নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বড়োভূমিৰ শাসনত বহিব বিজেপিঃ বাসুগাঁৱত ৰঞ্জিত দাস

নিয়মীয়া বাৰ্তা ৪ নৱেম্বৰঃ বিধানসভা নির্বাচনৰ পূর্বে বিটিআৰ দখলেৰে ৰাজনৈতিক শক্তি প্রদর্শন কৰাৰ লক্ষ্যৰে শাসকীয়  বিজেপিয়ে বড়োভূমিত আৰম্ভ কৰিছে ব্যাপক কুচকাৱাজ৷ বিটিআৰত হাগ্রামা মহিলাৰীৰ ১৫ বছৰীয়া কার্যকালৰ পৰিৱর্তন বিচাৰি সৃষ্টি হোৱা ঢ়ৌৰ সুযোগ লৈ বিটিআৰ দখলৰ বাবে নামি পৰা বিজেপিয়ে এককভাৱে বিটিচিত ক্ষমতা লাভৰ সমীকৰণতো নামি পৰিছে৷ এই লক্ষ্যৰে আজি চিৰাঙৰ বাসুগাঁৱত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ মুকলি ঘোষণা– বিটিআৰত বিজেপি এইবাৰ লীডাৰশ্বিপ অথবা পার্টনাৰশ্বিপেৰে শাসনত থাকিব৷ চিৰাং জিলাৰ বাসুগাঁৱৰ পৌৰসভাৰ সভাকক্ষত অনুষ্ঠিত গেৰুৱা দলটোৰ কার্যনির্বাহক সভাত উপস্থিত থাকি মুকলিকৈ বিপিএফৰ বিৰুদ্ধে হুংকাৰ দি ৰঞ্জিত দাসে কয়– বিটিএডিত বিজেপিৰ ৫.৪০ লাখ কার্যকর্তা আছে৷ এই বিশালসংখ্যক কার্যকর্তাই এইবাৰ বিটিআৰত বিজেপি শাসনলৈ অহাটো বিচাৰিছে৷ সেই লক্ষ্যৰে ইতিমধ্যে সাংগঠনিক কাম–কাজ আৰম্ভ হৈছে৷ নির্বাচনৰ পিছতেই বড়োভূমিত শাসনৰ অংশীদাৰ হ’ব বিজেপি৷ আমি বিটিচিত ২৬খন আসনত প্রতিদ্বন্দ্বিতাত নামিছোঁ৷ আনহাতে এজন নির্দলীয়ক বিজেপিয়ে সমর্থন দিছে৷ গতিকে আমি এককভাৱে এইবাৰ ২১খন আসন দখল কৰাটো নিশ্চিত৷ ইয়াৰ বাবে আমাক কোনো দলৰ সহায়ৰ প্রয়োজন নাই৷ মন কৰিবলগীয়া যে বিটিচি নির্বাচনত এককভাৱে প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা বিজেপিয়ে জোৰদাৰ অভিযান আৰম্ভ কৰিছে৷ বিজেপিৰ এনে তৎপৰতাৰ ফলতেই বিটিআৰত প্রথমবাৰৰ বাবে প্রত্যাহ্বানৰ সন্মুখীন হৈছে বিপিএফ৷ পৰিস্থিতি–পৰিৱেশলৈ চাই ধাৰণা কৰিব পাৰি যে বিজেপিক বাদ দি কোনো দলেই পৰৱর্তী পৰিষদ গঠন কৰিব নোৱাৰে৷ বিশেষকৈ বহুকেইটা সমষ্টিত বিজেপি প্রার্থীৰ বাবেই এইবাৰ আসন হেৰুওৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে বিপিএফৰ৷ হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ বাবে বিজেপিৰ লগতে এইবাৰ তীব্র প্রত্যাহ্বানৰ সৃষ্টি