কুখ্যাত ব্যৱসায়ী সুজিত জৈনৰ কার্যালয়ত ইডিৰ অভিযান
নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ ৰাজ্যত চুপাৰিৰ সমান্তৰালকৈ এটা শক্তিশালী ছিণ্ডিকেট চক্রই বার্মিজ ইলাচি–জালুক, লং, চিগাৰেটৰ চোৰাং বেহা অব্যাহত ৰাখিছে৷ এই ছিণ্ডিকেট চক্রটোৰ অন্যতম কাণ্ডাৰী সুজিত জৈনে বিশাল ৰ’ডৱেজ ট্রেন্সপ’ট কোম্পানীৰ নামত কোটি কোটি টকাৰ কৰ ফাঁকিৰে ইলাচি–জালুক–লং–চিগ্ ধৰি বিভিন্ন বার্মিজ সামগ্রীৰ চোৰাং ব্যৱসায় চলাই অহাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ কোটি কোটি টকাৰ কৰ ফাঁকিৰে বিশাল ৰ’ডৱেজ নামৰ ট্রেন্সপ’ট কোম্পানীটোৰ জৰিয়তে বার্মিজ ইলাচি, জালুক, লঙৰ ব্যৱসায় চলোৱাৰ তথ্য লাভ কৰিছে কেন্দ্রীয় চৰকাৰৰ অধীনস্থ এনফর্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ইডিয়ে৷
দীর্ঘদিন ধৰি ব্যৱসায়ী সুজিত জৈনে বিশাল ৰ’ডৱেজ নামৰ ট্রেন্সপ’ট কোম্পানীটোৰ জৰিয়তে চোৰাংকৈ বার্মিজ ইলাচি, জালুক, লঙৰ ব্যৱসায়ৰ এই তথ্য লাভ কৰি অলপতে ব্যৱসায়ী সুজিত জৈনৰ গুৱাহাটী মাছখোৱাৰ কেডাৰ ৰোডত থকা কার্যালয় আৰু খ্রীষ্টানবস্তিৰ কার্যালয়ত ইডিৰ এটা দলে অভিযান চলায়৷ ব্যৱসায়ী সুজিত জৈনৰ গুৱাহাটীৰ মাছখোৱা কেডাৰ ৰোডৰ কার্যালয়ৰ পৰা ইডিৰ অভিযানকাৰী দলটোৱে বহু গুৰুত্বপূর্ণ নথিপত্র জব্দ কৰি কার্যালয়টো ছীল কৰি দিয়ে৷ অৱশ্যে অভিযানৰ সময়ত ব্যৱসায়ী সুজিত জৈন উপস্থিত নথকাত অভিযানকাৰী দলটোৱে দুগৰাকী ব্যৱসায়ীক সাক্ষী হিচাপে লৈ কার্যালয়টোৰ নথিপত্র জব্দ কৰাৰ লগতে কার্যালয়টো ছীল কৰে৷ কেইদিনমান পূর্বে জৈনৰ মাছখোৱাৰ কেডাৰ ৰোডৰ কার্যালয়টো ইডিয়ে মুকলি কৰি দিয়ে৷ বিশাল ৰ’ডৱেজৰ নামত বার্মিজ চুপাৰি, লং, ইলাচি, জালুক, চিগাৰেটকে ধৰি বিভিন্ন সামগ্রী কৰ ফাঁকিৰে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ লগতে চুবুৰীয়া ৰাষ্ট্র ভূটান, বাংলাদেশলৈও ব্যৱসায় সুজিত জৈনে সৰবৰাহ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ গুৱাহাটী, বাইহাটা চাৰিআলি, হোজাই, শিলচৰৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত কার্যালয় খুলি কৰ ফাঁকিৰে বার্মিজ সামগ্রীৰ চোৰাং ব্যৱসায় চলাই আহিছে সুজিত জৈনে৷
অভিযোগ অনুসৰি জৈনে শুল্ক বিভাগৰ এগৰাকী শীর্ষ বিষয়াৰ পৃষ্ঠপোষকতাত বার্মিজ সামগ্রীৰ এখন বিশাল সাম্রাজ্য অসম তথা উত্তৰ–পূর্বাঞ্চলত গঢ়ি তুলিছে৷ কেৱল অসম তথা উত্তৰ–পূর্বাঞ্চলেই নহয় এসময়ত পশ্চিমবংগৰ কলকাতাতো সুজিত জৈনে বিভিন্ন অপৰাধমূলক কার্যকলাপৰ লগত জড়িত থকাৰ অভিযোগ আছে৷ কলকাতাৰ পৰা পলাই আহি গুৱাহাটীত বাহৰ পাতি সুজিত জৈনে কোটি কোটি টকাৰ কৰ ফাঁকিৰে বার্মিজ সামগ্রীৰ চোৰাং ব্যৱসায় চলাই আহিছে৷ কুখ্যাত ব্যৱসায়ী সুজিত জৈনৰ কার্যালয়ত ইডিয়ে অভিযান চলাই বহু গুৰুত্বপূর্ণ নথিপত্র জব্দ কৰিবলৈ সক্ষম হৈছে৷ অৱশ্যে এনফ’চমেণ্ট ডাইৰেক্টৰেটে সঠিক দিশত তদন্ত আগবঢ়ালে সুজিত জৈনৰ ক’লা সাম্রাজ্যৰ বহু তথ্য পোহৰলৈ আহিব৷