয়াই৷ আৰক্ষীৰ এক সূত্রই জনোৱা মতে, এছআই পদৰ নিযুক্তি কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড তথা মেছার্ছ অক্ষয় টেলিকমিউনিকেচন প্রাইভেট লিমিটেডৰ অন্যতম অংশীদাৰ দিবন ডেকা, ৰুবুল হাজৰিকা, কুখ্যাত অৱসৰপ্রাপ্ত আৰক্ষী বিষয়া পি কে দত্ত, দালাল সৰোজ শর্মা আৰু শেহতীয়াকৈ গ্রেপ্তাৰ হোৱা কৰিমগঞ্জৰ প্রাক্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণক তদন্তকাৰী বিষয়াই চলোৱা মাৰাথন জেৰাত বহু বিস্ফোৰক তথ্য উদ্ধাৰ কৰে৷ উল্লেখ্য যে এছআই পদৰ প্রশ্ণকাকত ফাদিল হোৱাৰ পিছতে প্রদীপ কুমাৰে চিআইডিত এজাহাৰ দাখিল কৰিছিল৷ এই কেলেংকাৰিত জড়িত প্রথমজন অভিযুক্ত জলসিঞ্চন বিভাগৰ কনিষ্ঠ সহায়ক যুগামী ব্রহ্ম ক্রাইম ব্রাঞ্চৰ হাতত গ্রেপ্তাৰ হোৱাৰ পিছত অভিযুক্তৰ ম’বাইলত লাভ কৰা তথ্যৰ ভিত্তিত কামৰূপৰ বামুন্দীৰ পৰা গ্রেপ্তাৰ কৰা হয় কুশল দাস নামৰ চাকৰি প্রার্থী৷
কুশল দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত এজনৰ পিছত এজনকৈ অভিযুক্ত ক্রাইম ব্রাঞ্চ আৰু চিআইডিৰ জালত পৰে৷ পাঁচ দিন পূর্বে চিআইডিৰ ওচৰত আত্মসমর্পণ কৰিবলৈ বাধ্য হোৱা কৰিমগঞ্জৰ প্রাক্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণকে ধৰি এছআই কেলেংকাৰিৰ গোচৰত বর্তমানলৈকে ৫১জন অভিযুক্ত গ্রেপ্তাৰ হৈছে৷ কিন্তু এই কেলেংকাৰি ফাদিল হোৱাৰ পিছতে আৰক্ষী নিযুক্তি ব’ডৰ তদানীন্তন অধ্যক্ষ প্রদীপ কুমাৰক তদন্তৰ আওতালৈ ননাত তদন্তকাৰী আৰক্ষীৰ ভূমিকাক লৈ প্রশ্ণ উত্থাপন হয়৷ এছআই পদৰ পৰীক্ষাৰ প্রশ্ণকাকত ফাদিল কৰা ঘটনা ফাদিল হোৱাৰ পিছতে প্রদীপ কুমাৰক তদন্তৰ আওতালৈ অনাৰ দাবী উত্থাপন কৰে উক্ত কেলেংকাৰিৰ তদন্ত বিচাৰি তীব্র প্রতিবাদ সাব্যস্ত কৰা কেইবাটাও দল–সংগঠনে৷ ইয়াৰ পিছতে প্রদীপ কুমাৰে আৰক্ষী নিযুক্তি ব’ডৰ অধ্যক্ষ পদৰ পৰা হঠাৎ পদত্যাগ কৰে৷ প্রদীপ কুমাৰে পদত্যাগ কৰাৰ পিছতো তেওঁক উক্ত কেলেংকাৰি সংক্রান্তত তদন্তকাৰী বিষয়াই সোধা–পোছা কৰাৰ পৰা ৰহস্যজনকভাৱে বিৰত থাকে৷ কিন্তু দুদিন পূর্বে তদন্তকাৰী বিষয়াই প্রদীপ কমাৰক জেৰা কৰে৷
