কংগ্রেছৰ ক’ৰ কমিটীৰ বৈঠকত মহাজোঁট গঠনৰ সিদ্ধান্তত মোহৰ
দলীয় অনুশাসন মানিবলৈ নির্দেশ পর্যবেক্ষক জিতেন্দ্র সিঙৰ
নিয়মীয়া বাৰ্তা ৪ নৱেম্বৰঃ নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ পর্যবেক্ষক জিতেন্দ্র সিঙৰ উপস্থিতিত আজি নিশা গুৱাহাটীত হোটেল গেটৱে’ গ্রেণ্ডৱেৰত অনুষ্ঠিত প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীৰ বৈঠকত কার্যতঃ ছীল–মোহৰ মৰা হয় কংগ্রেছৰ মহাজোঁট গঠনৰ প্রক্রিয়াত৷ আসন্ন বিধানসভা নির্বাচনত বিজেপিক উৎখাতৰ স্বার্থত গণতান্ত্রিক, ধর্মনিৰপেক্ষ ৰাজনৈতিক দল আৰু শক্তিৰে মহাজোঁট গঠন কৰি নির্বাচনত অৱতীর্ণ হোৱাৰ সিদ্ধান্ত গ্রহণ কৰে৷ ইয়াৰ লগে লগে প্রস্তাৱিত মহাজোঁটে একপ্রকাৰ আনুষ্ঠানিক ৰূপ লাভ কৰিলে নিখিল ভাৰত কংগ্রেছ কমিটীয়ে নিয়োগ কৰা পর্যবেক্ষকৰ উপস্থিতিত৷ অৱশ্যে কোন কোন দলৰে এই মহাজোঁট গঠন হ’ব, সেই সম্পর্কত পৰৱর্তী পর্যায়ত এ আই চি চিয়ে আনুষ্ঠানিকভাৱে অনুমোদন জনাব৷ তদুপৰি বিজেপিক পৰাভূত কৰাৰ স্বার্থত ৰাজ্যখনত কংগ্রেছৰ সাংগঠনিক শক্তি বৃদ্ধি কৰাৰ বাবেও বৈঠকে পোষকতা কৰে৷ সেইদৰে আসন্ন বিধানসভা নির্বাচনত কেনেধৰণৰ ৰণনীতিৰে দল অগ্রসৰ হ’ব, সেই সম্পর্কেও বৈঠকত বিস্তৃত ৰূপত আলোচনা কৰে৷ বৈঠকত দলৰ অনুশাসনৰ বিষয়টোৰ ওপৰতো গুৰুত্বসহকাৰে আলোচনা কৰি দলীয় শৃংখলা অটুট ৰাখিবলৈ পর্যবেক্ষক সিঙে নির্দেশ দিয়ে৷ অনুশাসন ভংগৰ ক্ষেত্রত কোনোধৰণৰ আপোচ নকৰিবলৈ প্রদেশ কংগ্রেছৰ নেতৃত্বক সকীয়াই দি পর্যবেক্ষক সিঙে অনুশাসন উলংঘনৰ কোনো ঘটনা ঘটিলেই লগে লগেই সেয়া নিষ্পত্তিৰ ক্ষেত্রত ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়ে৷
বটদ্রৱাত ক’ভিড প্রট’কল ভংগ কৰি বৃহৎসংখ্যক কংগ্রেছ কর্মীৰে জিতেন্দ্র সিং
‘বটদ্রৱাত সেৱা লৈ মই প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ আৰোগ্য প্রার্থনা কৰিছোঁ’– এই মন্তব্য এআইচিচিৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙৰ৷ আজি পুৱাৰ ভাগত বটদ্রৱা থানত সেৱা লৈ ‘এই পৱিত্র ধামৰ শান্তি সমগ্র ৰাজ্যত বিয়পি পৰক’ বুলি মন্তব্য কৰে প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়কজনে৷ নির্বাচন চমু চাপি অহাৰ লগে লগে গুৰুজনাৰ জন্মস্থানবটদ্রৱাল্ সোঁত বৈছে প্রদেশ কংগ্রেছৰ শীর্ষ নেতৃত্বৰ৷ বিগত ১৫ বছৰীয়া শাসন কালত বটদ্রৱা থানৰ ভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম নোহোৱা কংগ্রেছে এইবাৰ নির্বাচনৰ সময়তবটদ্রৱাত উন্নয়ন হোৱা নাই বুলি প্রচাৰ চলাইএকপ্রকাৰ আৰম্ভ কৰিলে নির্বাচনী প্রচাৰ অভিযান৷ জগতগুৰু শ্রীমন্ত শংকৰদেৱৰ পৱিত্র জন্মস্থান বটদ্রৱা থানত আজি পুৱাই আহি সদলবলে উপস্থিত হয় জিতেন্দ্র সিং৷ পুৱাই অসমীয়া জাতীয় সাজপাৰ পৰিধান কৰি বটদ্রৱা থানৰ কীর্তনঘৰত সেৱা লৈ থান দর্শন কৰি আপ্লুত হৈ পৰে৷ পিছত বটদ্রৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শ্রীশ্রীনৰোৱা সত্রৰ সত্রাধিকাৰ দেৱানন্দ দেৱগোস্বামী আৰু সাধাৰণ সম্পাদক ইন্দ্রমোহন বৰুৱাই জিতেন্দ্র সিঙক গামোচা, চেলেং, গ্রন্থৰে আদৰণি জনায়৷ জিতেন্দ্র সিঙে দুয়োৰে সৈতে থানৰ কার্যালয়ত এক আলোচনাত মিলিত হয়৷ ক’ভিড প্রট’কল ভংগ কৰি সিঙে বটদ্রৱা থানত প্রৱেশ কৰাৰ সময়ত