কৰিছে ইউপিপিএলেও৷ এনে অৱস্থাত খোদ হাগ্রামা মহিলাৰীৰ লগতে খাম্ফা বৰগয়াৰীৰ ভেটিতো বিজেপিয়ে কঁপনি তোলাৰ সম্ভাৱনা আছে৷ তুংগত থকা এনে ৰাজনৈতিক পৰিৱেশৰ মাজতে আজি বাসুগাঁৱত ৰঞ্জিত দাসে বিটিচিত লীডাৰশ্বিপ লোৱাৰ হুংকাৰ দিয়া ঘটনাই বিশেষ তাৎপর্য বহন কৰিছে৷ দলীয় সভাত ৰঞ্জিত দাসৰ মন্তব্য– বিজেপিয়ে এইবাৰ বিটিচিৰ ৰাইজৰ লগতহে মিত্রতা কৰিছে কোনো ৰাজনৈতিক দলৰ লগত নহয়৷ বিটিচিৰ কেইবাটাও পৰিষদ আমাৰ দখলত আছে৷ গতিকে বিটিচিত আমাৰ জয় নিশ্চিত৷ লগতে তেওঁ কয় যে ৰাহুল গান্ধীয়েই যেতিয়া বিজেপিক গ’ল দিব নোৱাৰিলে, বাকীবোৰৰ কথা কৈ লাভ নাই৷ বিজেপিক গ’ল দিব বিচৰাসকলে শূন্যতে গ’ল দিব লাগিব বুলি কয় ৰঞ্জিত দাসে৷ প্রতিটো জিলা মণ্ডল আৰু বুথ কমিটী পর্যায়ত আমাৰ দলীয় কার্যকলাপ চলিয়ে আছে৷ সভাৰ অন্তত সাংবাদিকৰে সৈতে হোৱা বার্তালাপত তেওঁ কয় যে এ আই ইউ ডি এফৰ উত্থানত কংগ্রেছ শংকিত হৈছে৷ সেয়ে কংগ্রেছে মিঞা ৰাজনীতিৰে মিঞা মিউজিয়ামৰ ৰাজনীতি আৰম্ভ কৰিছে৷ ৰাজ্যিক সভাপতিগৰাকীয়ে সভাত বিটিচিৰ বাহিৰৰ বড়োসকলে বিজেপিক সমর্থন জনোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে নৱেম্বৰৰ শেষৰ পিনে অসমবাসীয়ে জানিবলৈ পাব কিমান নেতাই বিজেপিত যোগদান কৰিব বিচাৰি আছে৷ আনহাতে, কোকৰাঝাৰৰ তুলসীবাৰীৰ ঘটনা সন্দর্ভত কয় যে এই এটা মাত্র পৰিয়াল নহয়, ভাৰতৰ বহু ঠাইত তেনে হৈছে৷ মোদী চৰকাৰে এই ক’ৰোনাকালত বহু সহায় কৰিছে৷ গতিকে খাদ্যৰ অভাৱত কোনো লোকৰ মৃত্যু হোৱা নাই বুলি দাবী কৰে দাসে৷ আনহাতে আজিৰ দলীয় কার্যনির্বাহকত মন্ত্রী ভবেশ কলিতা, চিৰাং জিলাৰ সভাপতি বিপ্লৱ দেৱনাথ, সাংগঠনিক সম্পাদক ফণীন্দ্র নাথ শর্মা, যুৱ মর্চাৰ সভাপতি অনুপ বর্মন, দলৰ ৰাজ্যিক সম্পাদক সুকুমাৰ বিশ্বাস, বিটিচিৰ ১৩নং চিৰাং পৰিষদীয় সমষ্টিৰ প্রার্থী অলক বসুমতাৰীৰ লগতে বহুকেইজন নেতাও উপস্থিত আছিল৷ আজিৰ এই বিশেষ সাংগঠনিক সভাতে বিভিন্ন ৰাজনৈতিক তথা অৰাজনৈতিক ক্ষেত্রৰ পৰা অহা প্রায় ডেৰ শতাধিক লোকে বিজেপিত যোগদান কৰে৷ সভাপতি দাসে সকলোকে দললৈ উষ্ম আদৰণি জনায়৷

You might also like