মহম্মদক অপমানৰ বিৰুদ্ধে পাকিস্তানী তৰুণীৰ শিৰশ্ছেদৰ প্রশিক্ষণ
নিয়মীয়া বাৰ্তা ৪ নৱেম্বৰঃ ফৰাচী ৰম্য আলোচনী চার্লি হেব্ড’ৱে পয়গম্বৰ হজৰত মহম্মদক লৈ পুনৰ কার্টুন প্রকাশ কৰাৰ পিছতে পাকিস্তানে মানুহৰ শিৰশ্ছেদ কেনেদৰে কৰিব লাগে তাৰ প্রশিক্ষণ দিছে তৰুণীসকলক৷ তৰুণীসকলক এই শিৰশ্ছেদৰ প্রশিক্ষণ দিয়া ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈছে৷ বোর্খা পৰিহিতা কম বয়সীয়া পাকিস্তানী ছোৱালীয়ে প্রশিক্ষকৰ নির্দেশ লৈ শিৰশ্ছেদ কৰাৰ অনুশীলন চলোৱা কার্যক লৈ বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷ তৰোৱাল লৈ এক প্রতিকৃতিৰ শিৰশ্ছেদ কৰা এই ভিডিঅ’ৰ পিছতে ইউৰোপজুৰি সৃষ্টি হৈছে পাকবিৰোধী প্রতিবাদ৷ এই ভিডিঅ’ৰ জৰিয়তে এটা কথাকেই প্রতিপন্ন কৰা হৈছে যে হজৰত মহম্মদক অপমান কৰা মানেই শাস্তি শিৰশ্ছেদ৷ গুলপীয়া পোছাক পৰিহিতা তৰুণীসকলে শিৰশ্ছেদৰ সময়ত বিভিন্ন শ্লোগান দিয়াও পৰিলক্ষিত হৈছে৷ লক্ষণীয়ভাৱে এই ভিডিঅ’ৰ দ্বিতীয় অংশত এগৰাকী মহিলাই ফ্রান্সৰ বিৰুদ্ধে ঘৃণাজনিত ভাষণ দিয়া শুনিবলৈ পোৱা গৈছে৷ স্মর্তব্য যে কট্টৰ ইছলামপন্থীৰ বিৰুদ্ধে ফৰাচী ৰাষ্ট্রপতি ইমানুৱেল মেক্র’নে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব বুলি ঘোষণা কৰাৰ পিছৰে পৰা ফ্রান্সবিৰোধী বিক্ষোভত উত্তাল হৈ আছে মুছলমান বিশ্ব৷