আৰক্ষী সূত্রটোৱে জনোৱা মতে, এমেইনটেক নামৰ প্রতিষ্ঠানটোৰ স্বত্বাধিকাৰী প্রাঞ্জল বৰুৱাক প্রদীপ কুমাৰে কেতিয়াৰ পৰা আৰু কেনেকৈ চিনি পায় সেই বিষয়ে চিআইডিৰ তদন্তকাৰী বিষয়াই জেৰা কৰে৷ উল্লেখ্য যে এছআই পদৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ ঠিকা লাভ কৰা কেৰালাৰ কেলটন নামৰ প্রতিষ্ঠানৰ পৰা উপ–ঠিকা লাভ কৰিছিল প্রাঞ্জল বৰুৱাৰ এমেইনটেক নামৰ প্রতিষ্ঠানটোৱে৷ অভিযোগ মতে, প্রাঞ্জল বৰুৱাৰ এমেইনটেকক কেলটনৰ পৰা উপ–ঠিকা লাভ কৰাত মধ্যস্থতা কৰিছিল তদানীন্তন আৰক্ষী নিযুক্তি ব’ডৰ অধ্যক্ষ প্রদীপ কুমাৰে৷ কেৱল এমেইনটেকেই নহয়, অক্ষয় চান্দ বৈদ্য, ৰুবুল হাজৰিকাৰ মেছার্ছ অক্ষয় টেলিকমিউনিকেচন প্রাইভেট লিমিটেড নামৰ প্রতিষ্ঠানটোক কেলটনৰ পৰা উপ–ঠিকা লাভ কৰাৰ ক্ষেত্রতো প্রদীপ কুমাৰে মধ্যস্থতা কৰিছিল৷ এনে অভিযোগ সন্দর্ভত তথা প্রাঞ্জল বৰুৱা, ৰুবুল হাজৰিকাক কেনেকৈ চিনি পাইছিল, দুয়োটা প্রতিষ্ঠানে কেলটনৰ পৰা কেনেকৈ উপ–ঠিকা পাইছিল, সেই সন্দর্ভত তদন্তকাৰী বিষয়াই প্রদীপ কুমাৰক জেৰা কৰে৷ উল্লেখ্য যে এইজন প্রদীপ কুমাৰৰ অধ্যক্ষতাত ২০১৫ চনত অনুষ্ঠিত কনিষ্টবল নিযুক্তিতো ব্যাপক দুর্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছিল৷ আনকি উক্ত পৰীক্ষাত দুর্নীতি–নিয়ম হোৱাৰ বাবেই ধুবুৰী, বৰপেটা আৰু নগাঁৱৰ ১,৪১৬টা কনিষ্টবল পদৰ নিযুক্তি প্রক্রিয়া স্থগিত ৰাখিবলগীয়া হৈছিল৷ ধনৰ বিনিময়ত নিযুক্তিৰ অভিযোগত উক্ত জিলা তিনিখনত ৰুজু হৈছিল কেইবাটাও গোচৰ৷ এনে পৰিস্থিতিত এছআই পদৰ নিযুক্তি কেলেংকাৰিত প্রদীপ কুমাৰৰো হাত থকা বুলি অভিযোগ উত্থাপন কৰে বিভিন্ন দল–সংগঠনে৷ এনে অভিযোগৰ পিছতে তদন্তকাৰী বিষয়াই প্রদীপ কুমাৰক পৰীক্ষা পৰিচালনাৰ উপ–ঠিকা লাভ কৰা তথা এছআই কেলেংকাৰিত নাম সাঙোৰ খাই পৰা অসমৰ প্রতিষ্ঠানৰ বিষয়ববীয়াৰ সৈতে প্রদীপ কুমাৰৰ কেনেধৰণৰ যোগসূত্র আছিল, সেই সন্দর্ভত জেৰা কৰা বুলি আৰক্ষী সূত্রটোৱে জানিবলৈ দিয়ে৷
ইফালে, এছআই কেলেংকাৰিৰ অন্যতম অভিযুক্ত ৰুবুল হাজৰিকা, দেৱৰাজ দাস আৰু ৰূপম দাসৰ চিআইডিৰ জিম্মা শেষ হোৱাত আজি তিনিওজনকে কামৰূপ (মহানগৰ) জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়৷ চিআইডিৰ তদন্তকাৰী বিষয়াই পুনৰ জিম্মাত নিবিচৰাত ৰুবুল হাজৰিকাক নগাঁও কাৰাগাৰ আৰু ৰূপম দাসক গুৱাহাটী কেন্দ্রীয় কাৰাগাৰলৈ প্রেৰণ কৰে আদালতে৷ আনহাতে দেৱৰাজ হাজৰিকাক পুনৰ জিম্মাত বিচাৰি আবেদন কৰাত আদালতে দালালজনক দুদিনৰ চিআইডি জিম্মালৈ প্রেৰণ কৰে৷ ইফালে চিআইডিয়ে দেৱৰাজ দাসৰ বেংক একাউণ্ট ছীল কৰি দিয়ে৷