ক্ৰিকেটাৰ তথা বিহাৰৰ ৰাজনীতিক তেজস্বী যাদৱলৈ ৪২০০০ ছোৱালীৰ বিবাহৰ প্ৰস্তাৱ
নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱৰ সৰু পুত্ৰ তেজস্বী যাদৱ। বৰ্তমান তেওঁ বিহাৰৰ মহাজোঁট বন্ধনৰো মুখ্যমন্ত্ৰীৰ দাবীদাৰ প্ৰাৰ্থী। কিন্তু তেজস্বী যাদৱৰ সপোন আছিল এগৰাকী সফল ক্ৰিকেটাৰ হোৱাৰ। বিহাৰ ক্ৰিকেটৰ হৈ তেওঁ ৰঞ্জি ট্ৰফীও খেলিছিল। কিন্তু ক্ৰিকেটে তেওঁক বিশেষ নিদিলে। এতিয়া তেওঁ এগৰাকী উদীয়মান ৰাজনৈতিক প্ৰতিভা। লালু প্ৰসাদেও তেওঁক লৈ আত্মবিশ্বাসী।
‘আজ টক’ৰ এক প্ৰতিবেদন মতে, ৰাজনীতিলৈ অহাৰ পিছত তেজস্বী যাদৱ হৈ পৰিছে বহু ছোৱালীৰ সপোনৰ ৰাজকুমাৰ। প্ৰথমবাৰৰ বাবে ৰাজনীতিলৈ অহাৰ পিছত অৰ্থাৎ ২০১৬ চনত তেজস্বী যাদৱ নীতিশ কুমাৰ চৰকাৰৰ উপ মুখ্যমন্ত্ৰী হোৱাৰ লগতে গড়কাপ্টানী মন্ত্ৰীও হৈছিল। সেইখিনি সময়তে তেজস্বী যাদৱে এটা হোৱাটছ এপ নাম্বাৰ সাৰ্বজনীন কৰি দিছিল।
কিন্তু হোৱাটছ এপযোগে তেওঁলৈ অহা বিবাহৰ প্ৰস্তাৱে তেজস্বী যাদৱক আশ্চৰ্যান্বিত কৰিছিল। সেই সময়ৰ বিহাৰৰ প্ৰচাৰ মাধ্যমত প্ৰকাশ হোৱা মতে, তেজস্বী যাদৱে পাইছিল ৪২হাজাৰ গৰাকী ছোৱালীৰ বিবাহৰ প্ৰস্তাৱ।