আমচৈত অজগৰ সাপ উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ: আমচৈ অঞ্চলৰ বেলতলা গাঁৱৰ উত্তৰ দিশত থকা জাপৰিচুক বস্তিত ২৯ অক্টোবৰৰ ৰাতিপুৱা এঘৰ মানুহৰ বাৰীত এটা দহ ফুটমান দীঘল অজগৰ সাপ ৰাইজৰ দৃষ্টিগোচৰ হয়। অজগৰ সাপডাল চাবলৈ গাঁৱখনত বহুত মানুহৰ সমাগম হয়। পিছত আমচৈ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ বনকর্মী সকলে সংবাদ পাই গাঁৱখনত উপস্থিত হৈ সাপডাল উদ্ধাৰ কৰি শিৱকুণ্ড পাহাৰৰ আমচৈ বৈথালাংছ’ পথৰ ৬ কিঃমিঃত গভীৰ অৰণ্যৰ মাজত এৰি থৈ আহে। বেলতলা অঞ্চলৰ স্থানীয় ৰাইজে অনুমান কৰা অনুসৰি অজগৰ সাপডাল বেলতলা গাঁৱৰ দক্ষিণফালে থকা জগত পাহাৰৰ পৰা আমচৈ চাহ বাগিচা হৈ বেলতলা গাঁৱত আহি উপস্থিত হৈছে । উল্লেখ্য যে প্রায় প্রতিবছৰ আমচৈ অঞ্চলৰ বিভিন্ন গাঁৱত এনেকৈ মজলীয়া আকৃতিৰ অজগৰ সাপ উদ্ধাৰ হৈ আহিছে।