নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙৰ দুঠাইত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ আৰু  গুলী,গ্ৰেনেড উদ্ধাৰ

নিয়মীয়া বাৰ্তা ৩০ অক্টোবৰ: চিৰাং জিলাৰ দুঠাইত  বৃহস্পতিবাৰে পুনৰ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ হৈছে। চিৰাং আৰক্ষীয়ে বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ আধাৰত  জিলা খনৰ ৰুণিখাটা থানাৰ অন্তৰ্গত ৰাণীপুৰ আৰু আমলাইগুৰিত অভিযান চলাই গাঁতত পুতি ৰখা অৱস্থাত মাৰণাস্ত্ৰ আৰু গুলী-গ্ৰেনেড সমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে  আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদ মেলৰ জৰিয়তে এই তথ্য প্ৰকাশ কৰে। বুধবাৰে নিশাৰ পৰা আৰম্ভ কৰা মাৰণাস্ত্ৰ উদ্ধাৰ অভিযানত ৰুণিখাটা থানাৰ অন্তৰ্গত ৰাণীপুৰত পুৱা ৬:৩০ বজাত   প্ৰথমটো সফলতা লাভ কৰে। ৰাণীপুৰ অঞ্চলৰ এখন হাবিত গাঁতত পলিথিন মেৰিয়াই পুতি ৰখা অৱস্থাত ১ টা এ কে চিৰিজৰ ৰাইফল আৰু ২টা মেগজিন, ৭.৬২ মিঃ মিঃ সক্ৰিয় গুলী  ৫০ টা আৰু এটা পেন পিষ্টল উদ্ধাৰ কৰে। দ্বিতীয়টো অভিযানত পুৱা ৯:৩০ বজাত একেখন থানাৰ অন্তৰ্গত আমলাইগুৰিত একে ধৰণে পলিথিনত মেৰিয়াই গাঁতত পুতি ৰখা অৱস্থাত ১টা ৯ মিঃ মিঃ কাৰ্বাইন, ১টা মেগজিন, ৭ টা কাৰখানাত নিৰ্মিত পিষ্টল, ৭টা মেগজিন, ২ টা চাইনিজ হেণ্ড গ্ৰেনেড আৰু ২৫ টা সক্ৰিয় (পিষ্টলৰ) গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষী অধীক্ষক সুধাকৰ সিঙে সংবাদ মাধ্যমৰ আগত পোনপটীয়াকৈ কোনো উগ্ৰপন্থী সংগঠনৰ নাম উল্লেখ কৰা নাই যদিও  উদ্ধাৰ কৰা এই মাৰণাস্ত্ৰ সমূহ পূৰ্বে জিলা খনত সক্ৰিয় হৈ থকা কোনো উগ্ৰপন্থী সংগঠনে এনেদৰে লুকুৱাই ৰখা বুলি মন্তব্য কৰে। আৰক্ষী অধীক্ষকে বিষয়টো সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে। বৃহস্পতিবাৰে এই অভিযান জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত তথা উপ আৰক্ষী অধীক্ষক(সদৰ) প্ৰতাপ দাস, ৰুণিখাটা চক্ৰ পৰিদৰ্শক ৰুস্তমৰাজ ব্ৰহ্ম,ভাৰপ্ৰাপ্ত বিষয়া শান্তিপুৰ আৰক্ষী পহৰা চকীৰ সহযোগত এই অভিযান চলোৱা হৈছিল বুলিও আৰক্ষী অধীক্ষক সিঙে ।      

 

You might also like