কংগ্রেছ দলৰ নেতা–কর্মীৰ উপস্থিতিত জনসমুদ্রত পৰিণত হয় বটদ্রৱা৷ তেওঁৰ লগতে উপস্থিত থাকে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, দেৱব্রত শইকীয়া, প্রাক্তন মন্ত্রী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন, শিৱামণি বৰা, অভিজিৎ বৰাকে ধৰি প্রদেশ কংগ্রেছৰ কেইবাগৰাকীও বিষয়ববীয়া৷ বটদ্রৱা থানত সেৱা লৈ নিজকে ধন্য মনাৰ লগতে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰে প্রদেশ কংগ্রেছৰ পর্যবেক্ষক জিতেন্দ্র সিঙে৷ তাৎপর্যপূর্ণভাৱে জিতেন্দ্র সিঙে বটদ্রৱা থানত প্রৱেশ কৰাৰ আগত বটদ্রৱা শলগুৰি সত্রৰ সত্রাধিকাৰ যোগেন্দ্র নাৰায়ণ দেৱমহন্ত আৰু নৰোৱা সত্রৰ সত্রাধিকাৰ দেৱানন্দ দেৱগোস্বামীৰ গৃহত প্রৱেশ কৰি ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়৷
অসমত কংগ্রেছৰ চৰকাৰ হ’বঃ চামগুৰিত জিতেন্দ্র সিং
শাসনাধীন বিজেপি চৰকাৰৰ প্রতাৰণা ৰাইজেবুজি উঠিছে৷ এই দুদিন অসমত থাকি বুজি পাইছোঁ অসমত বাস কৰা বিভিন্ন জাতি–জনগোষ্ঠীৰ মানুহৰ দুখ–দুর্দশাৰ কথা৷ বিজেপি নেতৃত্বাধীন চৰকাৰখনে সাধাৰণ লোক আৰু খেতিয়কসকলক প্রতাৰণা কৰিছে৷ আমি সেই কাৰণে ৰাইজৰ সমস্যা বুজিবৰ বাবে ৰাইজৰ মাজলৈ আহিছেছা৷ ৰাইজৰ কষ্ট আৰু পৰিস্থিতিৰ বুজ লৈছোঁ৷ –এই মন্তব্য নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙৰ৷ প্রাক্তন মন্ত্রী তথা বিৰোধী উপ–দলপতি ৰকিবুল হুছেইনৰ গৃহ সমষ্টি চামগুৰিৰ আমনিত যোৱানিশা প্রায় ৮.৩০ বজাত কেইবাসহস্র কংগ্রেছ কর্মী–সমর্থক উপস্থিত থকা সভাখনত উপস্থিত থাকি তেওঁ কয় যে আগন্তুক বিধানসভা নির্বাচনত অসমত কংগ্রেছ দল জয়ী হোৱাটো নিশ্চিত৷ এইবাৰ অসমত কংগ্রেছৰ চৰকাৰ হ’ব বুলিও তেওঁ মন্তব্য কৰে৷ কংগ্রেছৰ দুর্গ ৰূপে খ্যাত চামগুৰি সমষ্টিৰ ৰাইজে আগন্তুক বিধানসভা নির্বাচনত ৰকিবুল হুছেইনক বিপুল ভোটত জয়ী কৰাব বুলি ভাষণ প্রসংগত জিতেন্দ্র সিঙে উল্লেখ কৰে৷ উক্ত সভাখনত অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই উপস্থিত থাকি ভাষণ প্রসংগত কয় যে চামগুৰি সমষ্টিৰ ৰাইজৰ মৰমৰ বাবেই ৰকিবুল হুছেইন একেৰাহে চাৰিবাৰকৈ বিধানসভা নির্বাচনত জয়ী হৈছে৷ চামগুৰিটো কংগ্রেছৰ দুর্গ৷ কাৰণ প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই ইয়াত ৰকিবুল হুছেইনৰ বিপৰীতে প্রতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল৷ গতিকে এইবাৰ চামগুৰিৰ লগতে কলিয়াবৰ আৰু বঢ়মপুৰতো কংগ্রেছ দলৰ প্রার্থী জয়ী হ’ব বুলি অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই দাবী কৰে৷ বিৰোধী দলপতি দেৱব্রত শইকীয়া আৰু নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্রদ্যুৎ বৰদলৈ উপস্থিত থকা উক্ত সভাখনত প্রাক্তন মন্ত্রী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে বিজেপি চৰকাৰখনক কঠোৰ সমালোচনা কৰি কয় যে উজনিৰ পৰা আৰম্ভ হোৱা সভাসমূহৰ লগতে আমনিত হোৱা এই সভাখনত ৰাইজৰ সমাৱেশ দেখি বিজেপিৰ নেতা–কর্মীসকল শংকিত হৈ পৰিছে৷ কাৰণ বিজেপি চৰকাৰখনে ভাগ ভাগ কৰি ৰাইজৰ মনবোৰ বেয়া কৰি পেলাইছে৷ আনহাতে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰি নগাঁওবাসীক নিজৰ নিজৰ উপাসনাস্থলীত প্রার্থনা কৰিবলৈ আহ্বান জনায় হুছেইনে৷