নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ SI কেলেংকাৰীৰ মূল অভিযুক্ত কুমাৰ সঞ্জিত কৃষ্ণৰ জামিন আৱেদন নাকচ। আদালতে পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে সঞ্জিত কৃষ্ণক। জয়দ্বীপ বৰুৱাকো ২৭ অক্টোবৰলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে আদালতে। সঞ্জিত কৃষ্ণক গুৱাহাটী কাৰাগাৰ আৰু জয়দীপ বৰুৱাক মৰিগাঁও কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।
আৰক্ষী উপ পৰিদৰ্শকৰ পদৰ লিখিত পৰীক্ষাৰ এদিন পূৰ্বেই পৰীক্ষা অনুষ্ঠিত কৰা থেংকিউ লজৰ স্বত্বাধিকাৰী অলকেশ বৈশ্যৰো জামিন আৱেদন নাকচ কৰে আদালতে।