নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰ্কটক জয় কৰিলে অভিনেতা সঞ্জয় দত্তই

নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ কৰ্কটৰ পৰা মুক্ত হল বলীউডৰ দিগগজ অভিনেতা সঞ্জয় দত্ত। অভিনেতাগৰাকীয়ে আজি টুইটযোগে জনায় এই সুখৰ খবৰ। টুইটযোগে অভিনেতাগৰাকীয়ে নিজ পৰিয়াল, বন্ধু আৰু সকলো অনুৰাগীকে কৃতজ্ঞতা জ্ঞাপন কৰে।

উল্লেখ্য যোৱা ১১ আগষ্টত অভিনেতাগৰাকীৰ দেহত ধৰা পৰিছিল কৰ্কট ৰোগ। হৃদপিণ্ডৰ কৰ্কটত ভোগা অভিনেতাগৰাকীয়ে ইয়াৰ পিছতে নেৰানেপেৰাকৈ লৈ আছিল চিকিৎসা সেৱা। মুম্বাইৰ লীলাৱতী হাস্পতালৰ লগতে ডুবাইতো কৰিছিল চিকিৎসা।

অৱশেষত কৰ্কটৰ পৰা মুক্ত হয় অভিনেতাগৰাকী। অভিনেতাগৰাকীয়ে আৰোগ্য লাভৰ খবৰ শুনি অনুৰাগীৰ মাজত বৈছে আনন্দৰ ঢৌ।

You might also like