নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বব্রহ্মাণ্ডৰ মূলৰ সন্ধানত অভিযানঃ গ্রহাণু বেন্নুত নাছাৰ মহাকাশযান অ’ছিৰিছ–ৰেক্স

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ ৰহস্যঘন বিশ্বব্রহ্মাণ্ড৷ কল্পনাৰ আশ্রয় লৈ বিশ্বব্রহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ বাবে অহৰহ ব্যস্ত জীৱশ্রেষ্ঠ মানৱ৷ প্রতিদিনেই বিশ্বব্রহ্মাণ্ডক লৈ নতুন নতুন কাল্পনিক তথ্যৰ উদ্ভাৱন হৈ থাকে আৰু ই পর্যায়ক্রমে বাস্তৱলৈ ৰূপান্তৰিত হয়৷ বিশ্বব্রহ্মাণ্ডৰ মাজতেই আমি বাস কৰা সৌৰজগত৷ সৌৰজগতৰ এটা গ্রহ পৃথিৱীত জীৱশ্রেষ্ঠ মানৱে বসবাস কৰি বিশ্বব্রহ্মাণ্ডৰ মূলৰ সন্ধানত অধ্যয়ন–গৱেষণা চলাই আছে৷

বিশ্বব্রহ্মাণ্ড আৰু সৌৰজগতৰ মূলৰ সন্ধানত নাছাই দুঃসাহসিক মহাকাশ অভিযান আৰম্ভ কৰি অৱশেষত পৰহি ইয়াৰ সফল সমাপ্তি ঘটালে৷ বিশ্বব্রহ্মাণ্ডৰ বুকুত বিচৰণ কৰি থকা গ্রহাণু ‘বেন্নু’ৰ বুকুত অৱতৰণ কৰালে নাছাই মহাকাশ যান৷ পৃথিৱীৰ পৰা প্রায় ২০০ নিযুত মাইল তথা ৩৩০ নিযুত কিলোমিটাৰ দূৰৈত অৱস্থিত গ্রহাণু বেন্নুৰ দক্ষিণ মেৰুত নাছাৰ মহাকাশ যান ‘অ’ছিৰিছ–ৰেক্স’–এ স্পর্শ কৰিলে৷ স্পর্শ কৰাতেই ক্ষান্ত নাথাকি ‘অ’ছিৰিছ–ৰেক্স’–এ সংগ্রহ কৰিলে বেন্নুৰ পৰা শিল আৰু ধূলি৷

এই শিল আৰু ধূলিৰ জৰিয়তে সৌৰজগত আৰু বিশ্বব্রহ্মাণ্ডৰ মূলৰ সন্ধানত গতি লাভ কৰিব৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ক’লোৰাডৰ ডেন’ভাৰস্থিত লকহিত মার্কিনৰ পৰা ৰিম’ট কণ্ড্র’লেৰে পৰিচালিত ‘অ’ছিৰিছ–ৰেক্স’–এ কালি গ্রহাণু ‘বেন্নু’ স্পর্শ কৰে আৰু ছেকেণ্ডৰ ভিতৰতে গ্রহাণুটোৰ পৰা শিল আৰু ধূলিৰ নমুনা সংগ্রহ কৰে৷ ১২ বছৰ ধৰি ধৰি চলি থকা এই ঐতিহাসিক অভিযানটোৰে নাছাৰ মহাকাশ যানে গ্রহাণুৰ বুকুৰ পৰা শিলৰ নমুনা সংগ্রহ কৰি মহাকাশ খণ্ডৰ ইতিহাস ৰচিলে৷

নাছাৰ এই মহাকাশ যানখনে গ্রহাণু স্পর্শ কৰি ১৬ ছেকেণ্ডৰ ভিতৰতে যানখনে শিল আৰু ধূলি সংগ্রহ কৰিবলৈ সক্ষম হয়৷ গ্রহাণুৰ পৰা শিলৰ নমুনা সংগ্রহ কৰি ‘অ’ছিৰিছ–ৰেক্স’ পৃথিৱীলৈ উভতি আহিব৷ শীঘ্রেই ওভতনি যাত্রা আৰম্ভ হ’ব, মকাকাশ যানখনৰ৷ সকলো ঠিকে থাকিলে ২০২৩ চনৰ ছেপ্ঢেম্বৰত পৃথিৱীত অৱতৰণ কৰিব আৰু ই হ’ব এক ইতিহাস৷ আমেৰিকা যুক্তৰাষ্ট্রৰ মহাকাশ অভিযান এপ’ল’ অধ্যায়ৰ পিছত ই হ’ব এক বৃহৎ অভিযান৷

নাছাৰ মুখ্য বিজ্ঞানী থমাছ জুৰবুছেনে প্রকাশ কৰা মতে, গ্রহাণুটোৰ পৰা সংগ্রহ কৰা শিল আৰু ধূলিয়ে আমাৰ সমগ্র পৃথিৱীৰ ইতিহাসৰ কথা ক’ব৷ উল্লেখ্য যে নাছাৰ ‘অ’ছিৰিছ–ৰেক্স’ মহাকাশ যানখন হৈছে এখন বৃহৎ আকাৰৰ ভেনৰ সমান৷ এই মহাকাশ যানখন ৰিম’ট কণ্ড্র’লৰ দ্বাৰা পৰিচালিত কৰা হৈছে৷ গ্রহাণু ‘বেন্নু’ত স্পর্শ কৰাৰ বাবে মহাকাশ যান অভিযানত ‘টাচ এণ্ড গো’ তথা ‘টেগ’ প্রযুক্তি প্রয়োগ কৰা হৈছে৷

২০১৬ চনত ফ্ল’ৰিডাৰ কেপ কানাভেৰালৰ পৰা এটলাছ ভি ৰকেটৰ দ্বাৰা অ’ছিৰিছ–ৰেক্স মহাকাশ যানখন উৎক্ষেপণ কৰা হৈছিল৷ তাৎপর্যপূর্ণ যে গ্রহাণু বেন্নু ৪.৫ বিলিয়ন বছৰ পূর্বে সৃষ্টি হৈছিল৷

You might also like