নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০০০লৈ বৃদ্ধি এমবিবিএছৰ আসনৰ সংখ্যাঃ কোচ ৰাজবংশী, আহোম, চুতীয়াৰ বাবে আসন সংৰক্ষণ

অৰুণোদয়ত অযোগ্য হিতাধিকাৰীক স্বেচ্ছাই নাম কর্তনৰ আহ্বান মন্ত্রী শর্মাৰ

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ ৰাজ্যৰ কোচ ৰাজবংশী, আহোম আৰু চুতীয়া জনগোষ্ঠীৰ বাবে সুখবৰ৷ এতিয়াৰে পৰা এম বি বি এছ পাঠ্যক্রমত নামভর্তিৰ ক্ষেত্রত কোচ ৰাজবংশীৰ বাবে ৮খন, আহোমৰ বাবে ৫খন আৰু চুতীয়াৰ বাবে ৪খন আসন সংৰক্ষণ হ’ব৷ কালি জনতা ভৱনত আয়োজিত এখন সংবাদ মেলত বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে৷

সংবাদ মেলখনত মন্ত্রী ড০ শর্মাই কয় যে এই বছৰ ডিফু মেডিকেল কলেজত এম বি বি এছ পাঠ্যক্রমত ১০০খন আসন হোৱাৰ লগে লগে ৰাজ্যত আসনৰ সংখ্যা এহাজাৰখনলৈ বৃদ্ধি পালে৷ ছয় জনগোষ্ঠীৰ ভিতৰত মৰাণ, মটক আৰু চাহ জনগোষ্ঠীৰ বাবে এম বি বি এছ পাঠ্যক্রমত ইতিমধ্যে আসন সংৰক্ষণৰ ব্যৱস্থা আছে৷

আসন সংৰক্ষণৰ ব্যৱস্থা নথকা কোচ ৰাজবংশী, আহোম আৰু চুতীয়া জনগোষ্ঠীৰ বাবে এই বছৰৰ পৰা আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে৷ অৱশ্যে এই আসন সংৰক্ষণে সাধাৰণ শ্রেণীক কোনোধৰণে ক্ষতিগ্রস্ত নকৰে বুলি স্পষ্ট কৰি দি তেওঁ কয় যে অন্যান্য পিছপৰা শ্রেণীৰ (অ’ বি চি) বাবে সংৰক্ষিত ২৭ শতাংশ আসনৰ পৰাই কোচ ৰাজবংশী, আহোম আৰু চুতীয়া জনগোষ্ঠীৰ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে৷ তেওঁ আৰু কয় যে অহা বছৰ ১ জানুৱাৰীৰ পৰা লখিমপুৰ মেডিকেল কলেজৰ কাম আৰম্ভ হ’ব৷

অহা বছৰলৈ এম বি বি এছ পাঠ্যক্রমত নামভর্তিৰ আসনৰ সংখ্যা আৰু ১০০খনলৈ বৃদ্ধি পাব৷ নতুন মেডিকেল কলেজসমূহ স্থাপনৰ পূর্বে ৰাজ্যখনত এম বি বি এছৰ আসনৰ সংখ্যা ৩৫০খন আছিল৷ এতিয়া সেই সংখ্যা এহাজাৰখনলৈ বৃদ্ধি পালে৷ শিক্ষামন্ত্রী ড০ শর্মাৰ সেই ঘোষণাৰ পাছতেই সদৌ অসম চুতীয়া ছাত্র সন্থাই মন্ত্রীগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছে৷

সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰাই কয় যে তেওঁলোকে জন্মলগ্ণৰে পৰা চুতীয়া জনগোষ্ঠীৰ বাবে মেডিকেলৰ নামভর্তিত আসন সংৰক্ষণৰ দাবী কৰি আহিছিল৷ এই বছৰৰ পৰা কার্যকৰী হোৱাকৈ জনগোষ্ঠীটোৰ বাবে চাৰিখন আসন সংৰক্ষণৰ ব্যৱস্থা কৰি তেওঁলোকৰ দাবী কার্যকৰী কৰাৰ বাবে মন্ত্রী ড০ শর্মাক ধন্যবাদ জ্ঞাপন কৰে৷

ইপিনে মন্ত্রী ড০ শর্মাই অহা ২২ নৱেম্বৰত গুৱাহাটীত আনুষ্ঠানিকভাৱে অৰুণোদয় আঁচনিৰ শুভাৰম্ভ কৰা হ’ব বুলি প্রকাশ কৰি কয় যে এই আঁচনিৰ ২০ লাখ হিতাধিকাৰী পৰিয়ালৰ চৌহদত অৰুণোদয়ৰ লগ’ (প্রতীক চিহ্ণ) এটা সকলোৱে দেখাকৈ স্থাপন কৰা হ’ব৷ এই লগ’ৰ পৰাই আন লোকে জানিব পাৰিব তেওঁলোক প্রকৃততে এই আঁচনিৰ হিতাধিকাৰী হোৱাৰ যোগ্য নে অযোগ্য৷ অযোগ্যজনে এই আঁচনিৰ হিতাধিকাৰী হোৱা বুলি গোচৰ দিলে তেওঁলোকৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰা হ’ব৷

সেয়ে তেওঁ অযোগ্য হিতাধিকাৰীসকলক স্বেচ্ছাই নাম কর্তন কৰি যোগ্যজনক সেই সুবিধা দিয়াৰ বাবে আহ্বান জনায়৷ ইফালে লখিমপুৰ, ঢ়কুৱাখনা, শদিয়া আদিত আহোম, মৰাণ, মটক, চুতীয়া জনগোষ্ঠীৰ সংৰক্ষিত শ্রেণীত সন্নিৱিষ্ট নোহোৱা বাবেই ভূমি ক্রয়ৰ সুবিধা নোপোৱাৰ পৰিপ্রেক্ষিতত চৰকাৰে মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ অধ্যক্ষতাত এখন কেবিনেট উপ–সমিতি গঠন কৰি দিছে বুলি মন্ত্রী ড০ শর্মাই প্রকাশ কৰে৷ তেওঁ কয় যে এসময়ত শদিয়া চুতীয়াসকলৰ ৰাজধানী আছিল৷ কিন্তু সংৰক্ষিত শ্রেণীত তেওঁলোক সন্নিৱিষ্ট নোহোৱা বাবেই তাত ভূমি ক্রয়ৰ সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে৷ সেই বিষয়সমূহ নিষ্পত্তিৰ বাবে চৰকাৰে কেবিনেট উপ–সমিতিখন গঠন কৰি দিছে৷

You might also like