নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ত আক্রান্ত কেন্দ্রীয় বস্ত্রমন্ত্রী স্মৃতিজুবিন ইৰানী

নিয়মীয়া বাৰ্তা ২৯ অক্টোবৰঃ মহামাৰী ক’ভিড–১৯ত আক্রান্ত হৈছে কেন্দ্রীয় বস্ত্রমন্ত্রী স্মৃতি জুবিন ইৰানী৷ বিহাৰ বিধানসভা নির্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এৰ প্রার্থীৰ হকে নির্বাচনী প্রচাৰ চলাই থকাৰ মাজতে বুধবাৰে কেন্দ্রীয় মন্ত্রীগৰাকীৰ দেহত ক’ভিড–১৯ ধৰা পৰে৷ ক’ভিড–১৯ পৰীক্ষণৰ ফলাফলত পজিটিভ অহাৰ পিছতেই কেন্দ্রীয় মন্ত্রীগৰাকীয়ে টুইটাৰযোগে তেওঁ ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি প্রকাশ কৰে৷ টুইটাৰত মন্ত্রীগৰাকীয়ে কয় যে ঘোষণা কৰিবলৈ গৈ তেওঁ শব্দ বিচৰাটো তেওঁৰ বাবে বিৰল ঘটনা৷ সাধাৰণভাৱে ক’বলৈ হ’লে তেওঁ ক’ভিড–১৯ত আক্রান্ত হৈছে৷ তেওঁৰ সৈতে সংস্পর্শলৈ অহা সকলো লোকেই যেন শীঘ্রে ক’ৰোনা ভাইৰাছৰ পৰীক্ষণ কৰে৷ তাৰ বাবে অনুৰোধ৷ ৪৬ বছৰীয়া কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰানী ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পূর্বে কেইবাগৰাকীও মোদী চৰকাৰৰ কেবিনেট মন্ত্রী মহামাৰী ভাইৰাছটোত আক্রান্ত হৈছে৷ আক্রান্তৰ তালিকাত আছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, পথ পৰিবহণমন্ত্রী নীতিন গাডকাৰি, পেট্র’লিয়ামমন্ত্রী ধর্মেন্দ্র প্রধান, সামাজিক ন্যায় আৰু সবলীকৰণমন্ত্রী ৰামদাস আথাৱালে৷

উল্লেখ্য যে দেশজুৰি মহামাৰী ক’ভিড–১৯ৰ সংক্রমণ অব্যাহত আছে৷ অৱশ্যে আগষ্ট–ছেপ্টেম্বৰ মাহৰ তুলনাত অক্টোবৰত আক্রান্তৰ হাৰ হ্রাস পাইছে৷ আগষ্টত প্রতিদিনে গড়ে ৬৪ হাজাৰ লোক আক্রান্ত হোৱাৰ বিপৰীতে ছেপ্টেম্বৰত প্রতিদিনে আক্রান্ত হৈছিল গড়ে প্রায় ৯০ হাজাৰজন লোক৷ অক্টোবৰত আক্রান্তৰ হাৰ নিম্নগামী হৈ বর্তমান ৪৩ সহস্রাধিক লোক আক্রান্ত হৈ আছে৷ দেশত মুঠ আক্রান্তৰ সংখ্যা ৮০ লাখ স্পর্শ কৰাৰ দিশে আগবাঢ়িছে৷ ইয়াৰ বিপৰীতে মৃতকৰ সংখ্যা ১.২০ লক্ষাধিক হৈছে৷ মন কৰিবলগীয়া যে বিশ্বৰ সর্বাধিক আক্রান্ত আমেৰিকা যুক্তৰাষ্ট্রত আক্রান্তৰ সংখ্যাৰে অতিক্রম কৰাৰ দিশে আগবাঢ়িছে ভাৰত৷ আমেৰিকাত ৮৭ লক্ষাধিক লোক আক্রান্ত হৈছে৷ দেশখনত আক্রান্তৰ হাৰ বর্তমান ভাৰতৰ তুলনাত হ্রাস পোৱাত ভাৰত শীর্ষস্থানত উপনীত হোৱাটো প্রায় নিশ্চিত৷

You might also like