নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রপতি নির্বাচনত ব্যয় হ’ব ১৪০০ কোটি ডলাৰ

নিয়মীয়া বাৰ্তা ৩০ অক্টোবৰঃ  আগন্তুক ৩ নৱেম্বৰত হ’বলগীয়া আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচন হ’ব দেশখনৰ ইতিহাসত আটাইতকৈ ব্যয়বহুল৷ দেশখনৰ এক গৱেষণা সংস্থা ‘দ্য চেণ্টাৰ ফৰ ৰেছপ’নছিভ পলিটিক্স’–এ চলোৱা সমীক্ষা অনুসৰি এই নির্বাচনত মুঠ খৰচ হ’ব ১৪০০ কোটি ডলাৰ৷ অর্থাৎ পূর্বৰ সকলো নির্বাচনৰ অভিলেখ ভংগ কৰিব ২০২০ৰ ৰাষ্ট্রপতি নির্বাচনে৷ পূর্বৰ ৰাষ্ট্রপতি নির্বাচনৰ তুলনাত এইবাৰ নির্বাচনত দেশখনত দুগুণ খৰচ হ’ব বুলি সংস্থাটোৰ তৰফৰ পৰা সদৰী কৰি হৈছে৷ হোৱাইট হাউছ আৰু ছিনেট দখলৰ দৌৰত বিগত এটা মাহত অভাৱনীয়ভাৱে ৰাজনৈতিক পুঁজি সংগ্রহ হৈছে৷ পূর্বে এই নির্বাচনত ১১০০ কোটি ডলাৰ খৰচ হ’ব বুলি ধাৰণা কৰা হৈছিল৷ কিন্তু নির্বাচনী পুঁজি সংগ্রহৰ যি জোৱাৰ আৰম্ভ হৈছে, তাক নিৰীক্ষণ কৰি সংস্থাটোৱে ফলাফল ঘোষণা হোৱাৰ মুহূর্তলৈ ১৪০০ কোটি ডলাৰ খৰচ হ’ব বুলি ধাৰণা কৰিছে৷ ডেম’ক্রেটিক প্রার্থী জ’ বিডেনে দেশখনৰ ইতিহাসত প্রথমগৰাকী এনে প্রার্থী যিয়ে ডাটাৰ পৰা সংগ্রহ কৰিছে ১০০ কোটি ডলাৰ৷ ১৪ অক্টোবৰৰ পৰা ট্রাম্পক পৰাভূত কৰাৰ বাবে প্রচাৰ তীব্রতৰ কৰা জ’ বিডেনে কম দিনৰ ভিতৰতে ৯৩৮ নিযুত ডলাৰ সংগ্রহ কৰি নতুন অভিলেখ গঢ়িছে দেশখনত৷ লক্ষণীয়ভাৱে ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে নির্বাচনী পুঁজি হিচাপে সংগ্রহ কৰিছে ৫৯৬ নিযুত ডলাৰ৷ শেহতীয়া সমীক্ষা অনুসৰি আগন্তুক নির্বাচনত ট্রাম্পক তীব্র প্রত্যাহ্বান জনাবলৈ সক্ষম হ’ব জ’ বিডেনে৷ বিডেনে পূর্বৰ ডেম’ক্রেটিক প্রার্থীসকলতকৈ এইবাৰ ৰাজনৈতিক পুঁজি সংগ্রহত বিশেষ দক্ষতা দেখুৱাবলৈ সক্ষম হৈছে৷

You might also like