কিংবদন্তি অভিনেতা ‘জেমছ বণ্ড’ ছিন ক’নাৰিৰ বিয়োগ
নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ জেমছ বণ্ড হিচাপে পৰিচিত স্কটিছ চলচ্চিত্র জগতৰ কিংবদন্তি অভিনেতা ছিন ক’নাৰিৰ কালি ৯০ বছৰ বয়সত পৰলোকপ্রাপ্তি ঘটিছে৷ ঔপন্যাসিক ইয়ান ফ্লেমিঙৰ দ্বাৰা সৃষ্ট ব্রিটিছ এজেণ্ট–০০৭ত অভিনয়েৰে আন্তর্জাতিক প্রেক্ষাপটত জেমছ বণ্ড হিচাপে সুখ্যাতি লাভ কৰা অভিনেতা ছিন ক’নাৰিৰ চাৰি দশক ধৰি ৰূপালী পর্দাত অভিনয়েৰে বিশ্ববাসীক মুগ্ধ কৰি ৰাখিছিল৷
প্রথম ব্রিটিছ এজেণ্ট–০০৭ত অভিনয় কৰা ছিন ক’নাৰিয়ে পৰৱর্তী জেমছ বণ্ডৰ চৰিত্রৰ ছবি ‘ড০ ন’’, ফ্রম ৰাছিয়া উইথ লাভ’, ‘গ’ল্ডফিংগাৰ’, ‘থাণ্ডাৰবল’ আৰু ইউ অনলী লাইফ টুৱাইছতো অনবদ্য অভিনয় কৰে৷ ইয়াৰ উপৰি তেওঁৰ বিখ্যাত ছবি হ’ল মার্নি, দ্য উইণ্ড এণ্ড লাইন, দ্য মেন হু উড বি কিং, ইণ্ডিয়ানা জুনছ এণ্ড দ্য লাষ্ট ক্রুছেড আৰু দ্য হাণ্ট ফৰ ৰেড অক্টোবৰ৷
আন্তর্জাতিক পর্যায়ত ভদ্র, যৌন আবেদনময় আৰু বিলাসী ব্রিটিছ এজেণ্টৰ ভূমিকাত অভিনয়েৰে সুখ্যাতি অর্জন কৰা ছিন ক’নাৰিক ৫৯ বছৰ বয়সত ১৯৮৯ চনত পিপল মেগাজিনে ‘ছেক্সিয়েষ্ট মেন এলাইভ’ হিচাপে ঘোষণা কৰিছিল৷
এডিনবার্গৰ বস্তিত দৰিদ্রতাৰে সংগ্রাম কৰি জীৱন নির্বাহ কৰা ছিন ক’নাৰি কফিন পৰিষ্কাৰ কৰা, গাখীৰ দিয়াকে ধৰি বিভিন্ন কর্মত নিয়োজিত হৈ থাকি শৰীৰ চর্চা নিজৰ হ’বী কৰি লৈছিল আৰু সেই হ’বীয়েই পাছলৈ ক’নাৰিক অভিনেতা হিচাপে কেৰিয়াৰ গঢ়াত সহায় কৰে আৰু এদিন বিশ্বৰ এগৰাকী মহান তাৰকা হিচাপে স্বীকৃতি লাভ কৰে৷ জেমছ বণ্ডৰ উপৰি কেইবাখনো বিশ্বখ্যাত ছবিত অভিনয় কৰা ছিন ক’নাৰিয়ে ‘দ্য আনটাছেব’লছ’ ছবিত ছিকাগু কপ হিচাপে অভিনয় কৰাৰ স্বীকৃতি হিচাপে একাডেমী এৱার্ড লাভ কৰিছিল৷