ক’ৰোনাৰ ভেকচিনৰ সফল পৰীক্ষণ, নৱেম্বৰত লাভ কৰিব এখন দেশে
নিয়মীয়া বাৰ্তা ৩০ অক্টোবৰঃ অক্স’ফৰ্ডৰ কোভিড ভেকছিনে যুৱ আৰু বৃদ্ধ লোকৰ ওপৰত গুৰুত্বপূৰ্ণ সফলতা লাভৰ দাবী কৰিছে গৱেষকসকলে। নৱেম্বৰৰ আৰম্ভণিতে, ভেকছিনটো ব্ৰিটেইনত প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিব । আনহাতে বিট্ৰেইনৰ চিকিৎসালয়ত এই প্ৰতিষেধক দিয়াৰ বাবেও নিৰ্দেশনা প্ৰদান কৰিছে চৰকাৰে।
অক্স’ফৰ্ডৰ ভেকছিন হৈছে বয়সস্থ লোকৰ বাবে এক শক্তিশালী ৰোগ প্ৰতিৰোধ প্ৰণালী। অক্স’ফৰ্ডৰ বিজ্ঞানীসকলে এষ্ট্ৰাজিনেকাৰ সহায়ত এই ভেকছিনৰ প্ৰয়োগ পৰীক্ষণ আৰম্ভ কৰিছিল। বিজ্ঞানীসকলে দাবী কৰিছে যে বয়স্ক লোকৰ মাজত এণ্টিবডি আৰু টি-চেল সৃষ্টি কৰিছে। দুজন বয়স্ক লোকৰ মাজত পৰীক্ষা কৰি এই দাবী কৰিছে গৱেষকসকলে। ভৱিষ্যতে গুৰুতৰ ৰোগ বা মৃত্যুৰ আশংকা থকা কৰোনা আক্ৰমণ প্ৰতিৰোধ কৰাৰ সম্ভাৱনা আছে এই ভেকচিনৰ।
18ৰ পৰা 55 বছৰ বয়সৰ স্বাস্থ্যকৰ লোকৰ মাজত ভেকছিনটো পৰীক্ষা কৰা হৈছিল। অৱশ্যে, ইমিউনোজেনেচিছ তেজ পৰীক্ষা অন্তিম কথা নহয়।এই দাবী বিজ্ঞানী সকলৰ। কাৰণ ক্লিনিকেল ট্ৰাইয়েল সময়ত ব্ৰাজিলৰ এজন স্বেচ্ছাসেৱক অসুস্থ হৈ পৰিছিল। ভেকচিনৰ প্ৰতিযোগিতাত অক্সফৰ্ড আগবাঢ়ি আছে যদিও বিশ্বব্যাপী স্বাস্থ্য বিশেষজ্ঞসকলে সতৰ্কতা অৱলম্বন কৰিবলৈ চেষ্টা কৰিছে।