নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্মীদেৱীক অপমান, নাম সলনি কৰা হ’ল ছবি ‘লক্ষ্মী বোম্ব’ৰ

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ ঐক্যৰ বার্তা দিবলৈ গৈ ‘লাভ জেহাদ’ৰ বিতৰ্কত পৰিছে অক্ষয় কুমাৰ অভিনীত ছবি ‘লক্ষ্মী বোম্ব’।

হিন্দু ধর্মীয় ভাবাৱেগৰ প্ৰতি ছবিখন এক আঘাত বুলি অভিযোগ উঠিছে। হিন্দু সেনাৰ পৰা অভিযোগ কৰা মতে, হিন্দু ধৰ্মৰ আৰাধ্য দেৱী লক্ষ্মীদেৱীৰ নামৰ লগত বোম্ব শব্দাংশ ব্যৱহাৰ কৰি দেৱী লক্ষ্মীক একপ্ৰকাৰ অপমান কৰা হৈছে। গতিকে ইয়াৰ প্ৰচলন বন্ধ কৰাৰ বাবে সংগঠনটোৰ পৰা দাবী উত্থাপন হৈছে।

এনে পৰিস্থিতিত পৰি ওলোটাই পেলোৱা হ’ল ছবিৰ নাম। নাম দিয়া হ’ল লক্ষ্মী। দৰ্শকৰ মাজত বহুল জনপ্ৰিয়তা অৰ্জন কৰা ছবিখনে মুক্তি লাভ কৰিব নৱেম্বৰত।

ৰাঘৱ লৰেঞ্চ পৰিচালিত ‘লক্ষ্মী বোম্ব’ ছবিখন আছিল দাক্ষিণাত্যৰ ছবি ‘মুনি ২- কাঞ্চনা’ৰ ৰিমেক। কমেডী – হৰৰ ধর্মী এই ছবিতে শাৰী পৰিহিত বৃহন্নলা লক্ষ্মী ওৰফে অক্ষয় কুমাৰে ইতিমধ্যে দর্শকৰ মন হৰণ কৰিছে। নাম সলনি হ’লেও দৰ্শকৰ বিপুল সঁহাৰি আশা কৰিছে পৰিচালক লৰেঞ্চে।

You might also like