নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনলৈ নতুন দলৰ নাম পাহৰিব ভোটাৰেঃ অতুল বৰা

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ বিধানসভা নির্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত চলি থকা আক্রমণ–প্রতিআক্রম মাজতে নতুন ৰাজনৈতিক দলক লৈ কালি পুনৰ সৰৱ হৈ পৰিল অগপ সভাপতি তথা মন্ত্রী অতুল বৰা৷ নতুনকৈ গঠন হোৱা ৰাজনৈতিক দলক সুলেখা–সুৰেখা চিঞাহীৰ লগত তুলনা কৰাৰ পাছত এইবাৰ নতুন দলক গোপিনী সভাৰ লগত তুলনা কৰিলে অগপৰ সভাপতিজনে৷ শাৰদীয় পূজাৰ মহাসপ্তমীৰ দিনা নতুন দলক কটাক্ষ কৰি অতুল বৰাৰ মন্তব্য– নির্বাচনৰ সময়ত যি হাৰত ৰাজনৈতিক দল গঠন হৈছে, সেয়া গোপিনী সভাৰ দৰে হৈছে৷

নির্বাচনত ভোটাৰেও নাজানিব কিমান দল গঠন হৈছে৷ আনকি নতুন দলৰ নামেই পাহৰি যাব৷ ই ভি এমত কোন কোন ৰাজনৈতিক দলৰ নাম আহিল সেয়াও ভোটাৰে মনত ৰাখিব যে সন্দেহ আছে৷ উল্লেখ্য যে শেহতীয়াকৈ অতুল বৰাই নৱগঠিত ৰাজনৈতিক দলক সুলেখা–সুৰেখা চিঞাহী সৈতে তুলনা কৰাক লৈ যথেষ্ট বিতর্কৰ সৃষ্টি হৈছিল৷ মন্ত্রী বৰাৰ মন্তব্য আছিল– সুলেখা চিঞাহীক নকল কৰি উলিওৱা সুৰেখা চিঞাহী যিদৰে বজাৰত নচলিল, তেনেদৰে অগপৰ নাম লৈ গঠন হোৱা অসম জাতীয় পৰিষদো (অজাপ) সুৰেখা চিঞাহীৰ দৰে৷ যাক ৰাইজে আদৰি নলয়৷

আনহাতে, কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাক লৈও কটাক্ষ কৰি মন্ত্রী অতুল বৰাই কয়– এ আই ইউ ডি এফৰ লগত মিত্রতা কৰাৰ পাছত কংগ্রেছৰ অৱস্থা যে অতি শোচনীয় হ’ব, সেয়া সহজে অনুমেয়৷ মিত্রতা কৰিবলৈ আগবাঢ়ি যোৱা মানেই কংগ্রেছৰ অৱস্থা কি হৈছে, সেয়া স্পষ্ট হৈ পৰিছে৷ অজিত ভূঞাৰ প্রসংগত মন্ত্রীগৰাকীয়ে কয়– অজিত ভূঞা সাংসদ হোৱাৰ পূর্বে ৰাইজৰ যি ধাৰণা আছিল, সেয়া এতিয়া ওলোটা যে হৈছে, সেয়া সকলোৱে দেখিছে৷ বদৰুদ্দিন আজমলক মুখ্যমন্ত্রী পাতিবলৈ ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰাটো অসমৰ ৰাইজে কিভাৱে লৈছে, সেয়া ব্যাখ্যা কৰাৰ প্রয়োজন নাই৷ নতুন দলটোক লৈ কালি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসেও কটাক্ষ কৰে৷

বিজেপিৰ সভাপতিগৰাকীয়ে কয়– অজিত ভূঞাৰ দলৰ নাম এতিয়ালৈকে ভোটাৰে নাজানে৷ আনকি ময়ো নাজানো৷ অজাপৰ নামো সাধাৰণ ভোটাৰে নাজানে৷ আনহাতে, কংগ্রেছে শেহতীয়াকৈ বিজেপিক ৰাৱণৰ সৈতে তুলনা কৰি বিজেপিৰ মুখত ৰাম নাম শোভা নাপায় বুলি কৰা মন্তব্যৰো প্রতিক্রিয়া প্রকাশ আজি ৰঞ্জিত দাসে কয়– কংগ্রেছৰ মুখত ৰাম নাম শোভা নাপায়৷ কিয়নো কংগ্রেছে ৰাৱণৰ দৰে কাম কৰিছে৷ গতিকে বিষ্ণু আৰু ৰামক যাতে অপমান নকৰে, তাৰ বাবে অনুৰোধ কৰিছোঁ৷

You might also like